--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২৩। কিছুদিন পূৰ্বে এছিয়ান ক্ৰিকেট কাউন্সিলে এই প্ৰতিযোগিতাখনৰ সূচী প্ৰকাশ কৰিছিল। এছিয়া কাপত মুঠ ১৩খন খেল অনুষ্ঠিত হ’ব। এইবাৰ এছিয়া কাপ এদিনীয়া (৫০ অভাৰ) ফৰ্মেটত অনুষ্ঠিত হ’ব। একে সময়তে সকলো মেচৰ টাইমিঙো চৰ্চালৈ আহিছে। ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা প্ৰতিযোগিতাখনৰ আটাইকেইখন খেল অনুষ্ঠিত হ’ব।

ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান আৰু নেপালকে ধৰি মুঠ ছটা দলে অংশগ্ৰহণ কৰিব। সকলো দলকে ৩-৩ কৈ দুটা গ্ৰুপত ভাগ কৰা হৈছে। ভাৰত, পাকিস্তান আৰু নেপালক গ্ৰুপ-এত স্থান দিয়া হৈছে। আনহাতে, বাংলাদেশ, আফগানিস্তান আৰু ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকাক গ্ৰুপ-বিত স্থান দিয়া হৈছে। এই প্ৰতিযোগিতাখন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব, য’ত গ্ৰুপ পৰ্যায় আৰু ছুপাৰ-৪ পৰ্যায় অন্তৰ্ভুক্ত কৰা হ’ব।

দুখন দেশৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ ৪খন মেচ পাকিস্তানত আৰু ৯খন খেল শ্ৰীলংকাত অনুষ্ঠিত হ’ব। পাকিস্তানত লাহোৰ আৰু মুলতান চহৰত খেল অনুষ্ঠিত হ’ব।শ্ৰীলংকাত কেণ্ডি আৰু কলম্বোত ৯খন খেল অনুষ্ঠিত হ’ব। বহুজাতিক প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল পাকিস্তানৰ লাহোৰত অনুষ্ঠিত হ’ব আৰু চূড়ান্ত খেলখন ১৭ ছেপ্টেম্বৰত শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হ’ব। এই সময়ছোৱাত পাকিস্তান দলে ঘৰুৱা ক্ষেত্ৰত গ্ৰুপ পৰ্যায়ত মাত্ৰ এখন মেচ (প্ৰথম মেচ)হে খেলিব। একে সময়তে ২ ছেপ্টেম্বৰত এই প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তানৰ মাজত এখন ডাঙৰ মেচ দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ