--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২৩। কিছুদিন পূৰ্বে এছিয়ান ক্ৰিকেট কাউন্সিলে এই প্ৰতিযোগিতাখনৰ সূচী প্ৰকাশ কৰিছিল। এছিয়া কাপত মুঠ ১৩খন খেল অনুষ্ঠিত হ’ব। এইবাৰ এছিয়া কাপ এদিনীয়া (৫০ অভাৰ) ফৰ্মেটত অনুষ্ঠিত হ’ব। একে সময়তে সকলো মেচৰ টাইমিঙো চৰ্চালৈ আহিছে। ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা প্ৰতিযোগিতাখনৰ আটাইকেইখন খেল অনুষ্ঠিত হ’ব।

ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান আৰু নেপালকে ধৰি মুঠ ছটা দলে অংশগ্ৰহণ কৰিব। সকলো দলকে ৩-৩ কৈ দুটা গ্ৰুপত ভাগ কৰা হৈছে। ভাৰত, পাকিস্তান আৰু নেপালক গ্ৰুপ-এত স্থান দিয়া হৈছে। আনহাতে, বাংলাদেশ, আফগানিস্তান আৰু ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকাক গ্ৰুপ-বিত স্থান দিয়া হৈছে। এই প্ৰতিযোগিতাখন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব, য’ত গ্ৰুপ পৰ্যায় আৰু ছুপাৰ-৪ পৰ্যায় অন্তৰ্ভুক্ত কৰা হ’ব।

দুখন দেশৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ ৪খন মেচ পাকিস্তানত আৰু ৯খন খেল শ্ৰীলংকাত অনুষ্ঠিত হ’ব। পাকিস্তানত লাহোৰ আৰু মুলতান চহৰত খেল অনুষ্ঠিত হ’ব।শ্ৰীলংকাত কেণ্ডি আৰু কলম্বোত ৯খন খেল অনুষ্ঠিত হ’ব। বহুজাতিক প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল পাকিস্তানৰ লাহোৰত অনুষ্ঠিত হ’ব আৰু চূড়ান্ত খেলখন ১৭ ছেপ্টেম্বৰত শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হ’ব। এই সময়ছোৱাত পাকিস্তান দলে ঘৰুৱা ক্ষেত্ৰত গ্ৰুপ পৰ্যায়ত মাত্ৰ এখন মেচ (প্ৰথম মেচ)হে খেলিব। একে সময়তে ২ ছেপ্টেম্বৰত এই প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তানৰ মাজত এখন ডাঙৰ মেচ দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু