--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ১৫ বছৰীয়া এটি সম্পৰ্কৰ অৱসান ঘটিছিল৷ এটি মধুৰ সম্পৰ্কৰ বিচ্ছেদ ঘটিছিল৷ এই খবৰ বনজুইৰ দৰে মুহুৰ্ততে বিয়পি পৰিছিল৷ আমি ক'ব বিচাৰিছো বলীউড তাৰকা আমিৰ খান আৰু কিৰণ ৰাওৰ কথা৷ ১৫ বছৰ একেলগে অতিবাহিত কৰাৰ পাছত বিগত বৰ্ষত দুয়োৱে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছিল৷ বিবাহ বিচ্ছেদৰ ঘোষণাৰ পাছত ছ'চিয়েল মিডিয়াত উৰাবাতৰি ওলাইছিল যে 'গজনী' অভিনেতাজনে আন কাৰোবাৰ সৈতে তেওঁৰ সম্পৰ্কৰ বাবে বিবাহ বিচ্ছেদ কৰিছিল। শেহতীয়াকৈ এক বাৰ্তালাপৰ সময়ত খানে তেওঁৰ বিবাহ বিচ্ছেদৰ বিষয়ে অৱগত কৰিছিল। তেওঁ দাবী কৰিছিল যে তেওঁৰ প্ৰথম পত্নী ৰীণা দত্তৰ পৰা তেওঁৰ বিবাহ বিচ্ছেদ কিৰণৰ কাৰণে হোৱা নাছিল। তেওঁ লগতে কৈছিল যে যেতিয়া তেওঁ ৰীণাৰ পৰা পৃথক হৈছিল তেতিয়া তেওঁৰ জীৱনত কোনো নাছিল। তেওঁ যদিও কিৰণক চিনি পাইছিল, তেওঁলোক বহু পাছতহে বন্ধু হৈ পৰিছিল। যেতিয়া তেওঁক প্ৰশ্ন কৰা হৈছিল যে কিৰণৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ তেওঁৰ কোনো নতুন সম্পৰ্কত থকাৰ বাবে নেকি, অভিনেতাজনে কৈছিল যে সেই সময়ত কোনো নাছিল, এতিয়াও কোনো নাই। ২০২১ চনৰ জুলাই মাহত আমিৰ আৰু কিৰণে এক যুটীয়া বিবৃতিত কয়, 'এই ১৫টা বছৰত আমি একেলগে জীৱনজোৰা অভিজ্ঞতা, আনন্দ আৰু হাঁহি ভাগ-বতৰা কৰিছো আৰু আমাৰ সম্পৰ্ক কেৱল বিশ্বাস, সন্মান আৰু প্ৰেমত অটুত আছিল। এতিয়া আমি আমাৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰো-এতিয়া স্বামী আৰু পত্নী হিচাপে নহয়, কিন্তু ইজনে-সিজনৰ বাবে সহপিতৃ-মাতৃ আৰু পৰিয়াল হিচাপে। আমি কিছু সময় আগতে এক পৰিকল্পিত বিচ্ছেদ আৰম্ভ কৰিছিলো আৰু এতিয়া এই ব্যৱস্থাক আনুষ্ঠানিক ৰূপ দিবলৈ স্বাচ্ছন্দ্য অনুভৱ কৰিছো, পৃথকে জীয়াই থকাৰ তথাপিও এক সম্প্ৰসাৰিত পৰিয়ালৰ দৰে আমাৰ জীৱন ভাগ-বতৰা কৰা।' কৰ্মক্ষেত্ৰত তেওঁক পৰৱৰ্তী সময়ত কৰীণা কাপুৰ খান আৰু মনা সিং অভিনীত 'লাল সিং চাড্ডা'ত দেখা যাব। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু