--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইন যুদ্ধ ১৯ দিন ধৰি অব্যাহত আছে। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, ইউক্ৰেইনৰ পৰা ২.৬ নিযুতৰো অধিক লোক পলায়ন কৰিবলৈ বাধ্য হৈ পৰিছে। দেওবাৰে লভিভৰ এটা সামৰিক ঘাটীত বিমান আক্ৰমণত প্ৰায় ৩৫জন লোক নিহত হৈছিল। ইয়াৰ মাজতে, শ্বাহৰুখ খানে যুদ্ধৰ ক্ষতিৰ বিষয়ে কোৱা এটা পুৰণি ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা, ভিডিঅ'টোত এছআৰকে-য়ে যুদ্ধৰ 'অসাৰ্থকতা, দুখ আৰু একাকীত্ব'ৰ বিষয়ে কোৱা দেখা গৈছে।

কিংখানৰ ভিডিঅ' ভাইৰেল

যুদ্ধৰ অসাৰ্থকতাৰ বিষয়ে কোৱা শ্বাহৰুখ খানৰ ভিডিঅ'টোৰ প্ৰাসংগিকতা এতিয়া ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে নতুনকৈ বিচাৰি উলিয়াইছে। অনুৰাগীসকলে ইয়াক চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সৈতে সম্পৰ্কিত কৰি বিচাৰ কৰিছে। ভাইৰেল ভিডিঅ'টোত কিংখানে কৈছে যে, 'কেৱল মৃতসকলেহে যুদ্ধৰ সমাপ্তি দেখিছে। কোনেও নাজানে যে কেতিয়া যুদ্ধ সমাপ্ত হ'ব। মৃত্যুতেই পৰিসমাপ্তি ঘটে যুদ্ধৰ৷ গতিকে যুদ্ধই ধ্বংসৰ বাদে একো নিদিয়ে।' অভিনেতাজনে লগতে কয়, 'যুদ্ধত যথেষ্ট দুখ আছে আছে একাকীত্ব। যুদ্ধৰ কাৰণ যিয়েই নহওক, ভাল, বেয়া, কুৎসিত, প্ৰতিশোধ, ভাল শক্তিশালী, সময়ৰ প্ৰয়োজনীয়তা - সত্যটো হ'ল যুদ্ধ মানেই ধ্বংস। যুদ্ধ শান্তি আৰু মংগলৰ বিকল্প নহয়। যুদ্ধ প্ৰেম, আলোচনা, আনকি কাজিয়াৰ বিকল্প নহয়। যুদ্ধক কোনোৱে সমৰ্থন জনাব নালাগে।'

শুভমুক্তিৰ দিশে কিং খানৰ পাঠান

Shah Rukh Khan to hit 'Pathan,' Atlee directorial sets soon | NewsBytes ২০১৮ চনত জিৰোৰ মুক্তিৰ পাছত 'পাঠান' ছবিৰ জৰিয়তে কামবেকৰ বাবে সাজু হৈছে শ্বাহৰুখ খান। অভিনেতাজনে অলপতে টুইটাৰত পাঠানৰ টিজাৰ শ্বেয়াৰ কৰি লিখিছিল, 'মই জানো যে পলম হৈছে কিন্তু মনত ৰাখিব পাঠানৰ মুক্তিৰ দিন এতিয়া ২৫ জানুৱাৰী, ২০২৩। হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি লাভ কৰি ছবিখনে। কেৱল আপোনাৰ ওচৰৰ ডাঙৰ পৰ্দাত #YRF50 সৈতে #Pathaan উদযাপন কৰক।' টিজাৰত, জন আব্ৰাহাম আৰু দীপিকা পাডুকনকো দেখা গৈছে৷ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে