--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰখ্যাত অৰ্থনীতিবিদ, ভাৰতৰ প্ৰাক্তন মুখ্য সাংবাদিক প্ৰণৱ সেনৰ এক সাক্ষাৎকাৰ দেশজুৰি চৰ্চিত হৈছে৷ এই সাক্ষাৎকাৰটোৱে উন্মোচন কৰিছে ভাৰতীয় অৰ্থনীতিক পৰিস্থিতিৰ শেহতীয়া গতি-বিধি৷ এটা ডিজিটেল সংবাদ প্ৰতিষ্ঠানৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰণৱ সেনে ক'ভিডে জোকাৰি যোৱা ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হ'বলৈ ধৰা বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ অৱশ্যে তেওঁ ব্যক্তিগত ব্যৱহাৰ, এমএছএমই আৰু নিযুক্তিৰ ক্ষেত্ৰত অৰ্থনৈতিক ব্যৱস্থা এতিয়াও সুস্থিৰ হোৱা নাই বুলি মন্তব্য কৰিছে৷ সাক্ষাৎকাৰটোত অৰ্থনীতিবিদগৰাকীয়ে মুঠ ঘৰুৱা উৎপাদনত (জিডিপি)ৰ হাৰ ৮.৪% বৃদ্ধিক প্ৰশংসনীয় আৰু তাক এক 'সকাহ' বুলি মন্তব্য কৰিছে৷ তেওঁ কয় যে ভাৰতৰ অৰ্থনীতি মহামাৰীৰ পূৰ্বৰ স্তৰৰ অৱস্থালৈ ঘূৰি আহিছে৷ অৱশ্যে, তেওঁ ব্যক্তিগত ব্যৱহাৰ, এমএছএমই আৰু নিযুক্তিৰ ক্ষেত্ৰত গুৰুতৰ সমস্যাসমূহৰ কথা উল্লেখ কৰি আৰু এই সমস্যাসমূহৰে মোকাবিলা কৰাৰ কোনো সহজ বা কাৰ্যকৰী উপায় নাই বুলি মন্তব্য কৰে৷ জিডিপি আৰু অৰ্থনীতিৰ শেহতীয়াকৈ প্ৰকাশিত দ্বিতীয়-চতুৰ্থাংশৰ ফলাফলক অৰ্থনীতিয়ে নিৰ্ণায়কভাৱে এক কোণলৈ পৰিৱৰ্তন কৰাৰ লক্ষণ হিচাপে বিশদ ব্যাখ্যা কৰা আগবঢ়ায়৷ সম্পূৰ্ণ পৰিসংখ্যাত ৩৫.৭৩ লাখ কোটি টকা দুবছৰ আগৰ মহামাৰী-পূৰ্ব স্তৰৰ তুলনাত মাত্ৰ এক ভগ্নাংশ অধিক, এইক্ষেত্ৰত চৰকাৰে কেনেকৈ সান্ত্বনা ল'ব পাৰিব বুলি সোধাত তেওঁ কয়, এইবোৰ উৎসাহজনক পৰিসংখ্যা আৰু আমি সঁচাকৈয়ে প্ৰাক-ক’ভিড স্তৰলৈ ঘূৰি অহাৰ গুৰুত্ব কমাব নালাগে, লাগিলে এক ভগ্নাংশৰ দ্বাৰা হ'লেও হওক৷ কিয়নো দ্বিতীয় ঢৌৰ সময়ত বিষয়বোৰ ধূসৰ হৈ আছিল৷ অৰ্থনীতিবিদগৰাকীয়ে সাক্ষাৎকাৰটোত কৃষিক্ষেত্ৰই অৰ্থনীতিত লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে মতপোষণ কৰে৷ তেওঁ দেশৰ অৰ্থনৈতিক পৰিস্থিতি অধ্যয়ন কৰি তেওঁ কয় যে বেছিভাগেই লকডাউনৰ সময়ত কৃষিকাৰ্যত মনোনিৱেশ কৰিছিল৷ ক'ভিডৰ সময়তে দেশত কৃষক বিদ্ৰোহে তীব্ৰৰূপ ধাৰণ কৰিছিল৷


তথাপি, কৃষি বৃদ্ধি হৈছে। গতিকে এইটো এটা ভাল লক্ষণ এই অৰ্থত যে কৃষি স্থিতিস্থাপক৷ কৃষিক্ষেত্ৰৰ সৈতে জড়িত নিবনুৱা সমস্যাৰ প্ৰসংগ উল্লেখ কৰি প্ৰণৱ সেনে সাক্ষাৎকাৰটোত কয়, যদি আপুনি নিবনুৱাৰ ওপৰত যোৱা ৪০ বছৰৰ তথ্য লক্ষ্য কৰে, কৃষিত ক্ৰমিক নিযুক্তি হ্ৰাস পাই আহিছে। যদি আপুনি শেহতীয়া নিযুক্তিৰ তথ্য লক্ষ্য কৰে, কৃষিত নিযুক্তি প্ৰকৃততে বৃদ্ধি পাইছে, ৪০ বছৰত প্ৰথমবাৰৰ বাবে। সাক্ষাৎগ্ৰহণকৰ্তাই এই প্ৰসংগত প্ৰব্ৰজিত শ্ৰমিকসকল উভতি যোৱাৰ বিষয়ে উনুকিওৱাত অৰ্থনীতিবিদগৰাকীয়ে মন্তব্য কৰে এইদৰে- কেৱল প্ৰব্ৰজনকাৰী শ্ৰমিকে নহয়, দৰাচলতে এটা অতি আকৰ্ষণীয় সংখ্যা ওলাইছে যিটো ঠিক সেইদিনা পোহৰলৈ আহিছে৷ যিটো হৈছে নগৰীয়া কৃষি বিষয়ক৷ নগৰীয়া কৃষিত এক প্ৰশংসনীয় বিকাশ দেখা গৈছে, যাৰ অৰ্থ হৈছে চহৰাঞ্চলৰ লোকসকলে চাকৰি হেৰুৱাইছে আৰু যিহেতু তেওঁলোক স্থানীয় বাসিন্দা, তেওঁলোকে পুনৰ পাৰিবাৰিক ফাৰ্মলৈ ঘূৰি যাবলৈ ধৰিছে। অৰ্থনীতিৰ এটা অংশ স্পষ্টভাৱেই ব্যক্তিগত বিনিয়োগৰ সৈতে সম্পৰ্কিত। ই যোৱা বছৰতকৈ কেৱল ১১% অধিক নহয় কিন্তু ই মহামাৰী-পূৰ্ব স্তৰৰ তুলনাত প্ৰায় ১.৫% অধিক আৰু ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি এই বছৰৰ দ্বিতীয় তিনিমাহত ব্যক্তিগত বিনিয়োগ আগৰ পাঁচ বছৰৰ আন যিকোনো তিনিমাহৰ তুলনাত অধিক।
এই প্ৰসংগত সোধা এক প্ৰশ্নত তেওঁক সোধা হৈছিল যে এইটো এটা লক্ষণ নেকি যে উদ্যোগপতি আৰু ব্যৱসায়ীসকল এতিয়া ভৱিষ্যতৰ বিষয়ে যথেষ্ট আত্মবিশ্বাসী যিহেতু তেওঁলোকে ইয়াক দেখিছে? তাৰ উত্তৰত তেওঁ
কয়, সম্ভৱতঃ ইয়াক প্ৰকাশ কৰাৰ এয়াই অধিক শুদ্ধ উপায়৷ সাংবাদিকগৰাকীয়ে সোধা এটা প্ৰশ্ন আছিল এনেধৰণৰ, যেতিয়া যোৱা দুবছৰৰ দুই চতুৰ্থাংশৰ সৈতে এই বছৰৰ তিনিমাহৰ দুটা ফলাফল একেলগে চাওঁ, লক্ষ্য কৰিব যে এই বছৰ, এই পাঁচটা খণ্ডই প্ৰকৃততে বিকাশক ঠেলি দিছে। কিন্তু দুটা বৃহৎ খণ্ড – নিৰ্মাণ, আৰু বাণিজ্য, হোটেল, পৰিবহণ আৰু সম্প্ৰচাৰ সেৱা – যিবোৰ একেলগে জিডিপিৰ ২৩% বুলি মই বিশ্বাস কৰোঁ, এই দুটা ডাঙৰ খণ্ড এতিয়াও মহামাৰী-পূৰ্ব স্তৰৰ তলত আছে। এই সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত অৰ্থনীতিবিদগৰাকীয়ে কয় যে মূলতঃ যিবোৰ খণ্ড ব্যক্তিনিৰ্ভৰ - এই দুয়োটা খণ্ডৰ (বাণিজ্য পৰ্যটন আৰু ৰেষ্টুৰেণ্ট, আৰু নিৰ্মাণ) দৰে, তাৰ অৰ্থনীতি এতিয়াও পুনৰুদ্ধাৰ হোৱা নাই৷


সামগ্ৰিকভাৱে দেশৰ অৰ্থনীতি, জিডিপি, কৃষিক্ষেত্ৰত বিনিয়োগ আদি বিষয়তে তেওঁ মন্তব্য আগবঢ়ায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক