--°C
Loading...
Listen to Article
2 min read
80%

চন ২০১৬। সেই বৰ্ষত পদ্মশ্রী বঁটাৰ সন্মানেৰে সন্মানিত এগৰাকী কবিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। শত-সহস্ৰজনৰ বুকুলৈ তেওঁ বােৱাই দিছিল প্ৰেৰণাৰ স্রোত। মাথো তৃতীয় শ্ৰেণীলৈকে পঢ়া কবিগৰাকীয়ে নিজ প্রতিভাৰ বলত বৌদ্ধিক জগতত, সুধী সমাজত অনন্য আসন দখল কৰিবলৈ সক্ষম হৈছে।অর্ধশিক্ষিত যদিও বিশাল জ্ঞানৰ ভাণ্ডাৰ তেওঁ। তেওঁ প্ৰমাণ কৰি দেখুৱাইছে যে শিক্ষা আৰু জ্ঞান একে নহয়। তেওঁৰ দ্বাৰা সৃষ্ট কবিতাসমূহ তেওঁৰ জ্ঞানৰ পূর্ণ প্রস্ফুটিত ৰূপ। জীৱনৰ অনির্বচনীয় অভিজ্ঞতা, কল্পনা আৰু সুক্ষ্ম অনুভূতিৰে সিক্ত তেওঁৰ কবিতাসমূহ। এইগৰাকী মহান কবিৰ নাম হলধৰ নাগ। ওড়িশাৰ এই কবিগৰাকী সকলোৰে বাবে সাহস আৰু অনুপ্ৰেৰণাৰ উৎস।

১৯৫০ চনৰ ৩১ মাৰ্চত ওড়িশাৰ বাৰগড় জিলাৰ ঘেঁস গাঁৱৰ এটা অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্রহণ কৰিছিল হলধৰ নাগে। কণমানি অৱস্থাৰ পৰা দৰিদ্ৰতাৰ সৈতে যুঁজিবলৈ কঠোৰ সংগ্ৰামত লিপ্ত হ'ব লগা হৈছিল তেওঁ৷ যাৰ ফলত মাথো তৃতীয় শ্রেণীলৈকে পঢ়ি হলধৰে শিক্ষা জীৱনৰ ইতি পেলাবলগীয়া হৈছিল। হলধৰ নাগৰ ১০ বছৰ বয়সতে দেউতাকৰ মৃত্যু হােৱাত তেওঁৰ জীৱনৰ প্ৰত্যাহ্বান অধিক তীব্ৰতৰ হৈ পৰিছিল। হলধৰে এখন হোটেলত বাচন ধোৱাৰ কাম কৰিছিল। ইয়াৰ পাছত তেওঁ এখন স্কুলত ৰান্ধনিৰ কাম কৰিছিল। মনৰ মাজত গুজৰি-গুমৰি থকা কথাবোৰ, চকুৰ আগত দেখি থকা কথাবোৰ হলধৰে কবিতা আকাৰে লিখিবলৈ ধৰিলে।নানা সংগ্ৰাম-সংঘৰ্ষতো কবিতাৰ মাজত নাগে পােহৰৰ ৰেশ দেখা পাইছিল। জীৱনে দিয়া নানা তিতা-কেঁহা অভিজ্ঞতাক তেওঁ ৰূপান্তৰিত কৰিছিল কাব্যিক শিল্পলৈ। ১৯৯০ চনত এখন স্থানীয় আলোচনীত নাগৰ জীৱনৰ প্ৰথমটো কবিতা প্রকাশ পায়। ছপা আখৰত নিজৰ নাম দেখি আনন্দত আত্মহাৰা হৈ পৰিছিল মানুহজন। এই আনন্দতে তেওঁ পুনৰ আন এটি কবিতা ছপা কৰাৰ উদ্দেশ্যৰে লিখে। সেয়াও প্ৰকাশ পোৱাৰ পাছত নিজৰ দ্বাৰাই অনুপ্ৰাণিত হৈ হলধৰ নাগে কবিতা চৰ্চা অব্যাহত ৰাখিলে।

এনেদৰেই কাব্যচর্চা কৰি ওড়িশাৰ এগৰাকী জনপ্রিয় আৰু বিশিষ্ট কবি হিচাপে পৰিচিতি লাভ কৰিলে নাগে। সংখ্যাত বৰ বেছি কবিতা নিলিখিলেও যিকেইটা কবিতা তেওঁ লিখিছে সেয়া সাহিত্যৰ সাগৰখনত উজ্জ্বল মণি-মুকুতাসদৃশ। ওড়িশাত তেওঁ 'লোককবি ৰত্ন' নামেৰে জনাজাত। কবিতাৰে সমাজত সোণৰ দৰে উজলি উঠা হলধৰ নাগক ভাৰত চৰকাৰে ২০১৬ বৰ্ষৰ পদ্মশ্রী বঁটা প্ৰদান কৰি ন্যায্য সন্মান যাচে। উল্লেখ্য যে ২০০৮ চনত সাহিত্যৰ ন'বেল বটাৰ বাবে হলধৰ নাগে মনােনয়ন লাভ কৰিছিল। সবাতােকৈ গুৰুত্বপূর্ণ কথাটো হ'ল তেওঁৰ কবিতাক বিষয়বস্তু হিচাপে লৈ পাঁচবাৰকৈ পি এইচ ডি থেছিছ প্রস্তুত কৰা হৈছে। বিবিচিয়ে তেওঁৰ ওপৰত এখন তথ্যচিত্র নির্মাণ কৰি উলিয়াইছে। হলধৰ নাগৰ দ্বাৰা সৃষ্ট কবিতাসমূহৰ ওপৰত ভিত্তি কৰি বিশ্ববিখ্যাত হার্বার্ড বিশ্ববিদ্যালয়ে পাঠ্যপুথি প্রস্তুত কৰি উলিয়াইছে। ইয়াৰ উপৰি উৰিষ্যাস্থিত সম্বলপুৰ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমতাে হলধৰ নাগৰ কবিতাক বিষয়বস্তু হিচাপে বাছনি কৰা হৈছে।

ইমানখিনি সন্মান প্রাপ্তিৰ পাছতাে তেওঁ এজন তেনেই সাধাৰণ মানুহ থকাদি থাকে। অনাড়ম্বৰপূর্ণ জীৱন যাপন, সহজ-সৰল ব্যৱহাৰেৰে মানুহক তেওঁ ভাবিবলৈ বাধ্য কৰায় মানুহ কেনেকৈ ইমান সাধাৰণ হৈয়ো অসাধাৰণ হ'ব পাৰি। হলধৰ নাগে নিজকে মাটিৰ মানুহ বুলি পৰিচয় দি ভাল পায়। তেওঁ কোনােদিন চেণ্ডেল পৰিধান নকৰে। পিন্ধনতাে তেনেই এখন সাধাৰণ বগা ধুতী আৰু এটা বনিয়ন। লাগিলে সেয়া ঘৰতেই হওক বা বিশাল জনসমুদ্ৰৰ আগত ভাষণ দিয়া মেলে-মিটিঙেই হওঁক। এয়াই নাগৰ সাজপাৰ। আনকি পদ্মশ্রী বঁটা গ্রহণ কৰিবলৈ যােৱাৰ সময়তাে হলধৰে সেই সাজ পৰিধান কৰিয়েই গৈছিল। এতিয়াও তেওঁ মাটিৰ চৌকাত জুই ফুৱাই ৰন্ধা-বঢ়া কৰে। হলধৰ নাগে নিজৰ পূৰ্বৰ অৱস্থাটো পাহৰি নাযাবৰ বাবেই এনেদৰে সাধাৰণভাৱে জীৱন নির্বাহ কৰি আছে। হলধৰ নাগৰ শক্তিশালী কলমৰ জোৰ যাতে থমকি নয়। দেশ-বিদেশৰ পৰিধি ভাঙি বিয়পি পৰক তেওঁৰ কবিতাৰ সুবাস।

-কস্তুৰী বৰঠাকুৰ

আৰু পঢ়কঃ যাদৱ পায়েংঃ অৰণ্য সৃষ্টি কৰা সেউজীয়া মানুহজন


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক