--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শূন্য ডিগ্ৰীৰ বহু তলত থকা হিমালয়ৰ বৰফৰ মাজত  ' অনশন ' অব্যাহত ৰাখিছে পৰিবেশ কৰ্মী সোনম ৱাংচুকে। মানুহৰ নৃশংসতাৰ বাবেই এতিয়া লাডাখৰ প্ৰতি ভাবুকি আহি পৰিছে। প্ৰদূষণে হিমালয়ৰ হিমবাহ সমূহ ধ্বংস কৰি পেলোৱাৰ উপক্ৰম ঘটিছে। এই বিষয়ত সমাজক সচেতন কৰাৰ বাবেই পৰিবেশ কৰ্মীগৰাকীয়ে অনশনত বহিছে।

লাডাখক ধ্বংসৰ পৰা  বচাবলৈ পাঁচদিনীয়া 'অনশন 'ত  বহা  প্ৰখ্যাত পৰিবেশ  কৰ্মী সোনম ৱাংচুকে শুকুৰবাৰে আন এটা ভিডিঅ' পোষ্ট কৰি এই বিষয়ত প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ কামনা কৰে।  ভিডিঅ’টোথ  তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁক খাৰদুংলালৈ যাবলৈ অনুমতি দিবলৈ আহ্বান জনায়। উল্লেখ্য  খাৰদুংলা প্ৰচণ্ড তুষাৰপাতৰ বাবে বন্ধ কৰি দিয়া হৈছে। তেওঁৰ শেহতীয়া ভিডিঅ'টোত ৱাংচুকে জনাইছে যে প্ৰচণ্ড তুষাৰপাতৰ বাবে আৰু  স্থানীয় কৰ্তৃপক্ষৰ অনিচ্ছাৰ বাবে তেওঁক খাৰদুংলালৈ যোৱাৰ অনুমতি দিয়া হোৱা নাই। 

 


পেছাত এজন অভিযন্তা ৱাংচুকে ২.১৬  মিনিট দৈৰ্ঘ্যৰ  ভিডিঅ'টো  পোষ্ট কৰি  নিশ্চিত কৰিছে  যে তেওঁ দ্বিতীয় দিনাৰ বাবে   উপবাস অব্যাহত ৰাখিছে । তেওঁ কৈছে  " খাৰদুংলাৰ আধাৰ দক্ষিণ কুলুত সুৰক্ষা আৰু স্বাস্থ্যকৰ  সকলো পৰিবেশ  আছে আৰু মোক তালৈ যাবলৈ অনুমতি দিয়া উচিত। মই তেওঁলোকক আনুষ্ঠানিকভাৱে পুনৰ অনুৰোধ জনাইছো যে মোক  খাৰদুংলালৈ যাবলৈ অনুমতি দিয়ক," ।

ভিডিঅ'টোৰ জৰিয়তে তেওঁ লাডাখ আৰু মৃত্যুমুখত পৰা হিমালয়ৰ হিমবাহসমূহ জীয়াই ৰখাৰ বাবে  তেওঁৰ 'অনশন'ৰ প্ৰতি জনসাধাৰণৰ  সমৰ্থনৰ বাবে  কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয় যে লাডাখৰ সুৰক্ষা আৰু  হিমালয়ৰ হিমবাহক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ গণ সচেতনতাৰ সৃষ্টি কৰাৰ বাবেই  তেওঁ  অনশন কৰি আছে।ৱাংচুকে চৰকাৰক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত অঞ্চলটোৰ সুৰক্ষাৰ বিষয়ে  তাৎক্ষণিক আলোচনা কৰিবলৈ হেঁচা দি আহিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে