--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শূন্য ডিগ্ৰীৰ বহু তলত থকা হিমালয়ৰ বৰফৰ মাজত  ' অনশন ' অব্যাহত ৰাখিছে পৰিবেশ কৰ্মী সোনম ৱাংচুকে। মানুহৰ নৃশংসতাৰ বাবেই এতিয়া লাডাখৰ প্ৰতি ভাবুকি আহি পৰিছে। প্ৰদূষণে হিমালয়ৰ হিমবাহ সমূহ ধ্বংস কৰি পেলোৱাৰ উপক্ৰম ঘটিছে। এই বিষয়ত সমাজক সচেতন কৰাৰ বাবেই পৰিবেশ কৰ্মীগৰাকীয়ে অনশনত বহিছে।

লাডাখক ধ্বংসৰ পৰা  বচাবলৈ পাঁচদিনীয়া 'অনশন 'ত  বহা  প্ৰখ্যাত পৰিবেশ  কৰ্মী সোনম ৱাংচুকে শুকুৰবাৰে আন এটা ভিডিঅ' পোষ্ট কৰি এই বিষয়ত প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ কামনা কৰে।  ভিডিঅ’টোথ  তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁক খাৰদুংলালৈ যাবলৈ অনুমতি দিবলৈ আহ্বান জনায়। উল্লেখ্য  খাৰদুংলা প্ৰচণ্ড তুষাৰপাতৰ বাবে বন্ধ কৰি দিয়া হৈছে। তেওঁৰ শেহতীয়া ভিডিঅ'টোত ৱাংচুকে জনাইছে যে প্ৰচণ্ড তুষাৰপাতৰ বাবে আৰু  স্থানীয় কৰ্তৃপক্ষৰ অনিচ্ছাৰ বাবে তেওঁক খাৰদুংলালৈ যোৱাৰ অনুমতি দিয়া হোৱা নাই। 

 


পেছাত এজন অভিযন্তা ৱাংচুকে ২.১৬  মিনিট দৈৰ্ঘ্যৰ  ভিডিঅ'টো  পোষ্ট কৰি  নিশ্চিত কৰিছে  যে তেওঁ দ্বিতীয় দিনাৰ বাবে   উপবাস অব্যাহত ৰাখিছে । তেওঁ কৈছে  " খাৰদুংলাৰ আধাৰ দক্ষিণ কুলুত সুৰক্ষা আৰু স্বাস্থ্যকৰ  সকলো পৰিবেশ  আছে আৰু মোক তালৈ যাবলৈ অনুমতি দিয়া উচিত। মই তেওঁলোকক আনুষ্ঠানিকভাৱে পুনৰ অনুৰোধ জনাইছো যে মোক  খাৰদুংলালৈ যাবলৈ অনুমতি দিয়ক," ।

ভিডিঅ'টোৰ জৰিয়তে তেওঁ লাডাখ আৰু মৃত্যুমুখত পৰা হিমালয়ৰ হিমবাহসমূহ জীয়াই ৰখাৰ বাবে  তেওঁৰ 'অনশন'ৰ প্ৰতি জনসাধাৰণৰ  সমৰ্থনৰ বাবে  কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয় যে লাডাখৰ সুৰক্ষা আৰু  হিমালয়ৰ হিমবাহক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ গণ সচেতনতাৰ সৃষ্টি কৰাৰ বাবেই  তেওঁ  অনশন কৰি আছে।ৱাংচুকে চৰকাৰক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত অঞ্চলটোৰ সুৰক্ষাৰ বিষয়ে  তাৎক্ষণিক আলোচনা কৰিবলৈ হেঁচা দি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক