ডিজিটেল ডেস্কঃ সিন্ধু জল চুক্তিকলৈ পুনৰ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ভাৰতে পাকিস্তানলৈ এখন জাননী প্ৰেৰণ কৰি সিন্ধু জল চুক্তি সংশোধনৰ আহ্বান জনাইছে । ১৯৬০ চনত কৰাচীত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু তেতিয়াৰ পাকিস্তানী ৰাষ্ট্ৰপতি আয়ুব খানৰ মাজত স্বাক্ষৰিত চুক্তি সংশোধনৰ বাবে নতুন দিল্লীয়ে প্ৰথমবাৰৰ বাবে ইছলামাবাদক আহ্বান জনাইছে।
সূত্ৰসমূহে কয়, "ভাৰতে ১৯৬০ চনৰ ছেপ্টেম্বৰৰ সিন্ধু জল চুক্তি (আইডব্লিউটি)ৰ সংশোধনৰ বাবে পাকিস্তানক জাননী জাৰি কৰিছে। এইটো দ্বাদশ অনুচ্ছেদ (৩) অনুসৰি আইডব্লিউটি... সিন্ধু জল চুক্তিৰ ক্ষেত্ৰত পাকিস্তানৰ আকোঁৰগোঁজ মনোভাবৰ ফলত ভাৰতে চুক্তিত সংশোধনৰ জাননী জাৰি কৰিবলৈ বাধ্য হৈছে।" জাননীখনৰ অধীনত ভাৰতে পাকিস্তানক চুক্তিৰ "সামগ্ৰিক উলংঘন সংশোধন" কৰিবলৈ ৯০ দিনৰ ভিতৰত আন্তঃচৰকাৰী আলোচনাত বহিবলৈ আহ্বান জনাইছে আৰু "যোৱা ৬২ বছৰৰ অভিজ্ঞতাৰে চুক্তিখন উন্নীত কৰিবলৈ" আহ্বান জনাইছে।
১৯৬০ চনৰ সিন্ধু জল চুক্তিৰ অধীনত, ৩ খন পূৱ দিশেৰে বৈ যোৱা নদী - সতলজ, বিয়াছ, আৰু ৰবিৰ পানী ভাৰতক সীমাহীনভাবে ব্যৱহাৰৰ বাবে আৱণ্টন কৰা হৈছিল । আনহাতে ৩ খন পশ্চিমীয়া নদী - সিন্ধু, ঝিলাম আৰু চেনাবৰ পানী পাকিস্তানলৈ বৈ গৈছে। ইয়াৰ উপৰিও নতুন দিল্লীৰ ৩ খন পশ্চিমীয়া নদীত নদী প্ৰকল্পৰ জৰিয়তে জলবিদ্যুৎ উৎপাদন কৰাৰ অধিকাৰ আছে। পাকিস্তানে এই চুক্তিৰ অধীনত পশ্চিমীয়া নদীসমূহত ভাৰতীয় জলবিদ্যুৎ প্ৰকল্পৰ নক্সাৰ ওপৰত কাৰিকৰী আপত্তি উত্থাপন কৰিব পাৰে।
এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে বিবাদ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত পাকিস্তানে সদায় গা এৰা দি আহিছে। ফলত ভাৰতে জাননী জাৰি কৰিছে। উদাহৰণ স্বৰূপে, ২০১৫ চনত পাকিস্তানে ভাৰতৰ কিষেণগংগা আৰু ৰাটল হাইড্ৰ' ইলেক্ট্ৰিক প্ৰকল্পৰ (এইচইপি) ওপৰত ইয়াৰ কাৰিকৰী আপত্তিবোৰ পৰীক্ষা কৰিবলৈ এজন নিৰপেক্ষ বিশেষজ্ঞ নিযুক্ত কৰাৰ বাবে অনুৰোধ কৰিছিল। পৰৱৰ্তী বছৰত, অৰ্থাৎ ২০১৬ চনত, পাকিস্তানে একপক্ষীয়ভাৱে "নিৰপেক্ষ বিশেষজ্ঞ" প্ৰণালীৰ পৰা নাম প্ৰত্যাহাৰ কৰে আৰু প্ৰস্তাৱ দিয়ে যে "মধ্যস্থতাৰ আদালতে" আপত্তিৰ বিষয়ত সিদ্ধান্ত ল'ব। ইফালে, ভাৰতে বিষয়টো নিৰপেক্ষ বিশেষজ্ঞৰ ওচৰলৈ প্ৰেৰণ কৰাৰ বাবে এক পৃথক অনুৰোধ জনাইছিল। একেটা বিষয়ত একেলগে দুটা প্ৰক্ৰিয়া আৰম্ভ কৰাটোৱে মূলতঃ এটা আইনী সমস্যাৰ সৃষ্টি কৰিছে।
শেহতীয়াকৈ পাকিস্তানৰ নিৰন্তৰ হেঁচাৰ বাবেই বিশ্ব বেংকে নিৰপেক্ষ বিশেষজ্ঞ আৰু মধ্যস্থতা আদালত দুয়োটা প্ৰক্ৰিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে। অথচ এনে ব্যৱস্থা চুক্তিৰ কোনো ধাৰাৰ অধীনত অন্তৰ্ভুক্ত নহয়।
ভাৰতে পাৰস্পৰিক ভাৱেসমস্যা সমাধানৰ পথ বিচাৰি বাৰে বাৰে চেষ্টা কৰা স্বত্বেও পাকিস্তানে ২০১৭ চনৰ পৰা ২০২২ চনলৈ স্থায়ী সিন্ধু আয়োগৰ পাঁচখন বৈঠকত বিষয়টো আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছে। ভাৰতৰ সিন্ধু জল আয়ুক্ত এ কে পাল আৰু পাকিস্তানী জল আয়ুক্ত মেহৰ আলী শ্বাহৰ মাজত দিল্লীত অন্তিম খন সিদ্ধজল বণ্টন আলোচনা অনুষ্ঠিত হৈছিল। সিন্ধু জল আয়োগৰ পৰৱৰ্তী বৈঠক পাকিস্তানত অনুষ্ঠিত হ'ব।