--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সিন্ধু জল চুক্তিকলৈ পুনৰ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ভাৰতে পাকিস্তানলৈ এখন জাননী প্ৰেৰণ কৰি সিন্ধু জল চুক্তি সংশোধনৰ আহ্বান জনাইছে । ১৯৬০ চনত কৰাচীত ভাৰতৰ তদানীন্তন  প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু তেতিয়াৰ পাকিস্তানী ৰাষ্ট্ৰপতি আয়ুব খানৰ মাজত স্বাক্ষৰিত চুক্তি সংশোধনৰ বাবে নতুন দিল্লীয়ে প্ৰথমবাৰৰ বাবে ইছলামাবাদক আহ্বান জনাইছে।

সূত্ৰসমূহে কয়, "ভাৰতে ১৯৬০ চনৰ ছেপ্টেম্বৰৰ সিন্ধু জল চুক্তি (আইডব্লিউটি)ৰ সংশোধনৰ বাবে পাকিস্তানক জাননী জাৰি কৰিছে। এইটো দ্বাদশ অনুচ্ছেদ (৩) অনুসৰি আইডব্লিউটি... সিন্ধু জল চুক্তিৰ ক্ষেত্ৰত পাকিস্তানৰ আকোঁৰগোঁজ মনোভাবৰ ফলত   ভাৰতে চুক্তিত সংশোধনৰ জাননী জাৰি কৰিবলৈ বাধ্য হৈছে।" জাননীখনৰ অধীনত ভাৰতে পাকিস্তানক চুক্তিৰ "সামগ্ৰিক উলংঘন সংশোধন" কৰিবলৈ ৯০ দিনৰ ভিতৰত আন্তঃচৰকাৰী আলোচনাত বহিবলৈ আহ্বান জনাইছে আৰু  "যোৱা ৬২  বছৰৰ অভিজ্ঞতাৰে চুক্তিখন উন্নীত কৰিবলৈ" আহ্বান জনাইছে।

১৯৬০  চনৰ সিন্ধু জল চুক্তিৰ অধীনত, ৩ খন পূৱ দিশেৰে বৈ যোৱা নদী - সতলজ, বিয়াছ, আৰু ৰবিৰ পানী ভাৰতক সীমাহীনভাবে  ব্যৱহাৰৰ বাবে আৱণ্টন কৰা হৈছিল ।  আনহাতে ৩ খন পশ্চিমীয়া নদী - সিন্ধু, ঝিলাম আৰু চেনাবৰ পানী পাকিস্তানলৈ বৈ গৈছে। ইয়াৰ উপৰিও নতুন দিল্লীৰ ৩ খন পশ্চিমীয়া নদীত নদী প্ৰকল্পৰ জৰিয়তে জলবিদ্যুৎ উৎপাদন কৰাৰ অধিকাৰ আছে। পাকিস্তানে এই চুক্তিৰ অধীনত পশ্চিমীয়া নদীসমূহত ভাৰতীয় জলবিদ্যুৎ প্ৰকল্পৰ নক্সাৰ ওপৰত কাৰিকৰী আপত্তি উত্থাপন কৰিব পাৰে।
এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে বিবাদ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত পাকিস্তানে সদায় গা এৰা দি আহিছে। ফলত  ভাৰতে জাননী জাৰি কৰিছে। উদাহৰণ স্বৰূপে, ২০১৫  চনত পাকিস্তানে ভাৰতৰ কিষেণগংগা আৰু ৰাটল হাইড্ৰ' ইলেক্ট্ৰিক প্ৰকল্পৰ (এইচইপি) ওপৰত ইয়াৰ কাৰিকৰী আপত্তিবোৰ পৰীক্ষা কৰিবলৈ এজন নিৰপেক্ষ বিশেষজ্ঞ নিযুক্ত কৰাৰ বাবে অনুৰোধ কৰিছিল। পৰৱৰ্তী বছৰত, অৰ্থাৎ ২০১৬  চনত, পাকিস্তানে একপক্ষীয়ভাৱে "নিৰপেক্ষ বিশেষজ্ঞ" প্ৰণালীৰ পৰা নাম প্ৰত্যাহাৰ কৰে আৰু প্ৰস্তাৱ দিয়ে যে "মধ্যস্থতাৰ আদালতে"  আপত্তিৰ বিষয়ত  সিদ্ধান্ত ল'ব। ইফালে, ভাৰতে বিষয়টো নিৰপেক্ষ বিশেষজ্ঞৰ ওচৰলৈ প্ৰেৰণ কৰাৰ বাবে এক পৃথক অনুৰোধ জনাইছিল। একেটা বিষয়ত একেলগে দুটা প্ৰক্ৰিয়া আৰম্ভ কৰাটোৱে মূলতঃ এটা আইনী সমস্যাৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ পাকিস্তানৰ নিৰন্তৰ হেঁচাৰ বাবেই  বিশ্ব বেংকে  নিৰপেক্ষ বিশেষজ্ঞ আৰু মধ্যস্থতা আদালত দুয়োটা প্ৰক্ৰিয়াৰ  পদক্ষেপ গ্ৰহণ  কৰিছে। অথচ এনে ব্যৱস্থা  চুক্তিৰ কোনো ধাৰাৰ  অধীনত অন্তৰ্ভুক্ত নহয়। 


ভাৰতে পাৰস্পৰিক ভাৱেসমস্যা সমাধানৰ  পথ বিচাৰি বাৰে বাৰে চেষ্টা কৰা স্বত্বেও পাকিস্তানে ২০১৭ চনৰ পৰা ২০২২ চনলৈ স্থায়ী সিন্ধু আয়োগৰ পাঁচখন বৈঠকত বিষয়টো আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছে। ভাৰতৰ সিন্ধু জল আয়ুক্ত এ কে পাল আৰু পাকিস্তানী জল আয়ুক্ত  মেহৰ আলী শ্বাহৰ মাজত দিল্লীত অন্তিম খন সিদ্ধজল বণ্টন আলোচনা অনুষ্ঠিত  হৈছিল। সিন্ধু  জল আয়োগৰ পৰৱৰ্তী বৈঠক পাকিস্তানত অনুষ্ঠিত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই