--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাসকীয় বিজেপিক আজি সংসদৰ মজিয়াত উভতি ধৰিলে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে  সংসদত বিৰোধীদলসমূহক  সমালোচনা কৰি ভাৰতসমগ্ৰ বিশ্বৰ দ্ৰুততম গতিত আগবাঢ়িছে বুলি কোৱাৰ পিছতে মহুৱাই তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। নিৰ্মলা সীতাৰমণে কৈছিল যে দেশৰ অৰ্থনৈতিক বিকাশ দেখি বিৰোধীয়ে হিংসাত জ্বলি উঠি-পুৰি মৰিছে৷

তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰাই বুধবাৰে মোদী চৰকাৰৰ বিৰুদ্ধে   "মিছা কথা " কোৱাৰ  অভিযোগ উত্থাপন কৰে। চৰকাৰক কটাক্ষ কৰি মহুৱাই কয় "অৰ্থনীতিৰ বিকাশ হৈছে , প্ৰতি ফেব্ৰুৱাৰী মাহত দেশবাসীক এই বিশ্বাস প্ৰদান কৰা হয়। অৱশ্যে, গেছ চিলিণ্ডাৰ, ঘৰৰ কৰ, বিদ্যুতৰ বিল পৰিশোধ কৰোঁতে নাগৰিকসকল বিদ্যুৎস্পৃষ্ট হয়। আনহাতে, বাজেট ঘোষণাৰ আঠ মাহ পিছত মোদী চৰকাৰে নিজেই কয় যে কেন্দ্ৰীয় বাজেটৰ বাহিৰত চৰকাৰক আৰু ৩.২৬ লাখ কোটি টকাৰ প্ৰয়োজন।"

মহুয়াই ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰৰ অতিৰিক্ত পুঁজিৰ প্ৰয়োজনীয়তাৰ প্ৰসংগত  কেন্দ্ৰই মিছা বিবৃতি দিয়াৰ অভিযোগ উত্থাপন কৰে। তৃণমূল নেত্ৰীগৰাকীৰ  মতে, দেশৰ অৰ্থনীতিৰ অৱস্থা মুঠেও ভাল নহয়। ব্যঙ্গাত্মক সুৰত তেওঁ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীক বিষয়টো চোৱা-চিতা কৰিবলৈ কয়।তেওঁ লগতে কয়   "আপোনালোকে  'পাপ্পু' কথাষাৰ  ব্যৱহাৰ কৰে। যাৰ অৰ্থ হৈছে অযোগ্য, যাৰ দ্বাৰা  একো কৰা সম্ভৱ নহয়। এতিয়া পৰিসংখ্যাই দেখুৱাইছে  যে প্ৰকৃত 'পাপ্পু' কোন। "

তৃণমূল সাংসদগৰাীয়ে ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কাৰ্যালয়ৰ (এনএছএ) শেহতীয়া পৰিসংখ্যাও সংসদত  উল্লেখ  কৰে। তেওঁ দাবী কৰে যে অক্টোবৰত দেশৰ ঔদ্যোগিক উৎপাদনৰ হাৰ চাৰি শতাংশ হ্ৰাস পাইছে। যিটো যোৱা ২৬ মাহত সৰ্বনিম্ন। মহুয়াই হিমাচল বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয়কলৈও তীৰ্যক মন্তব্য কৰে। উল্লেখ্য  গেৰুৱা শিবিৰ এইবাৰ হিমাচলত পৰাস্ত হৈছে৷  তেওঁ প্ৰশ্ন কৰে  "এতিয়া পাপ্পু কোন?"

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু