--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাসকীয় বিজেপিক আজি সংসদৰ মজিয়াত উভতি ধৰিলে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে  সংসদত বিৰোধীদলসমূহক  সমালোচনা কৰি ভাৰতসমগ্ৰ বিশ্বৰ দ্ৰুততম গতিত আগবাঢ়িছে বুলি কোৱাৰ পিছতে মহুৱাই তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। নিৰ্মলা সীতাৰমণে কৈছিল যে দেশৰ অৰ্থনৈতিক বিকাশ দেখি বিৰোধীয়ে হিংসাত জ্বলি উঠি-পুৰি মৰিছে৷

তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰাই বুধবাৰে মোদী চৰকাৰৰ বিৰুদ্ধে   "মিছা কথা " কোৱাৰ  অভিযোগ উত্থাপন কৰে। চৰকাৰক কটাক্ষ কৰি মহুৱাই কয় "অৰ্থনীতিৰ বিকাশ হৈছে , প্ৰতি ফেব্ৰুৱাৰী মাহত দেশবাসীক এই বিশ্বাস প্ৰদান কৰা হয়। অৱশ্যে, গেছ চিলিণ্ডাৰ, ঘৰৰ কৰ, বিদ্যুতৰ বিল পৰিশোধ কৰোঁতে নাগৰিকসকল বিদ্যুৎস্পৃষ্ট হয়। আনহাতে, বাজেট ঘোষণাৰ আঠ মাহ পিছত মোদী চৰকাৰে নিজেই কয় যে কেন্দ্ৰীয় বাজেটৰ বাহিৰত চৰকাৰক আৰু ৩.২৬ লাখ কোটি টকাৰ প্ৰয়োজন।"

মহুয়াই ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰৰ অতিৰিক্ত পুঁজিৰ প্ৰয়োজনীয়তাৰ প্ৰসংগত  কেন্দ্ৰই মিছা বিবৃতি দিয়াৰ অভিযোগ উত্থাপন কৰে। তৃণমূল নেত্ৰীগৰাকীৰ  মতে, দেশৰ অৰ্থনীতিৰ অৱস্থা মুঠেও ভাল নহয়। ব্যঙ্গাত্মক সুৰত তেওঁ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীক বিষয়টো চোৱা-চিতা কৰিবলৈ কয়।তেওঁ লগতে কয়   "আপোনালোকে  'পাপ্পু' কথাষাৰ  ব্যৱহাৰ কৰে। যাৰ অৰ্থ হৈছে অযোগ্য, যাৰ দ্বাৰা  একো কৰা সম্ভৱ নহয়। এতিয়া পৰিসংখ্যাই দেখুৱাইছে  যে প্ৰকৃত 'পাপ্পু' কোন। "

তৃণমূল সাংসদগৰাীয়ে ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কাৰ্যালয়ৰ (এনএছএ) শেহতীয়া পৰিসংখ্যাও সংসদত  উল্লেখ  কৰে। তেওঁ দাবী কৰে যে অক্টোবৰত দেশৰ ঔদ্যোগিক উৎপাদনৰ হাৰ চাৰি শতাংশ হ্ৰাস পাইছে। যিটো যোৱা ২৬ মাহত সৰ্বনিম্ন। মহুয়াই হিমাচল বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয়কলৈও তীৰ্যক মন্তব্য কৰে। উল্লেখ্য  গেৰুৱা শিবিৰ এইবাৰ হিমাচলত পৰাস্ত হৈছে৷  তেওঁ প্ৰশ্ন কৰে  "এতিয়া পাপ্পু কোন?"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক