--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত জোড়ো  যাত্ৰাৰ ১০০ দিন উপলক্ষে কংগ্ৰেছে শুকুৰবাৰে জয়পুৰত কংগ্ৰেছে আয়োজন কৰিছে এক বৰ্ণিল সংগীতানুষ্ঠানৰ ।  গায়ক সুনিধি চৌহানৰ লাইভ প্ৰদৰ্শনেৰে এক  উক্ত সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি এআইচিচিৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে মঙলবাৰে প্ৰকাশ কৰে। চলিত বৰ্ষৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা 'ভাৰত জোড়ো যাত্ৰা' আৰম্ভ হৈছিল আৰু এতিয়ালৈকে তামিলনাডু, কেৰালা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশ এই যাত্ৰাই অতিক্ৰম কৰিছে। 

এই যাত্ৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীৰ আৰম্ভণিতে জম্মু আৰু কাশ্মীৰত সমাপ্ত হ'ব।
১৬ ডিচেম্বৰত 'ভাৰত জোড়ো যাত্ৰা'ৰ  ১০০ দিন সম্পূৰ্ণ হ'ব । সেই উপলক্ষ্যে ১৯ ডিচেম্বৰত ৰাজস্থানৰ আলৱাৰত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'ব। ইপিনে বিভিন্ন সংগঠনৰ সৈতে জড়িত প্ৰায় ৩০ জন দলিত কৰ্মীয়ে মঙলবাৰে গান্ধীক সাক্ষাৎ কৰে। সোমবাৰে, তেওঁ বিভিন্ন সংগঠনৰ মহিলা প্ৰতিনিধিসকলক সাক্ষাৎ কৰিছিল।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নমোনাৰাইন মীনাই কয় যে  কংগ্ৰেছৰ এই যাত্ৰাই  অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে।কংগ্ৰেছৰ ৰাজস্থান গোটৰ মুৰব্বী গোবিন্দ সিং দোতাচৰাই কয়  যে যাত্ৰাৰ সময়ত ৰাইজৰ পৰা পোৱা প্ৰতিক্ৰিয়া চৰকাৰক জনোৱা হ'ব।ৰাজস্থান হৈছে একমাত্ৰ কংগ্ৰেছ শাসিত ৰাজ্য য'ত কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ই প্ৰৱেশ কৰিছে। ২১ ডিচেম্বৰত হাৰিয়ানাত এই যাত্ৰাই প্ৰৱেশ কৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক