--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত জোড়ো  যাত্ৰাৰ ১০০ দিন উপলক্ষে কংগ্ৰেছে শুকুৰবাৰে জয়পুৰত কংগ্ৰেছে আয়োজন কৰিছে এক বৰ্ণিল সংগীতানুষ্ঠানৰ ।  গায়ক সুনিধি চৌহানৰ লাইভ প্ৰদৰ্শনেৰে এক  উক্ত সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি এআইচিচিৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে মঙলবাৰে প্ৰকাশ কৰে। চলিত বৰ্ষৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা 'ভাৰত জোড়ো যাত্ৰা' আৰম্ভ হৈছিল আৰু এতিয়ালৈকে তামিলনাডু, কেৰালা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশ এই যাত্ৰাই অতিক্ৰম কৰিছে। 

এই যাত্ৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীৰ আৰম্ভণিতে জম্মু আৰু কাশ্মীৰত সমাপ্ত হ'ব।
১৬ ডিচেম্বৰত 'ভাৰত জোড়ো যাত্ৰা'ৰ  ১০০ দিন সম্পূৰ্ণ হ'ব । সেই উপলক্ষ্যে ১৯ ডিচেম্বৰত ৰাজস্থানৰ আলৱাৰত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'ব। ইপিনে বিভিন্ন সংগঠনৰ সৈতে জড়িত প্ৰায় ৩০ জন দলিত কৰ্মীয়ে মঙলবাৰে গান্ধীক সাক্ষাৎ কৰে। সোমবাৰে, তেওঁ বিভিন্ন সংগঠনৰ মহিলা প্ৰতিনিধিসকলক সাক্ষাৎ কৰিছিল।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নমোনাৰাইন মীনাই কয় যে  কংগ্ৰেছৰ এই যাত্ৰাই  অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে।কংগ্ৰেছৰ ৰাজস্থান গোটৰ মুৰব্বী গোবিন্দ সিং দোতাচৰাই কয়  যে যাত্ৰাৰ সময়ত ৰাইজৰ পৰা পোৱা প্ৰতিক্ৰিয়া চৰকাৰক জনোৱা হ'ব।ৰাজস্থান হৈছে একমাত্ৰ কংগ্ৰেছ শাসিত ৰাজ্য য'ত কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ই প্ৰৱেশ কৰিছে। ২১ ডিচেম্বৰত হাৰিয়ানাত এই যাত্ৰাই প্ৰৱেশ কৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু