--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেন প্লে’ অফৰ বাবে নেট প্ৰেক্টিছহে কৰিলে চেন্নাই চুপাৰ কিংছে! দিল্লী কেপিটেলছৰ বিৰুদ্ধে দূৰ্দান্ত বিজয়সাব্যস্ত কৰিলে ধোনী বাহিনীয়ে। অৰুণ জেটলী ষ্টেডিয়ামত খেলা মেচখনত আয়োজক দলটো পৰাস্ত হয় ৭৮ ৰাণত।

প্ৰথমে বেটিং কৰি চেন্নাইয়ে তিনিটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে পৰ্বতসম ২২৩ ৰান। দলটোৰ এই দূৰ্দান্ত স্থিতিৰ মূলতে আছিল অপেনাৰদ্বয় ডেভন কনৱে’ আৰু ৰুতুৰাজ গাইকোৱাৰডৰ মাৰমুখী বিশাল ইনিংছ। ৰুতুৰাজে ৫০ টা বলত ৭৯ ৰান আৰু কনৱে’ই ৫২ টা বলত ৮৭ ৰান কৰে। অপেনিং পাৰ্টনাৰশ্বিপত দুয়ো ১১৪ ৰানক যুটী গঢ়ে। শিৱম ডুবেই ৯ টা বলত ২২ আৰু ৰবীন্দ্ৰ জাডেজাই ৭ টা বলত ২০ ৰান কৰে।

প্ৰত্যুত্তৰত ২২৪ ৰানৰ লক্ষ্য লৈ দিল্লীয়ে আৰম্ভণিৰে পৰাই উজুটি খাব ধৰে। অধিনায়ক ডেভিড ৱাৰ্ণাৰৰ বাদে আন কোনোৱে বিশাল ইনিংছ খেলিব নোৱাৰিলে। ৱাৰ্ণাৰে ৫৮ টা বলত ৮৬ ৰান সংগ্ৰহ কৰে। ১৪৬ ৰানতে শেষ হয় দিল্লীৰ ইনিংছ। বেটিঙৰ সমান্তৰালকৈ চেন্নাইৰ বলিং বাহিনীয়েও দূৰ্দান্ত প্ৰদৰ্শন কৰে। দীপক চাহাৰে ৩টাকৈ উইকেট লাভ কৰে। আনহাতে, দুটাকৈ উইকেট লাভ কৰে মথীছা পথিৰানা আৰু মহীষ থিকচানাই।

এই বিজয়েৰে প্লে অফৰ বাবে স্থান নিশ্চিন্ত কৰিছে চেন্নাইয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু