--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেন প্লে’ অফৰ বাবে নেট প্ৰেক্টিছহে কৰিলে চেন্নাই চুপাৰ কিংছে! দিল্লী কেপিটেলছৰ বিৰুদ্ধে দূৰ্দান্ত বিজয়সাব্যস্ত কৰিলে ধোনী বাহিনীয়ে। অৰুণ জেটলী ষ্টেডিয়ামত খেলা মেচখনত আয়োজক দলটো পৰাস্ত হয় ৭৮ ৰাণত।

প্ৰথমে বেটিং কৰি চেন্নাইয়ে তিনিটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে পৰ্বতসম ২২৩ ৰান। দলটোৰ এই দূৰ্দান্ত স্থিতিৰ মূলতে আছিল অপেনাৰদ্বয় ডেভন কনৱে’ আৰু ৰুতুৰাজ গাইকোৱাৰডৰ মাৰমুখী বিশাল ইনিংছ। ৰুতুৰাজে ৫০ টা বলত ৭৯ ৰান আৰু কনৱে’ই ৫২ টা বলত ৮৭ ৰান কৰে। অপেনিং পাৰ্টনাৰশ্বিপত দুয়ো ১১৪ ৰানক যুটী গঢ়ে। শিৱম ডুবেই ৯ টা বলত ২২ আৰু ৰবীন্দ্ৰ জাডেজাই ৭ টা বলত ২০ ৰান কৰে।

প্ৰত্যুত্তৰত ২২৪ ৰানৰ লক্ষ্য লৈ দিল্লীয়ে আৰম্ভণিৰে পৰাই উজুটি খাব ধৰে। অধিনায়ক ডেভিড ৱাৰ্ণাৰৰ বাদে আন কোনোৱে বিশাল ইনিংছ খেলিব নোৱাৰিলে। ৱাৰ্ণাৰে ৫৮ টা বলত ৮৬ ৰান সংগ্ৰহ কৰে। ১৪৬ ৰানতে শেষ হয় দিল্লীৰ ইনিংছ। বেটিঙৰ সমান্তৰালকৈ চেন্নাইৰ বলিং বাহিনীয়েও দূৰ্দান্ত প্ৰদৰ্শন কৰে। দীপক চাহাৰে ৩টাকৈ উইকেট লাভ কৰে। আনহাতে, দুটাকৈ উইকেট লাভ কৰে মথীছা পথিৰানা আৰু মহীষ থিকচানাই।

এই বিজয়েৰে প্লে অফৰ বাবে স্থান নিশ্চিন্ত কৰিছে চেন্নাইয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে