--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ পইণ্ট তালিকাৰ এখন নিৰ্ণায়ক মেচত জয়লাভ কৰিলে মুম্বাই ইণ্ডিয়ানছে৷ চানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে এই জয়েৰে প্লে’ অফৰ বাবে অন্যতম দাবীদাৰ হৈ পৰিল ৰোহিত শৰ্মা বাহিনী৷

ৱাংখেৰে ষ্টেডিয়ামত টছত জয়লাভ কৰি বলিং কৰিবলৈ সিদ্ধান্ত লয় মুম্বাই ইণ্ডিয়ানছে৷ সুন্দৰ আৰম্ভণি কৰে চানৰাইজাৰ্ছ হায়দৰাবাদে৷ অপেনাৰদ্বয় মায়ংক আগৰৱাল আৰু বিব্ৰান্ত শৰ্মাই প্ৰথম উইকেটতে সংগ্ৰহ কৰে ১৪০ ৰাণ৷ মায়ংকই ৪৬ টা বলত ৮৩ আৰু বিব্ৰান্তই ৪৭ টা বলত ৬৯ ৰাণ সংগ্ৰহ কৰে৷ নিৰ্ধাৰিত অভাৰত ৫ উইকেট হেৰুৱাই হায়দৰাবাদে সংগ্ৰহ কৰে ২০০ ৰাণ৷ মুম্বাইৰ একমাত্ৰ সফল বলাৰগৰাকী হৈছে আকাশ মাধৱাল৷ মাধৱালে ৪ টাকৈ উইকেট সংগ্ৰহ কৰে৷

০১ ৰাণৰ প্ৰত্যাহ্বানজনক লক্ষ্য লৈ মুম্বাইয়ে কম সময়তে অপেনাৰ ইশান কিশানক হেৰুৱায়৷ কিন্তু দ্বিতীয় উইকেটৰ যুটিত ৰোহিত শৰ্মা আৰু কেমেৰণ গ্ৰীনে দলক বিজয়ৰ লক্ষ্যলৈ লৈ যায়৷ কেমেৰন গ্ৰীনে ৪৭ টা বলত  শতক অৰ্জন কৰে৷ ফৰ্মলৈ ঘূৰি অহা ৰোহিত শৰ্মাই ৫৬ (৩৭) সংগ্ৰহ কৰে৷ সূৰ্যকুমাৰ যাদৱে কৰে ১৬ টা বলত ২৫ ৰান৷ ফলস্বৰূপে দুই অভাৰ বাকী থকা অৱস্থাতে বিজয়লক্ষ্যত উপনীত হয় ৰোহিত বাহিনী৷
এই বিজয়েৰে মুম্বাই ইণ্ডিয়ানছে প্লে’ অফৰ বাবে প্ৰয়োজনীয় ১৭ পইণ্ট অৰ্জন কৰিছে৷ কিন্তু প্লে’ অফত স্থান নিশ্চিত কৰিবলৈ পৰৱৰ্তী মেচখনলৈ বাট চাব লাগিব৷ পৰৱৰ্তী মেচ হ’ব গুজৰাট টাইটানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু