--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ পইণ্ট তালিকাৰ এখন নিৰ্ণায়ক মেচত জয়লাভ কৰিলে মুম্বাই ইণ্ডিয়ানছে৷ চানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে এই জয়েৰে প্লে’ অফৰ বাবে অন্যতম দাবীদাৰ হৈ পৰিল ৰোহিত শৰ্মা বাহিনী৷

ৱাংখেৰে ষ্টেডিয়ামত টছত জয়লাভ কৰি বলিং কৰিবলৈ সিদ্ধান্ত লয় মুম্বাই ইণ্ডিয়ানছে৷ সুন্দৰ আৰম্ভণি কৰে চানৰাইজাৰ্ছ হায়দৰাবাদে৷ অপেনাৰদ্বয় মায়ংক আগৰৱাল আৰু বিব্ৰান্ত শৰ্মাই প্ৰথম উইকেটতে সংগ্ৰহ কৰে ১৪০ ৰাণ৷ মায়ংকই ৪৬ টা বলত ৮৩ আৰু বিব্ৰান্তই ৪৭ টা বলত ৬৯ ৰাণ সংগ্ৰহ কৰে৷ নিৰ্ধাৰিত অভাৰত ৫ উইকেট হেৰুৱাই হায়দৰাবাদে সংগ্ৰহ কৰে ২০০ ৰাণ৷ মুম্বাইৰ একমাত্ৰ সফল বলাৰগৰাকী হৈছে আকাশ মাধৱাল৷ মাধৱালে ৪ টাকৈ উইকেট সংগ্ৰহ কৰে৷

০১ ৰাণৰ প্ৰত্যাহ্বানজনক লক্ষ্য লৈ মুম্বাইয়ে কম সময়তে অপেনাৰ ইশান কিশানক হেৰুৱায়৷ কিন্তু দ্বিতীয় উইকেটৰ যুটিত ৰোহিত শৰ্মা আৰু কেমেৰণ গ্ৰীনে দলক বিজয়ৰ লক্ষ্যলৈ লৈ যায়৷ কেমেৰন গ্ৰীনে ৪৭ টা বলত  শতক অৰ্জন কৰে৷ ফৰ্মলৈ ঘূৰি অহা ৰোহিত শৰ্মাই ৫৬ (৩৭) সংগ্ৰহ কৰে৷ সূৰ্যকুমাৰ যাদৱে কৰে ১৬ টা বলত ২৫ ৰান৷ ফলস্বৰূপে দুই অভাৰ বাকী থকা অৱস্থাতে বিজয়লক্ষ্যত উপনীত হয় ৰোহিত বাহিনী৷
এই বিজয়েৰে মুম্বাই ইণ্ডিয়ানছে প্লে’ অফৰ বাবে প্ৰয়োজনীয় ১৭ পইণ্ট অৰ্জন কৰিছে৷ কিন্তু প্লে’ অফত স্থান নিশ্চিত কৰিবলৈ পৰৱৰ্তী মেচখনলৈ বাট চাব লাগিব৷ পৰৱৰ্তী মেচ হ’ব গুজৰাট টাইটানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে