--°C
Loading...
Listen to Article
2 min read
80%

পঞ্জাৱ : বিবাহ… ৰজাই হওক বা লগুৱা-লিকচৌৱেই হওক, বিবাহক লৈ সকলোৰে নিজাধৰণৰ এক সপোন থাকে। সপোন কুৱৰী আৰু সপোনৰ সদাগৰৰ লগত প্ৰত্যেকেই বিবাহৰ ডোলেৰে বান্ধ খাই জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিব বিচাৰে। পিছে এই পবিত্ৰ বিবাহো জানো হ'ব পাৰে প্ৰৱঞ্চনাৰে ধন ঘটাৰ 'ব্যৱসায়'! ঘটনা পঞ্জাৱৰ। এগৰাকী ৩০ বছৰীয়া মহিলাই এতিয়ালৈকে ৮জন লোকক প্ৰৱঞ্চনাৰ জালেৰে মেৰিয়াই সৰ্বহাৰা কৰিছে।

পাটিয়ালা আৰক্ষী বিষয়া এজনে জনায় যে, মহিলাগৰাকীয়ে বিগত চাৰি বছৰত ৮জন পুৰুষক বিয়া পাতি এসপ্তাহৰ ভিতৰতে তেওঁলোকৰ পৰা গহনা আৰু নগদ ধন লৈ উধাও হয় বুলি স্বীকাৰ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীৰ সহযোগীসকলকো আটক কৰিছে। বিষয়টো অধিক চিন্তনীয় হৈ পৰে তেতিয়া, যেতিয়া মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোঁৱা হয়। আদালতত হাজিৰ কৰোৱাৰ প্ৰাকমুহূৰ্তত কৰা স্বাস্থ্য পৰীক্ষাত মহিলাগৰাকী এইচআইভি পজিটিভ ধৰা পৰে। লগে লগে আৰক্ষীয়ে তেওঁৰ প্ৰৱঞ্চনাৰ চিকাৰ হোৱা কেউজন পুৰুষক এইচআইভি টেষ্ট কৰাবলৈ পৰামৰ্শ দিয়ে।


অভিযুক্ত মহিলাগৰাকীয়ে বিবাহৰ 'চিকাৰ'জন ধনী হ'লে আৰু বিলাসী ঘৰ থাকিলে তেওঁৰ বৈবাহিক 'পিৰিয়ড' ১০-১৫ দিনলৈ বঢ়াই দিয়ে। তাৰপাছত স্বামীৰ পৰিয়ালক নানা ভাবুকি দিয়া আৰম্ভ কৰে আৰু ধন লৈ উধাও হয়। আৰক্ষীৰ জেৰাত মহিলাগৰাকীয়ে ২টা সন্তানৰ মাতৃ বুলি স্বীকাৰ কৰিছে। মহিলাগৰাকীক তেওঁৰ স্বামীয়ে এৰি থৈ যোৱাৰ পাছৰ পৰাই তেওঁ এই 'ব্যৱসায়' আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ