--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দিল্লীৰ ভগৱান মহাবীৰ অহিংসা ভাৰতী ন্যাসৰ সহযোগিতাৰে কেন্দ্রীয় সাংস্কৃতিক মন্ত্র্যালয়ে এই জন্ম শতবার্ষিকীত বছৰজুৰি আধ্যাত্মিক গুৰুজনালৈ শ্রদ্ধাঞ্জলি আগবঢ়োৱা হ'ব

ডিজিটেল ডেস্ক : জৈন সন্ত আচার্য শ্রী বিদ্যানন্দ জী মহাৰাজৰ জন্ম শতবার্ষিকীত শনিবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক 'ধর্ম চক্রৱর্তী' উপাধিৰে বিভূষিত কৰা হয়।


দিল্লীৰ বিজ্ঞান ভৱনত প্রধানমন্ত্রীয়ে এই সম্মান গ্রহণ কৰি দিয়া ভাষণত কয়, 'এই অনুষ্ঠানত আপোনালোকে মোক 'ধর্ম চক্রবর্তী' উপাধিবে সম্মানিত কৰিলে। মই এই সম্মানৰ বাবে নিজকে উপযুক্ত বুলি নাভাবোঁ। কিন্তু এয়া আমাৰ সংস্কৃতি যে সাধু-সন্তৰ পৰা যিয়েই লাভ নকৰোঁ, আমি ইয়াক 'প্রসাদ 'ৰূপে গ্রহণ কৰোঁ। সেয়ে মই বিনীতভাৱে এই 'প্রসাদ' গ্রহণ কৰিছোঁ আৰু ইয়াক মা ভাৰতীলৈ উৎসর্গা কৰিছোঁ।'


উল্লেখযোগ্য যে দিল্লীৰ ভগৱান মহাবীৰ অহিংসা ভাৰতী ন্যাসৰ সহযোগিতাৰে কেন্দ্রীয় সাংস্কৃতিক মন্ত্র্যালয়ে এই জন্ম শতবার্ষিকীত বছৰজুৰি আধ্যাত্মিক গুৰুজনালৈ শ্রদ্ধাঞ্জলি আগবঢ়োৱা হ'ব। প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'আজিৰ দিনটো বিশেষ, কাৰণ ১৯৮৭ চনৰ ২৮ জুনত আচার্য বিদ্যানন্দ মুনিৰাজে 'আচার্য' সম্মান লাভ কৰিছিল। এয়া কেৱল সম্মান নহয়, জৈন সংস্কৃতিক আদর্শ, আত্মসংযম আৰু কৰুণাৰ সৈতে সংযোগ ঘটোৱা এক 'পবিত্র ধাৰা'ও।'


এই অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে কেন্দ্রীয় সাংস্কৃতিক আৰু পর্যটন বিভাগৰ মন্ত্রী গজেন্দ্র সিং শেখাৱটৰ সৈতে আচাৰ্যৰ স্মৃতিত ডাকটিকট মুকলি কৰে। উল্লেখযোগ্য যে এই জন্ম শতবার্ষিকী ২০২৫ চনৰ ২৮ জুনৰ পৰা ২০২৬ চনৰ ২২ এপ্রিললৈ উদযাপন কৰা হ'ব।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ