--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দিল্লীৰ ভগৱান মহাবীৰ অহিংসা ভাৰতী ন্যাসৰ সহযোগিতাৰে কেন্দ্রীয় সাংস্কৃতিক মন্ত্র্যালয়ে এই জন্ম শতবার্ষিকীত বছৰজুৰি আধ্যাত্মিক গুৰুজনালৈ শ্রদ্ধাঞ্জলি আগবঢ়োৱা হ'ব

ডিজিটেল ডেস্ক : জৈন সন্ত আচার্য শ্রী বিদ্যানন্দ জী মহাৰাজৰ জন্ম শতবার্ষিকীত শনিবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক 'ধর্ম চক্রৱর্তী' উপাধিৰে বিভূষিত কৰা হয়।


দিল্লীৰ বিজ্ঞান ভৱনত প্রধানমন্ত্রীয়ে এই সম্মান গ্রহণ কৰি দিয়া ভাষণত কয়, 'এই অনুষ্ঠানত আপোনালোকে মোক 'ধর্ম চক্রবর্তী' উপাধিবে সম্মানিত কৰিলে। মই এই সম্মানৰ বাবে নিজকে উপযুক্ত বুলি নাভাবোঁ। কিন্তু এয়া আমাৰ সংস্কৃতি যে সাধু-সন্তৰ পৰা যিয়েই লাভ নকৰোঁ, আমি ইয়াক 'প্রসাদ 'ৰূপে গ্রহণ কৰোঁ। সেয়ে মই বিনীতভাৱে এই 'প্রসাদ' গ্রহণ কৰিছোঁ আৰু ইয়াক মা ভাৰতীলৈ উৎসর্গা কৰিছোঁ।'


উল্লেখযোগ্য যে দিল্লীৰ ভগৱান মহাবীৰ অহিংসা ভাৰতী ন্যাসৰ সহযোগিতাৰে কেন্দ্রীয় সাংস্কৃতিক মন্ত্র্যালয়ে এই জন্ম শতবার্ষিকীত বছৰজুৰি আধ্যাত্মিক গুৰুজনালৈ শ্রদ্ধাঞ্জলি আগবঢ়োৱা হ'ব। প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'আজিৰ দিনটো বিশেষ, কাৰণ ১৯৮৭ চনৰ ২৮ জুনত আচার্য বিদ্যানন্দ মুনিৰাজে 'আচার্য' সম্মান লাভ কৰিছিল। এয়া কেৱল সম্মান নহয়, জৈন সংস্কৃতিক আদর্শ, আত্মসংযম আৰু কৰুণাৰ সৈতে সংযোগ ঘটোৱা এক 'পবিত্র ধাৰা'ও।'


এই অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে কেন্দ্রীয় সাংস্কৃতিক আৰু পর্যটন বিভাগৰ মন্ত্রী গজেন্দ্র সিং শেখাৱটৰ সৈতে আচাৰ্যৰ স্মৃতিত ডাকটিকট মুকলি কৰে। উল্লেখযোগ্য যে এই জন্ম শতবার্ষিকী ২০২৫ চনৰ ২৮ জুনৰ পৰা ২০২৬ চনৰ ২২ এপ্রিললৈ উদযাপন কৰা হ'ব।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ