--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা এসময়ৰ কংগ্ৰেছ নেতা প্ৰয়াত প্ৰণৱ মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীৰ এখন বিস্ফোৰক পত্ৰ। ৰাহুল গান্ধীলৈ ন্যায় বিচাৰি পত্ৰ লিখিলে প্ৰাক্তন ৰাষ্ট্রপতিগৰাকীৰ কন্যাই। ছ’চিয়েল মিডিয়াত একাংশ কংগ্ৰেছ সমৰ্থকৰ ব্যাপক ট্ৰ’লৰ সন্মুখীন হোৱাক লৈ ৰাহুল গান্ধীলৈ প্ৰশ্নবাণ শৰ্মিষ্ঠা মুখাৰ্জীৰ। 

ন্যায়ৰ যাত্ৰা কৰি থকা ৰাহুল গান্ধীক কংগ্ৰেছ কৰ্মীৰ অন্যায়ৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে মুখাৰ্জীয়ে। পত্ৰত কংগ্ৰেছ কৰ্মীৰ নিকৃষ্ট মন্তব্যৰ কথাও উল্লেখ কৰিছে শৰ্মিষ্ঠা মুখাৰ্জীয়ে। এগৰাকী কংগ্ৰেছ কৰ্মীৰ নিকৃষ্ট মন্তব্যৰ কথা উনুকিয়াই একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ প্ৰতিও প্ৰশ্ন। 

লক্ষণীয়ভাৱে যিগৰাকী কংগ্ৰেছ কৰ্মীৰ কথা শৰ্মিষ্ঠা মুখাৰ্জীয়ে উল্লেখ কৰিছে তেওঁৰ ফল’ৱাৰ্ছৰ তালিকাত আছে কেইবাজনো কংগ্ৰেছ নেতাৰ নাম। নবীন শ্বাহি নামৰ কংগ্ৰেছ সমৰ্থকগৰাকীক ফ’ল’ কৰাৰ ভিতৰত আছে পৱন খেৰা, অজয় মাকেনৰ দৰে জ্যেষ্ঠ কংগ্ৰেছী।

উল্লেখ্য যে প্ৰণৱ মুখাৰ্জীক বিষয় হিচাপে লৈ গ্ৰন্থ প্ৰকাশ কৰিছিল শৰ্মিষ্ঠা মুখাৰ্জীয়ে। সেই গ্ৰন্থত কংগ্ৰেছৰে প্ৰণৱ মুখাৰ্জীৰ বহু মতানৈক্যৰ তথ্য দাঙি ধৰিছিল শৰ্মিষ্ঠা মুখাৰ্জীয়ে। গ্ৰন্থখনত গান্ধী পৰিয়ালক সমালোচনা কৰিছিল শৰ্মিষ্ঠাই। 

কিছুদিন পূৰ্বে জয়পুৰ সাহিত্য মহোৎসৱত অংশ লৈ কংগ্ৰেছ সম্পৰ্কে মন্তব্য কৰিছিল শৰ্মিষ্ঠা মুখাৰ্জীয়ে। নিজকে এগৰাকী নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী বুলি আখ্যা দিও গান্ধী পৰিয়ালক সমালোচনা কৰিছিল শৰ্মিষ্ঠাই। ‘মই এই কথা স্পষ্ট কৰিব খোজো যে মই এগৰাকী কংগ্ৰেছ কৰ্মী। ৰাষ্ট্রীয় ৰাজনীতিত কংগ্ৰেছৰ এতিয়াও যথেষ্ঠ গুৰুত্ব আছে। কিন্তু কংগ্ৰেছে গান্ধী–নেহৰু পৰিয়ালৰ ঊৰ্ধ্বত গৈ বাছনি কৰিব লাগে দলটোৰ নেতা। অনুষ্ঠানটোত গান্ধী পৰিয়ালৰ বিৰুদ্ধে মন্তব্য কৰাৰ পাছতে ছ’চিয়েল মিডিয়াত শৰ্মিষ্ঠাক উদ্দেশ্যি একাংশ কংগ্ৰেছ কৰ্মীয়ে আৰম্ভ কৰিছে গালি–গালাজ। 

কেৱল শৰ্মিষ্ঠাৰ বিৰুদ্ধেই নহয় প্ৰাক্তন নেতা প্ৰণৱ মুখাৰ্জীৰ বিৰুদ্ধেও একাংশই কৰিছে কটু মন্তব্য। যাক লৈ স্বাভাৱিকতে কংগ্ৰেছ সমৰ্থকৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে প্ৰণৱ মুখাৰ্জীৰ কন্যা। কংগ্ৰেছ দলটোৱে সহিষ্ণুতা, বাক স্বাধীনতা আদি আদৰ্শত বিশ্বাস কৰে বুলি মন্তব্য শৰ্মিষ্ঠা মুখাৰ্জীৰ। কিন্তু এনে আদৰ্শত বিশ্বাসী হৈয়ো ছ’চিয়েল মিডিয়াৰ অন্ধ সমৰ্থকৰ বিৰুদ্ধে মাত নমতাক লৈ ৰাহুল গান্ধীক প্ৰশ্ন শৰ্মিষ্ঠাৰ। 

ঘৃণাৰ বজাৰত ভালপোৱাৰ দোকান খোলা বুলি দাবী কৰা ৰাহুল গান্ধীয়ে এনে ঘৃণাসূচক মন্তব্যৰ কিয় বিৰোধিতা কৰা নাই? এয়াই নেকি ৰাহুল গান্ধীৰ অন্যায়ৰ বিৰুদ্ধে যুঁজ। ৰাহুল গান্ধীৰ স্থিতিক লৈ এই প্ৰশ্ন প্ৰণৱ মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীৰ। 

শৰ্মিষ্ঠা মুখাৰ্জীৰ পত্ৰক লৈ ইতিমধ্যে দেশৰ ৰাজনীতিত সৃষ্টি হৈছে তীব্ৰ জোকাৰণিৰ। শৰ্মিষ্ঠাৰ মন্তব্যৰ আঁত ধৰি বিজেপিয়ে পুনৰ সমালোচনাৰ লক্ষ্য কৰি লৈছে ৰাহুল গান্ধীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement