--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডিব্ৰুগড়ত কংগ্ৰেছৰ জ্যেষ্ঠনেতা পৱন সিং ঘাটোৱাৰৰ ভূমিকাই শ’লঠেকত পেলাইছে বিৰোধীৰ ৰাজনীতিক৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পাঁচবাৰৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ দুমুখীয়া চৰিত্ৰই কংগ্ৰেছ শিবিৰতো লগাইছে আউল৷ 

লোকসভা নিৰ্বাচন চমু চপাৰ লগে লগে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ স্থিতিক লৈ সন্দীহান হৈ পৰিছে বিৰোধী শিবিৰ৷ কংগ্ৰেছ ক্ষমতাত থাকোতে ক্ষমতা আহৰণ কৰি ৰাজ্যৰ ৰাজনীতিত দপদপাই থকা এসময়ৰ প্ৰতাপী নেতাগৰাকী এতিয়া নিষ্প্ৰভ হৈ পৰিছে ৰাজ্যৰ ৰাজনীতিত৷ 

যিসকল নেতাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে কংগ্ৰেছ দলটোক সাংগঠিকভাবে ক্ষতি কৰা বুলি প্ৰায়ে চৰ্চা হয়, তাৰ ভিতৰত পৱন সিং ঘাটোৱাৰ পৰিয়ালো অন্যতম৷ ঘাটোৱাৰে নিজে সাংসদ হৈ কেন্দ্ৰীয় মন্ত্ৰী হোৱাই নহয়, তেওঁৰ পত্নী জীৱনতাৰা ঘাটোৱাৰো বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল কংগ্ৰেছৰ পৰা৷ অকল ইমানেই নহয় পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰৰ ৰাজনৈতিক সংস্থাপনৰ ক্ষেত্ৰত মনোযোগী হৈ আছে পৱন সিং ঘাটোৱাৰ৷ 

আৰু এতিয়া ক্ষমতাত কংগ্ৰেছ নথকা সময়ত, বিজেপিৰ আগ্ৰাসী ৰাজনীতিয়ে কংগ্ৰেছক প্ৰত্যাহ্বানৰ মাজলৈ ঠেলি দিয়া সময়ত প্ৰত্যাহ্বানৰে মুখামুখি নহৈ মূৰ পোলোকা মাৰিছে পৱন সিং ঘাটোৱাৰে৷

লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় জলপথ, বন্দৰ আৰু আয়ুষ মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসাৰে ওপচাই ডিব্ৰগড়ৰ ৰাজনীতিত চৰ্চিত হৈ পৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ৷ এবিটাই আয়োজন কৰা এক অনুষ্ঠানত অংশ লৈ ঘাটোৱাৰে কয়, সৰ্বানন্দ সোণোৱালৰ সৈতে মোৰ এক সুসম্পৰ্ক আছে। 

ৰাজনৈতিক কথা বাদ দি আমি সমাজৰ স্বাৰ্থত বহু কথাই বিনিময় কৰোঁ। এই আলোচনাত আমি সহমততো উপনীত হওঁ বহু বিষয়ত। মই তেওঁক কওঁ তেওঁক লৈ আমি গৌৰৱান্বিত। তেওঁ এতিয়া গুৰুত্বপূৰ্ণ পদবীত গুৰুত্বপূৰ্ণ দায়িত্বত আছে। মোদী চৰকাৰৰ তেওঁ এজন জ্যেষ্ঠ মন্ত্ৰী। মই তেওঁক অনুৰোধ জনাওঁ যে চাহ জনগোষ্ঠীয় লোকসকলৰ সমস্যা আৰু এই চাহ উদ্যোগৰ বিকাশৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিব লাগে। তেওঁ মোক অনুৰোধ কৰিছে ময়ো যাতে এই বিষয়ে সবিশেষ লিখি এখন পত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰোঁ। সেয়া মই কৰিম৷

ইয়াৰ উপৰি, কংগ্ৰেছ নেতাগৰাকীয়ে দেশত বিজেপিৰেই চৰকাৰ হ’ব বুলি একপ্ৰকাৰ ঘোষণা কৰি লগতে কয়, আহিবলগীয়া নতুন চৰকাৰতো তেওঁ নিশ্চিতভাবে এতিয়াৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থাকিব। সেই সময়ছোৱাত তেওঁ এই উদ্যোগটোৰ বিকাশৰ বাবে কাম কৰিব বুলি মই এতিয়াই আশা কৰিছোঁ৷

এতিয়া লক্ষ্যণীয় কথা এইটোৱে যে সেই একেদিনটোতেই ডিব্ৰুগড়ৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়েও সাক্ষাৎ কৰিছিল পৱন সিং ঘাটোৱাৰক৷ লুৰীণজ্যোতি গগৈকো শুভেচ্ছা জনাই সমষ্টিটোত বিৰোধীৰ ফলাফল আশাপ্ৰদ হ’ব বুলি আশাপ্ৰকাশ কৰিছিল ঘাটোৱাৰে৷

এতিয়া ঘাটোৱাৰৰ ভূমিকাক লৈ সেয়ে সমষ্টিটোত বিৰোধী ভোটাৰৰ মাজত বৃদ্ধি পাইছে অসন্তুষ্টি আৰু দ্বিধাগ্ৰস্ততা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী