--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডিব্ৰুগড়ত কংগ্ৰেছৰ জ্যেষ্ঠনেতা পৱন সিং ঘাটোৱাৰৰ ভূমিকাই শ’লঠেকত পেলাইছে বিৰোধীৰ ৰাজনীতিক৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পাঁচবাৰৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ দুমুখীয়া চৰিত্ৰই কংগ্ৰেছ শিবিৰতো লগাইছে আউল৷ 

লোকসভা নিৰ্বাচন চমু চপাৰ লগে লগে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ স্থিতিক লৈ সন্দীহান হৈ পৰিছে বিৰোধী শিবিৰ৷ কংগ্ৰেছ ক্ষমতাত থাকোতে ক্ষমতা আহৰণ কৰি ৰাজ্যৰ ৰাজনীতিত দপদপাই থকা এসময়ৰ প্ৰতাপী নেতাগৰাকী এতিয়া নিষ্প্ৰভ হৈ পৰিছে ৰাজ্যৰ ৰাজনীতিত৷ 

যিসকল নেতাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে কংগ্ৰেছ দলটোক সাংগঠিকভাবে ক্ষতি কৰা বুলি প্ৰায়ে চৰ্চা হয়, তাৰ ভিতৰত পৱন সিং ঘাটোৱাৰ পৰিয়ালো অন্যতম৷ ঘাটোৱাৰে নিজে সাংসদ হৈ কেন্দ্ৰীয় মন্ত্ৰী হোৱাই নহয়, তেওঁৰ পত্নী জীৱনতাৰা ঘাটোৱাৰো বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল কংগ্ৰেছৰ পৰা৷ অকল ইমানেই নহয় পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰৰ ৰাজনৈতিক সংস্থাপনৰ ক্ষেত্ৰত মনোযোগী হৈ আছে পৱন সিং ঘাটোৱাৰ৷ 

আৰু এতিয়া ক্ষমতাত কংগ্ৰেছ নথকা সময়ত, বিজেপিৰ আগ্ৰাসী ৰাজনীতিয়ে কংগ্ৰেছক প্ৰত্যাহ্বানৰ মাজলৈ ঠেলি দিয়া সময়ত প্ৰত্যাহ্বানৰে মুখামুখি নহৈ মূৰ পোলোকা মাৰিছে পৱন সিং ঘাটোৱাৰে৷

লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় জলপথ, বন্দৰ আৰু আয়ুষ মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসাৰে ওপচাই ডিব্ৰগড়ৰ ৰাজনীতিত চৰ্চিত হৈ পৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ৷ এবিটাই আয়োজন কৰা এক অনুষ্ঠানত অংশ লৈ ঘাটোৱাৰে কয়, সৰ্বানন্দ সোণোৱালৰ সৈতে মোৰ এক সুসম্পৰ্ক আছে। 

ৰাজনৈতিক কথা বাদ দি আমি সমাজৰ স্বাৰ্থত বহু কথাই বিনিময় কৰোঁ। এই আলোচনাত আমি সহমততো উপনীত হওঁ বহু বিষয়ত। মই তেওঁক কওঁ তেওঁক লৈ আমি গৌৰৱান্বিত। তেওঁ এতিয়া গুৰুত্বপূৰ্ণ পদবীত গুৰুত্বপূৰ্ণ দায়িত্বত আছে। মোদী চৰকাৰৰ তেওঁ এজন জ্যেষ্ঠ মন্ত্ৰী। মই তেওঁক অনুৰোধ জনাওঁ যে চাহ জনগোষ্ঠীয় লোকসকলৰ সমস্যা আৰু এই চাহ উদ্যোগৰ বিকাশৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিব লাগে। তেওঁ মোক অনুৰোধ কৰিছে ময়ো যাতে এই বিষয়ে সবিশেষ লিখি এখন পত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰোঁ। সেয়া মই কৰিম৷

ইয়াৰ উপৰি, কংগ্ৰেছ নেতাগৰাকীয়ে দেশত বিজেপিৰেই চৰকাৰ হ’ব বুলি একপ্ৰকাৰ ঘোষণা কৰি লগতে কয়, আহিবলগীয়া নতুন চৰকাৰতো তেওঁ নিশ্চিতভাবে এতিয়াৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থাকিব। সেই সময়ছোৱাত তেওঁ এই উদ্যোগটোৰ বিকাশৰ বাবে কাম কৰিব বুলি মই এতিয়াই আশা কৰিছোঁ৷

এতিয়া লক্ষ্যণীয় কথা এইটোৱে যে সেই একেদিনটোতেই ডিব্ৰুগড়ৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়েও সাক্ষাৎ কৰিছিল পৱন সিং ঘাটোৱাৰক৷ লুৰীণজ্যোতি গগৈকো শুভেচ্ছা জনাই সমষ্টিটোত বিৰোধীৰ ফলাফল আশাপ্ৰদ হ’ব বুলি আশাপ্ৰকাশ কৰিছিল ঘাটোৱাৰে৷

এতিয়া ঘাটোৱাৰৰ ভূমিকাক লৈ সেয়ে সমষ্টিটোত বিৰোধী ভোটাৰৰ মাজত বৃদ্ধি পাইছে অসন্তুষ্টি আৰু দ্বিধাগ্ৰস্ততা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু