--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এইবাৰ অনুষ্ঠিত নাগালেণ্ড বিধানসভা নিৰ্বাচনত বিজেপি-এনডিপিপি মিত্ৰজোঁটে ৩৭ খন আসন লাভ কৰি অনায়াসে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। নাগালেণ্ডৰ শক্তিশালী নেতা নেফিঅ' ৰিঅ'ই মঙলবাৰে পঞ্চমটো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ই ২০০৩ , ২০০৮, ২০১৩ ,২০১৪, ২০১৮ আৰু ২০২৩ চনত ৫বাৰকৈ মুখ্যমন্ত্ৰী হৈ নাগালেণ্ডৰ আটাইতকৈ দীৰ্ঘকালৰ মুখ্যমন্ত্ৰী হিচাপে অভিলেখ গঢ়িছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ উপস্থিত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ক'হিমাৰ কালচাৰেল হলত নেফিঅ' ৰিঅ'ৱে শপত গ্ৰহণ কৰে। পঞ্চমবাৰৰ বাবে নাগালেণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নেফিঅ' ৰিঅ'ই।

ৰাজ্যপাল লা গনেশনে নেফিঅ' ৰিঅ'ক আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ সদস্যসকল শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।

উল্লেখ্য যে ১২ জনীয়া নেফিঅ' ৰিঅ'ৰ মন্ত্ৰীসভাত বিজেপিৰ ৫ গৰাকীয়ে মন্ত্ৰিত্ব লাভ কৰিছে আৰু এন ডি পি পিৰ ৭ গৰাকীয়ে মন্ত্ৰীৰ পদ লাভ কৰিছে । ইফালে বিজেপিৰ জ্যেষ্ঠ নেতা ৱাই পাট্টনে উপ মুখ্যমন্ত্ৰী পদ লাভ কৰাৰ বিপৰীতে ছালহোটোনো ক্ৰুছে একমাত্ৰ মহিলা হিচাপে মন্ত্ৰীসভাত স্থান লাভ কৰিছে।

মন্ত্ৰীসভাত স্থান লাভ কৰা মন্ত্ৰীসকল হৈছে টি আৰু জেলিয়াঙ , ৱাই পাট্টনে , জি কাইতো আয়ে , জেকব ঝিমমি , কেজি কেনী, পায়ৱাঙ কন্যাক, মেটেছুবো জমিৰ , টেমজন ইমনা আলং , চি এল জন ,বাছাংমাংগা ছাং আৰু ছালহোটোনো ক্ৰুছ। উল্লেখযোগ্য বিগত ৬০বছৰীয়া নাগালেণ্ডৰ বিধানসভাৰ ইতিহাসত এইবাৰে এগৰাকী মহিলাই মন্ত্ৰীসভাত স্থান লাভ কৰি ইতিহাস ৰচনা কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিনটোৰ আৰম্ভণিতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ শপত গ্ৰহণত অংশগ্ৰহণ কৰে। কনৰাড চাংমাই একেৰাহে দ্বিতীয়বাৰৰ বাবে মেঘালয়ৰ শাসনৰ বাঘজৰী হাতত লৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু