--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এইবাৰ অনুষ্ঠিত নাগালেণ্ড বিধানসভা নিৰ্বাচনত বিজেপি-এনডিপিপি মিত্ৰজোঁটে ৩৭ খন আসন লাভ কৰি অনায়াসে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। নাগালেণ্ডৰ শক্তিশালী নেতা নেফিঅ' ৰিঅ'ই মঙলবাৰে পঞ্চমটো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ই ২০০৩ , ২০০৮, ২০১৩ ,২০১৪, ২০১৮ আৰু ২০২৩ চনত ৫বাৰকৈ মুখ্যমন্ত্ৰী হৈ নাগালেণ্ডৰ আটাইতকৈ দীৰ্ঘকালৰ মুখ্যমন্ত্ৰী হিচাপে অভিলেখ গঢ়িছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ উপস্থিত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ক'হিমাৰ কালচাৰেল হলত নেফিঅ' ৰিঅ'ৱে শপত গ্ৰহণ কৰে। পঞ্চমবাৰৰ বাবে নাগালেণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নেফিঅ' ৰিঅ'ই।

ৰাজ্যপাল লা গনেশনে নেফিঅ' ৰিঅ'ক আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ সদস্যসকল শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।

উল্লেখ্য যে ১২ জনীয়া নেফিঅ' ৰিঅ'ৰ মন্ত্ৰীসভাত বিজেপিৰ ৫ গৰাকীয়ে মন্ত্ৰিত্ব লাভ কৰিছে আৰু এন ডি পি পিৰ ৭ গৰাকীয়ে মন্ত্ৰীৰ পদ লাভ কৰিছে । ইফালে বিজেপিৰ জ্যেষ্ঠ নেতা ৱাই পাট্টনে উপ মুখ্যমন্ত্ৰী পদ লাভ কৰাৰ বিপৰীতে ছালহোটোনো ক্ৰুছে একমাত্ৰ মহিলা হিচাপে মন্ত্ৰীসভাত স্থান লাভ কৰিছে।

মন্ত্ৰীসভাত স্থান লাভ কৰা মন্ত্ৰীসকল হৈছে টি আৰু জেলিয়াঙ , ৱাই পাট্টনে , জি কাইতো আয়ে , জেকব ঝিমমি , কেজি কেনী, পায়ৱাঙ কন্যাক, মেটেছুবো জমিৰ , টেমজন ইমনা আলং , চি এল জন ,বাছাংমাংগা ছাং আৰু ছালহোটোনো ক্ৰুছ। উল্লেখযোগ্য বিগত ৬০বছৰীয়া নাগালেণ্ডৰ বিধানসভাৰ ইতিহাসত এইবাৰে এগৰাকী মহিলাই মন্ত্ৰীসভাত স্থান লাভ কৰি ইতিহাস ৰচনা কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিনটোৰ আৰম্ভণিতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ শপত গ্ৰহণত অংশগ্ৰহণ কৰে। কনৰাড চাংমাই একেৰাহে দ্বিতীয়বাৰৰ বাবে মেঘালয়ৰ শাসনৰ বাঘজৰী হাতত লৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ