--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ পৰ্ণ’গ্ৰাফী, কলগাৰ্লে ভাঙিছে ঘৰ। কেবল পৰ্ণ’গ্ৰাফীৰ বাবেই চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছে প্ৰিয় পত্নী। বিয়াৰ পূৰ্বে ‘তুমি মই এদিন জানা ঘৰ সাজিমে’ কথাবোৰ এতিয়া সাধু কথাৰ বাদু হৈ পৰিছে এহাল দম্পতীৰ বাবে। হোমৰ জুইক সাক্ষী কৰি সাত পাক মৰা দিনবোৰ স্বামীৰ বাবে এতিয়া মাথো স্মৃতি, পৰ্ণ’গ্ৰাফী হে মেইন। পত্নীৰ কথাই গা বিদবিদাই উঠা ৰুষ্ট স্বামীক ক্ষান্ত কৰাৰ উপায়ো এতিয়া কলগাৰ্ল! কলগাৰ্লৰ কলে মন ভৰাই ৰাখে স্বামীৰ। স্বামীৰ এই নাভুত-নাশ্ৰুত কাণ্ডত হতবাক পত্নী। নিজৰ মতত অলৰ-অচৰ তেওঁৰ স্বামী। বিবাহিত পুৰুষজনৰ বাবে প্ৰিয় পত্নীৰ কথাও হৈ পৰে মূল্যহীন। স্বামীৰ এনে আচৰণত অতীস্ত হৈ এইবাৰ আৰক্ষীৰ কাষ চাপিলে তেওঁৰ পত্নী। পৰ্ণগ্ৰাফীত আসক্ত স্বামীক বুজাই-বৰাইয়ো তলাব পৰা নাই তেওঁ।

আৰু পঢ়কঃ আলিবাটত চালি ধৰি বিপদত ভাৰত! দলীয় অন্তকন্দলত বিভক্ত টীম ইণ্ডিয়া…

শেহতীয়াকৈ কৰ্ণাটকৰ বাংগালুৰুত তেনে এক ঘটনাই সংঘটিত হৈছে। পত্নীয়ে প্ৰথমে এটা পাৰিবাৰিক সমস্যাৰ বাবে আদালতৰ কাষ চাপিছিল। দণ্ডাধীশৰ নিৰ্দেশ অনুসৰি. অৱশেষত তেওঁ মঙলবাৰে বাসবানাগুড়ি মহিলা আৰক্ষী চকীত এটা অভিযোগ দাখিল কৰে। পত্নীয়ে আদালতত অভিযোগ কৰামতে, তেওঁৰ স্বামী পৰ্ণগ্ৰাফীৰ প্ৰতি আসক্ত আছিল। নিশা প্ৰায়ে বিভিন্ন অনলাইন চেটিং ছাইটত কলগাৰ্লৰ সৈতে কথা পাতে আৰু তেওঁলোকৰ বাবে বুজন পৰিমাণৰ টকাও খৰচ কৰে। কেৱল সেয়াই নহয়। অভিযোগ অনুসৰি, আপত্তি থকা স্বত্বেও পত্নীৰ এখন ছবি স্বামীয়ে বিভিন্ন লোকলৈও প্ৰেৰণ কৰিছিল। একাধিক পৰ্ণছাইটৰ ছাৱছক্ৰিপছনো লৈ থৈছে হেনো স্বামীয়ে। আনকি বিবাহ সম্পৰ্কীয় এটা ৱেব ছাইটত তেওঁৰ বিবাহ-বিচ্ছেদ হোৱা বুলিও উল্লেখ কৰিছিল। পত্নীয়ে শাহু-শহুৰেককো স্বামীৰ এই বদঅভ্যাসৰ বিষয়ে জনাইছিল। কিন্তু তাতো একো ফল নধৰিল বুলি জনায় পত্নীয়ে। স্বামীৰ এই আচৰণৰ বিৰুদ্ধে যোৱা বাবে পত্নীয়ে বৰ দুৰ্ভোগো ভুগিবলগীয়া হৈছিল বুলি জানিবলৈ দিছে পত্নীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক