--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসালয়ে মৃত ঘোষণা কৰা এজন ব্যক্তিয়ে ঘৰত উপস্থিত হোৱাৰ কথাই তীব্ৰ আলোড়ণৰ সৃষ্টি কৰিছে৷পঞ্জাৱৰ নাংগল শ্বহীদ গাঁৱৰ বাসিন্দাসকলে  অভিযোগ কৰিছে  যে চিকিৎসালয়ে কৈছিল ৰোগীজনক   ভেণ্টিলেটৰৰ ৰখা হৈছে আৰু তেওঁৰ মৃত্যু হৈছে৷ কিন্তু লোকজনে ভেণ্টিলেটৰৰ  পৰা ওলাই আহি নিজৰ ঘৰত উপস্থিত হয়৷ 

আনহাতে, চিকিৎসালয়খনৰ চিকিৎসকে অভিযোগসমূহ অস্বীকাৰ কৰি কয় যে যদি ৰোগী এজন ভেণ্টিলেটৰত থাকে, তেন্তে পৃথিৱীৰ কোনো চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিব নোৱাৰে। চিকিৎসালয়ৰ ডাঃ আৰ্শাদে কয় যে যিসকলে ৰোগী বাহাদুৰ সিঙৰ সৈতে আহিছিল তেওঁলোকে তেওঁক কৈছিল যে যদি তেওঁক ভেণ্টিলেটৰত ৰখা হয় তেন্তে তেওঁক  মৃত অৱস্থাতহে তাত ৰখা হ’ব। 
চিকিৎসকে কৈছে  যে যদি পৰিয়ালৰ ওচৰত চিকিৎসকে ৰোগীক মৃত ঘোষণা কৰাৰ কিবা প্ৰমাণ আছে তেন্তে সেয়া দেখুৱাব লাগে৷চিকিৎসকে সগতে কয় যে ৰোগীজনৰ অৱস্থা সংকটজনক হৈ পৰা বাবেই তেওঁক  পিজিআইলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছিল।

বাহাদুৰ সিঙৰ পত্নীয়ে কয় যে তেওঁৰ স্বামীয়ে কাহত ভুগিছিল । লোকজনক  হোচিয়াৰপুৰৰ ৰাম কলনি শিবিৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসালয় কৰ্তৃপক্ষই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱাই কয় যে তেওঁ এক গুৰুতৰৰোগত আক্ৰান্ত হৈছে ৷ তেওঁলোকে  পিছত কয় যে বাহাদুৰ সিঙৰ মৃত্যু হৈছে,সেয়ে তেওঁক লৈ যাব লাগে৷  

 এখন এম্বুলেন্সেৰে লোক জনক  ততাতৈয়াকৈ পিজিআই চণ্ডীগড়লৈ লৈ যোৱা হয় আৰু বাহাদুৰ সিঙক তাত ভৰ্তি কৰোৱা  হয়। পিজিআইৰ চিকিৎসকসকলে বাহাদুৰ সিঙক এদিনৰ বাবে ভৰ্তি কৰি ৰাখিছিল আৰু পিছদিনা তেওঁক অব্যাহতি দিছিল। এতিয়া বাহাদুৰ সিঙে তেওঁৰ পঞ্চায়ত আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে চিকিৎসালয়ৰ বাহিৰত ভুল তথ্য দিয়া বাবে প্ৰতিবাদত  বহিছে৷ 

পৰিয়ালৰ সদস্যসকলে কয় যে মৃত বুলি ঘোষণা কৰা বাহাদুৰ সিঙৰ ডিঙিত এডাল পাইপ সুমুৱাই দিয়া হৈছিল। পিজিআইলৈ যাওঁতে তেওঁ জ্ঞান ঘূৰাই পায় । ডিঙিত পাইপ থকা  বাবে তেওঁ কথা ক'ব পৰা নাছিল। ডিঙিৰ পাইপ আঁতৰাই দিয়াৰ পিছত তেওঁ ভালেখিনি সুস্থ হৈ পৰে৷ সিঙৰ পৰিয়ালে চিকিৎসালয়খনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু