--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুন্দৰীৰ কথাত গা উঠিল বৃদ্ধৰ৷ সুন্দৰীয়ে যেনেদৰে কৰিবলৈ কৈছিল ঠিক তেনেদৰেই কৰি গৈছিল বৃদ্ধ লোকজনে৷ অচিনাকী সুন্দৰীৰ  যৌন ফান্দত ভৰি দি এটা সময়ত বৃদ্ধ লোক জন সম্পূৰ্ণ বিবস্তৰ হৈ পৰিছিল আৰু ভিডিঅ’ কল কৰি গৈছিল৷  ৬৫ বছৰীয়া ব্যক্তিজনে ভিডিঅ' কল কৰাৰ পিছতে অচিনাক্ত মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ  উঠিছিল । ফলস্বৰূপে, তেওঁ ৬০  লাখ টকা হেৰুৱালগীয়া হ’ল। মুম্বাইত ঘটিছে এই ঘটনা। ঘটনাটো সোমবাৰে পোহৰলৈ আহিছে।

পত্নীৰ মৃত্যুৰ পিছত, বৃদ্ধজন একাকীত্বত ভুগি আছিল। সেয়েহে তেওঁ 'বৈবাহিক ছাইট'ত তেওঁৰ প্ৰ'ফাইল খুলিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি ছাইটটোত তেওঁ এগৰাকী মহিলাৰ সৈতে বাৰ্তালাপ কৰিছিল। কেইদিনমানৰ ভিতৰতে তেওঁলোক ঘনিষ্ঠ হৈ পৰিছিল। তেওঁলোকে ইজনে- সিজনৰ সৈতে ফোন নম্বৰ বিনিময় কৰিছিল। ইয়াৰ পিছত মহিলাগৰাকীয়ে ভিডিঅ' কল এটাত বৃদ্ধ জনৰ সৈতে বাৰ্তালাপ কৰিছিল। অচিনাক্ত মহিলাগৰাকীয়ে বৃদ্ধজনক তেওঁৰ কাপোৰ খুলিবলৈ অনুৰোধ কৰিছিল। 

একেদৰে, তেঁৱো  কাপোৰ খুলিছিল। বৃদ্ধজনে অনুভৱ কৰা নাছিল যে ভিডিঅ'টো এই সময়ত ৰেকৰ্ড কৰা হৈছে। অভিযোগ কৰা হৈছে যে ইয়াৰ পিছত তেওঁক ভিডিঅ'টো লিক কৰাৰ ভাবুকি দিয়া হৈছিল আৰু তেওঁৰ পৰা টকা দাবী কৰা হৈছিল। বৃদ্ধজনেও ভয়তে টকা দিছিল। তেওঁ মুঠ ৬০ লাখ টকা পৰিশোধ কৰিছিল। বৃদ্ধজনে অভিযোগ কৰিছে যে ইয়াৰ পাছতো তেওঁৰ পৰা অধিক ধন দাবী কৰা হৈছিল। অৱশেষত তেওঁ আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয়। তেওঁ চাইবাৰ আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছে। এই প্ৰতিবেদন লিখাৰ সময়ত কোনো লোককে ঘটনা সন্দৰ্ভত  গ্ৰেপ্তাৰ কৰা হোৱা নাই।

এনে ঘটনা এয়াই  প্ৰথম  নহয় ৷  যোৱা মাহতো গুজৰাটৰ এজন ব্যৱসায়ীয়ে একে ধৰণৰ  অভিযোগ উত্থাপন কৰিছিল। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক