--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুন্দৰীৰ কথাত গা উঠিল বৃদ্ধৰ৷ সুন্দৰীয়ে যেনেদৰে কৰিবলৈ কৈছিল ঠিক তেনেদৰেই কৰি গৈছিল বৃদ্ধ লোকজনে৷ অচিনাকী সুন্দৰীৰ  যৌন ফান্দত ভৰি দি এটা সময়ত বৃদ্ধ লোক জন সম্পূৰ্ণ বিবস্তৰ হৈ পৰিছিল আৰু ভিডিঅ’ কল কৰি গৈছিল৷  ৬৫ বছৰীয়া ব্যক্তিজনে ভিডিঅ' কল কৰাৰ পিছতে অচিনাক্ত মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ  উঠিছিল । ফলস্বৰূপে, তেওঁ ৬০  লাখ টকা হেৰুৱালগীয়া হ’ল। মুম্বাইত ঘটিছে এই ঘটনা। ঘটনাটো সোমবাৰে পোহৰলৈ আহিছে।

পত্নীৰ মৃত্যুৰ পিছত, বৃদ্ধজন একাকীত্বত ভুগি আছিল। সেয়েহে তেওঁ 'বৈবাহিক ছাইট'ত তেওঁৰ প্ৰ'ফাইল খুলিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি ছাইটটোত তেওঁ এগৰাকী মহিলাৰ সৈতে বাৰ্তালাপ কৰিছিল। কেইদিনমানৰ ভিতৰতে তেওঁলোক ঘনিষ্ঠ হৈ পৰিছিল। তেওঁলোকে ইজনে- সিজনৰ সৈতে ফোন নম্বৰ বিনিময় কৰিছিল। ইয়াৰ পিছত মহিলাগৰাকীয়ে ভিডিঅ' কল এটাত বৃদ্ধ জনৰ সৈতে বাৰ্তালাপ কৰিছিল। অচিনাক্ত মহিলাগৰাকীয়ে বৃদ্ধজনক তেওঁৰ কাপোৰ খুলিবলৈ অনুৰোধ কৰিছিল। 

একেদৰে, তেঁৱো  কাপোৰ খুলিছিল। বৃদ্ধজনে অনুভৱ কৰা নাছিল যে ভিডিঅ'টো এই সময়ত ৰেকৰ্ড কৰা হৈছে। অভিযোগ কৰা হৈছে যে ইয়াৰ পিছত তেওঁক ভিডিঅ'টো লিক কৰাৰ ভাবুকি দিয়া হৈছিল আৰু তেওঁৰ পৰা টকা দাবী কৰা হৈছিল। বৃদ্ধজনেও ভয়তে টকা দিছিল। তেওঁ মুঠ ৬০ লাখ টকা পৰিশোধ কৰিছিল। বৃদ্ধজনে অভিযোগ কৰিছে যে ইয়াৰ পাছতো তেওঁৰ পৰা অধিক ধন দাবী কৰা হৈছিল। অৱশেষত তেওঁ আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয়। তেওঁ চাইবাৰ আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছে। এই প্ৰতিবেদন লিখাৰ সময়ত কোনো লোককে ঘটনা সন্দৰ্ভত  গ্ৰেপ্তাৰ কৰা হোৱা নাই।

এনে ঘটনা এয়াই  প্ৰথম  নহয় ৷  যোৱা মাহতো গুজৰাটৰ এজন ব্যৱসায়ীয়ে একে ধৰণৰ  অভিযোগ উত্থাপন কৰিছিল। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু