--°C
Loading...
Listen to Article
2 min read
80%
জিতুমণি বৰা

দিল্লীৰ পঞ্জাবীসকলৰ বিষয়ে বৰকৈ নাজানোঁ। কিন্তু পঞ্জাবৰ পঞ্জাবীসকল অতি পৰিশ্ৰমী , স্বাভিমানী আৰু নিজৰ ৰাজ্যখন আৰু জাতিটোৰ প্ৰতি অতি দায়বদ্ধ। ভাৰতবৰ্ষক পঞ্জাব আৰু পঞ্জাবীয়ে দিয়া নাই কি ? প্ৰশ্নটোৰ উত্তৰত ক'ব পাৰি নিদিয়াকৈ আছে কি ? আন্তৰ্জাতিক সীমাৰ সুৰক্ষাৰ পৰা ভাত, ৰুটিলৈকে ...। সাহসী আৰু স্বাভিমানী হোৱাৰ বাবেই তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰে আৰু দেশৰ প্ৰথমটো সেউজ বিপ্লৱ পঞ্জাবতে সংঘটিত কৰি কাললৈ খ্যাতি ৰাখিলে।

আমাৰ ইয়াত কৃষি আৰু কৃষকৰ কদৰ যিমান পঞ্জাবত ১০০গুণ অধিক। আমাৰ ইয়াত দুই নম্বৰী মানুহেহে কোটিটকীয়া গাড়ী কিনিব পাৰে বুলি বদনাম আছে। অন্ততঃ কৃষকে কিনিব নোৱাৰে!
এই কথাখিনি কোৱাৰ কাৰণ হ'ল কংগনা ৰাণাৱাট আৰু ইমাৰজেন্সী। ইমাৰজেন্সী চিনেমাখন পঞ্জাবত নিষিদ্ধ কৰা হৈছে। চৰকাৰে নহয়, স্বাভিমানী পঞ্জাবীসকলেহে  এই সিদ্ধান্ত লৈছে। পঞ্জাবৰ চিনেমা হলৰ  স্বত্বাধিকাৰীসকলে ইমাৰজেন্সী নচলোৱাৰ সিদ্ধান্ত লৈছে আৰু কোনো পঞ্জাবীয়ে ইয়াৰ বিৰোধিতা কৰি চিনেমাখন চলাব লাগে বুলি প্ৰচাৰৰ আশাত চিঞৰ বাখৰ কৰা নাই।
কথা হ'ল পঞ্জাবীয়ে কিয় ইমাৰজেন্সী চলোৱা নাই। 

আত্মসন্মান থকা মানুহে নাপাহৰে কোনো অপমান। কংগনা ৰাণাৱাটৰ দৰে এগৰাকী দায়িত্বশীল নাগৰিকে পঞ্জাব আৰু পঞ্জাবীক ইমান বেয়াকৈ অপমান আৰু অসন্মান কৰিছিল, স্বাধীনতাৰ পাছত কোনো ভাৰতীয়ই এনেকৈ পঞ্জাবীসকলক অপমান কৰা নাই।
হক বিচাৰি আন্দোলন কৰা পঞ্জাবৰ কৃষক সকলক দেশদ্ৰোহী আখ্যা দি খালিস্তানী বুলি ক'বলৈ ওঁঠ কপা নাছিল কংগনাৰ। 
এয়াই নহয়, উড়তা পঞ্জাব চিনেমাখনৰ উদাহৰণ দাঙি ধৰি কংগনাই পঞ্জাব ড্ৰাগছ, ভাং ,মদৰ কাৰখানা বুলি কৈছিল। 
খালিস্তানী ফলে-ফুলে পঞ্জাবত জাতিস্কাৰ হোৱাৰ উপৰি ৰাজ্যখন বাংলাদেশত পৰিণত হোৱাৰ অভিযোগ তুলিছিল।
আৰু বহু অভিযোগ। ইমান অপমান ! স্ব-নিৰ্ভৰশীল জাতিয়ে কেনেকৈ সহিব পাৰে! ধৰ্ষণ, হত্যাৰ কেন্দ্ৰ পঞ্জাব বুলি কৈ পঞ্জাবীসকলকে ধৰ্ষক ,ৰেপিষ্ট আখ্যা প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে নিদিলে জানো ?

মোদীয়ে ভাল পাওক বুলি কংগনাই এইবোৰ সস্তীয়া আৰু মুখৰোচক কথা কৈছিল যদিও বিজেপি ইয়াক লৈ অস্বস্তিত পৰিছিল। কোনেও কংগনাক সমৰ্থন কৰা নাছিল। এটা বৃহৎ কৃষক আন্দোলনক নসাৎ কৰি সমস্ত কৃষকক অপমান কৰাৰ অধিকাৰ কংগনাক কোনে দিলে ? সেয়ে পঞ্জাবৰ চলচ্চিত্ৰ গৃহৰ স্বত্বাধিকাৰীসকলে ইমাৰজেন্সী নিষিদ্ধ কৰি চিনেমাখন প্ৰদৰ্শন কৰা নাই। স্বাভিমানী জাতিয়ে এনেদৰেই প্ৰমাণ দিয়ে অসভ্যৰ বিৰুদ্ধে কেনেকৈ যুজঁ দিব লাগে। 

পঞ্জাবৰ কৃষক আৰু নাগৰিকৰ এই স্বাভিমানৰ পৰা আমাৰ শিকিবলগীয়া আছে। 
অসমীয়াকো ভিতৰৰ আৰু বাহিৰৰ পৰা বিভিন্নজনে বিভিন্ন সময়ত অপমানিত কৰাৰ পাছতো আমি দুদিন পাছত পাহৰি যাওঁ। কথাবোৰ মনত নাৰাখো। 
মনত আছেনে? মেৰীকম চিনেমাখনো মণিপুৰত প্ৰদৰ্শন কৰিবলৈ দিয়া নাছিল। এয়া তেওঁলোকৰ স্বাভিমান।গণতান্ত্ৰিক প্ৰতিবাদ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ