--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা নতুন বিষয়ত এতিয়া পঞ্জাবত ৰাজনীতি আৰম্ভ হৈছে, যিটো বিষয়ত পুনৰ বিজেপি আৰু আম আদমী পাৰ্টিৰ মুখামুখি হৈছে। দৰাচলতে কেন্দ্রীয় চৰকাৰে বানপানী সন্দর্ভত পঞ্জাবক ২১৮.৪০ কোটি টকাৰ সাহায্য পেকেজ দিছে৷ এতিয়া বিজেপিৰ ৰাজ্যিক সভাপতি সুনীল জাখৰে পঞ্জাব চৰকাৰক খৰছ কৰা ধনৰ হিচাপ দিবলৈ কোৱাত মুখ্যমন্ত্ৰী ভগৱন্ত মান জাখৰৰ বিৰুদ্ধে ক্ষুদ্ধ  হৈ পৰিছে।

সুনীল জাখৰে হিচাপ বিচৰা প্ৰশ্নৰ উপযুক্ত উত্তৰ দি মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে ইয়াৰ কিস্তি ১০ জুলাইত কেন্দ্ৰই মুকলি কৰি দিছিল আৰু জাখৰে ১২ জুলাইত ইয়াৰ একাউণ্ট বিচাৰিছে।উল্লেখযোগ্য যে সুনীল জাখৰে মুখ্যমন্ত্ৰী মানক টকাৰ হিচাপ দিবলৈ কৈছিল আৰু কেন্দ্ৰই দিয়া ধনৰ সঠিক ব্যৱহাৰ হোৱা নাই বুলি উল্লেখ কৰিীছিল। চৰকাৰে যদি আগতীয়াকৈ খালবোৰ চাফা কৰি সঠিকভাৱে মেৰামতি কৰি দিলেহেঁতেন তেন্তে এই পৰিস্থিতিৰ উদ্ভৱ নহ’লহেঁতেন৷

কংগ্ৰেছ, বিজেপি আৰু আকালি দলে পঞ্জাৱ চৰকাৰক লৈ প্ৰশ্ন উত্থাপন কৰাৰ সময়তে মুখ্যমন্ত্ৰী মানে টুইট কৰি কয় যে "বিজেপি ইউনিটৰ সভাপতি সুনীল জাখৰ, কংগ্ৰেছৰ সভাপতি ৰাজা ৱাৰ্ডিং, সুখবীৰ বাদল, শিৰোমণি আকালি দলৰ সভাপতি সকলোকে কৈছো,মই সদায় মোৰ মানুহক সহায় কৰোঁ। মই পাছত আপোনালোকৰ লগত ৰাজনীতিৰ কথা পাতিম।"

স্মৰ্তৱ্য যে বান সাহায্য পেকেজ মুকলি কৰাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ ইউজাৰ চাৰ্টিফিকেট বিচৰা নাই। সমগ্ৰ দেশৰ বানপীড়িত ৰাজ্যক কেন্দ্ৰীয় চৰকাৰে দিব ৭,৫৩২ কোটি টকা। যিটো দুটা কিস্তিত দিব লাগে। বৰ্তমান পঞ্জাৱক ২১৮.৪০ কোটি টকা দিয়া হৈছে। যাৰ সন্দৰ্ভত শেহতীয়াকৈ বিজেপিয়ে প্ৰশ্ন উত্থাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু