--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা নতুন বিষয়ত এতিয়া পঞ্জাবত ৰাজনীতি আৰম্ভ হৈছে, যিটো বিষয়ত পুনৰ বিজেপি আৰু আম আদমী পাৰ্টিৰ মুখামুখি হৈছে। দৰাচলতে কেন্দ্রীয় চৰকাৰে বানপানী সন্দর্ভত পঞ্জাবক ২১৮.৪০ কোটি টকাৰ সাহায্য পেকেজ দিছে৷ এতিয়া বিজেপিৰ ৰাজ্যিক সভাপতি সুনীল জাখৰে পঞ্জাব চৰকাৰক খৰছ কৰা ধনৰ হিচাপ দিবলৈ কোৱাত মুখ্যমন্ত্ৰী ভগৱন্ত মান জাখৰৰ বিৰুদ্ধে ক্ষুদ্ধ  হৈ পৰিছে।

সুনীল জাখৰে হিচাপ বিচৰা প্ৰশ্নৰ উপযুক্ত উত্তৰ দি মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে ইয়াৰ কিস্তি ১০ জুলাইত কেন্দ্ৰই মুকলি কৰি দিছিল আৰু জাখৰে ১২ জুলাইত ইয়াৰ একাউণ্ট বিচাৰিছে।উল্লেখযোগ্য যে সুনীল জাখৰে মুখ্যমন্ত্ৰী মানক টকাৰ হিচাপ দিবলৈ কৈছিল আৰু কেন্দ্ৰই দিয়া ধনৰ সঠিক ব্যৱহাৰ হোৱা নাই বুলি উল্লেখ কৰিীছিল। চৰকাৰে যদি আগতীয়াকৈ খালবোৰ চাফা কৰি সঠিকভাৱে মেৰামতি কৰি দিলেহেঁতেন তেন্তে এই পৰিস্থিতিৰ উদ্ভৱ নহ’লহেঁতেন৷

কংগ্ৰেছ, বিজেপি আৰু আকালি দলে পঞ্জাৱ চৰকাৰক লৈ প্ৰশ্ন উত্থাপন কৰাৰ সময়তে মুখ্যমন্ত্ৰী মানে টুইট কৰি কয় যে "বিজেপি ইউনিটৰ সভাপতি সুনীল জাখৰ, কংগ্ৰেছৰ সভাপতি ৰাজা ৱাৰ্ডিং, সুখবীৰ বাদল, শিৰোমণি আকালি দলৰ সভাপতি সকলোকে কৈছো,মই সদায় মোৰ মানুহক সহায় কৰোঁ। মই পাছত আপোনালোকৰ লগত ৰাজনীতিৰ কথা পাতিম।"

স্মৰ্তৱ্য যে বান সাহায্য পেকেজ মুকলি কৰাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ ইউজাৰ চাৰ্টিফিকেট বিচৰা নাই। সমগ্ৰ দেশৰ বানপীড়িত ৰাজ্যক কেন্দ্ৰীয় চৰকাৰে দিব ৭,৫৩২ কোটি টকা। যিটো দুটা কিস্তিত দিব লাগে। বৰ্তমান পঞ্জাৱক ২১৮.৪০ কোটি টকা দিয়া হৈছে। যাৰ সন্দৰ্ভত শেহতীয়াকৈ বিজেপিয়ে প্ৰশ্ন উত্থাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ