--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউনিফৰ্ম চিভিল কোডক লৈ চলি থকা আলোচনাৰ মাজতে এ আই এম আই এমৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন ওৱেইছিয়ে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ শুকুৰবাৰে (১৪ জুলাই) এক সংবাদমেলত আছাদুদ্দিন ওৱেইচিয়ে কয় যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গোপাল গৌড়াৰ আইনী মতামতৰ লগতে আমি আইন আয়োগলৈ আমাৰ সঁহাৰি প্ৰেৰণ কৰিছো। তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা নিজাম পাছাই এই সঁহাৰি প্ৰস্তুত  কৰাত তেওঁলোকক সহায় কৰিছিল।

আইন আয়োগৰ অধিসূচনাক লৈ প্ৰশ্ন উত্থাপন কৰে আছাদুদ্দিন ওৱেইছিয়ে। তেওঁ কয় যে অধিসূচনাত আইন আয়োগে মানুহৰ মতামত বিচাৰিছে৷ মোদী চৰকাৰৰ ওপৰত  ওৱেইছিয়ে কয় যে আইন আয়োগে পাঁচ বছৰৰ পাছত পুনৰ ইউচিচিৰ ওপৰত কচৰৎ আৰম্ভ কৰিছে। তেওঁ কয় যে প্ৰতিটো নিৰ্বাচনৰ আগতেই এনেকুৱা হয়, যাতে আগন্তুক নিৰ্বাচনত বিজেপি লাভৱান হ’ব পাৰে।

আই আই এম আই এমৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে লগতে কয় যে আমি বিশ্বাস কৰোঁ যে এইটো এটা ৰাজনৈতিক কচৰৎ৷ ইয়াৰ কাৰণ হ’ল লোকসভা নিৰ্বাচনৰ পূৰ্বে মুদ্ৰাস্ফীতি, দৰিদ্ৰতা, নিবনুৱা সমস্যা, চীন আদি বিষয়ৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰ কৰিব লাগে। উত্তৰাখণ্ডত ইউচিচি কাৰ্যকৰী কৰিবলৈ গঠন কৰা কমিটীখন ৪৪ নং অনুচ্ছেদৰ প্ৰত্যক্ষ উলংঘা বুলিও তেওঁ কয়।


আছাদুদ্দিন ওৱেইছিয়ে কয় যে ইউচিচিক লৈ চলি থকা বিতৰ্ক সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ মতামত জাপি দিয়াৰ প্ৰয়াস। তেওঁ কয় যে আমি আইন আয়োগক অনুৰোধ কৰিছো যাতে ৰাজনৈতিক অপপ্ৰচাৰৰ তেওঁলোক অংশ নহয়। তেওঁ কয় যে ন্যায়াধীশ গোপাল গৌড়াৰ মতে ৰাজ্যখনে (উত্তৰাখণ্ড) ইউচিচি গঠন কৰিব নোৱাৰে।তদুপৰি দাবী কৰে যে উত্তৰাখণ্ডৰ ইউনিফৰ্ম চিভিল কোড আদালতত আইনগতভাৱে বৈধ হ’ব নোৱাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু