--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউনিফৰ্ম চিভিল কোডক লৈ চলি থকা আলোচনাৰ মাজতে এ আই এম আই এমৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন ওৱেইছিয়ে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ শুকুৰবাৰে (১৪ জুলাই) এক সংবাদমেলত আছাদুদ্দিন ওৱেইচিয়ে কয় যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গোপাল গৌড়াৰ আইনী মতামতৰ লগতে আমি আইন আয়োগলৈ আমাৰ সঁহাৰি প্ৰেৰণ কৰিছো। তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা নিজাম পাছাই এই সঁহাৰি প্ৰস্তুত  কৰাত তেওঁলোকক সহায় কৰিছিল।

আইন আয়োগৰ অধিসূচনাক লৈ প্ৰশ্ন উত্থাপন কৰে আছাদুদ্দিন ওৱেইছিয়ে। তেওঁ কয় যে অধিসূচনাত আইন আয়োগে মানুহৰ মতামত বিচাৰিছে৷ মোদী চৰকাৰৰ ওপৰত  ওৱেইছিয়ে কয় যে আইন আয়োগে পাঁচ বছৰৰ পাছত পুনৰ ইউচিচিৰ ওপৰত কচৰৎ আৰম্ভ কৰিছে। তেওঁ কয় যে প্ৰতিটো নিৰ্বাচনৰ আগতেই এনেকুৱা হয়, যাতে আগন্তুক নিৰ্বাচনত বিজেপি লাভৱান হ’ব পাৰে।

আই আই এম আই এমৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে লগতে কয় যে আমি বিশ্বাস কৰোঁ যে এইটো এটা ৰাজনৈতিক কচৰৎ৷ ইয়াৰ কাৰণ হ’ল লোকসভা নিৰ্বাচনৰ পূৰ্বে মুদ্ৰাস্ফীতি, দৰিদ্ৰতা, নিবনুৱা সমস্যা, চীন আদি বিষয়ৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰ কৰিব লাগে। উত্তৰাখণ্ডত ইউচিচি কাৰ্যকৰী কৰিবলৈ গঠন কৰা কমিটীখন ৪৪ নং অনুচ্ছেদৰ প্ৰত্যক্ষ উলংঘা বুলিও তেওঁ কয়।


আছাদুদ্দিন ওৱেইছিয়ে কয় যে ইউচিচিক লৈ চলি থকা বিতৰ্ক সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ মতামত জাপি দিয়াৰ প্ৰয়াস। তেওঁ কয় যে আমি আইন আয়োগক অনুৰোধ কৰিছো যাতে ৰাজনৈতিক অপপ্ৰচাৰৰ তেওঁলোক অংশ নহয়। তেওঁ কয় যে ন্যায়াধীশ গোপাল গৌড়াৰ মতে ৰাজ্যখনে (উত্তৰাখণ্ড) ইউচিচি গঠন কৰিব নোৱাৰে।তদুপৰি দাবী কৰে যে উত্তৰাখণ্ডৰ ইউনিফৰ্ম চিভিল কোড আদালতত আইনগতভাৱে বৈধ হ’ব নোৱাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ