--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তানী নেতা অমৃতপাল সিং ক’ত? এই প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা নাই আৰক্ষীয়ে৷  এনে সময়তে পঞ্জাৱ আৰক্ষীয়ে মঙলবাৰে ৰাজ্যখনৰ অমৃতসৰ জিলাত থকা  'ৱাৰিছ পাঞ্জাৱ দে'ৰ পলাতক মুৰব্বী অমৃতপাল সিঙৰ দ্বাৰা পৰিচালিত এটা ড্ৰাগ-ডি-এডিকচন কেন্দ্ৰ বন্ধ কৰি দিয়ে। কেন্দ্ৰটো  অমৃতসৰৰ জল্লুপুৰ খেৰাত চলাই থকা হৈছিল। 

কেন্দ্ৰটোৰ তত্ত্বাৱধায়ক গুৰমুখ সিঙে কয়, "আৰক্ষী কেন্দ্ৰটোত উপস্থিত হৈ  তালাচী চলাইছিল। তেওঁলোকে আমাক কেন্দ্ৰটো বন্ধ কৰিবলৈ কৈছিল। চিকিৎসা ল'বলৈ অহা সত্তৰজন লোকক ঘূৰাই পঠোৱা হৈছে।" তত্ত্বাৱধায় জনে দাবী কৰিছে যে আৰক্ষীয়ে কেন্দ্ৰটোত একো পোৱা নাই ৷ এই কেন্দ্ৰত  কেৱল নিচাৰ  আসক্তি মুক্ত চিকিৎসাহে  কৰা  হৈছিল। ইয়াৰ পূৰ্বে মঙলবাৰে নেপাল, পাকিস্তানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ এলেকা আৰু নিৰীক্ষণ চকীসমূহক অমৃতপালৰ সাম্ভাৱ্য উপস্থিতিৰ বিষয়কলৈ সতৰ্ক কৰি দিয়া হৈছে৷ 

উল্লেখ্য অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰিবলৈ দেশজুৰি সতৰ্ক হৈ পৰিছে আৰক্ষী৷ পলাতক হৈ থকা নেতা জনক পিছে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷ অমৃতপালে পঞ্জাৱত মানৱ বোমা আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলি  আৰক্ষীয়ে দাবী কৰিছে ৷ অমৃতপালক জলন্ধৰৰ শ্বাহকোট অঞ্চলৰ মেহাটপুৰ গাঁৱত বহুে ধেখিছিল বুলিও দাবী কৰা হৈছে৷  'ৱাৰিছ পাঞ্জাৱ দে'ৰ মুৰব্বীজনৰ সৈতে আগ্নেয়াস্ত্ৰৰ সৈতে বহু কেইজন দেহৰক্ষী  আছিল৷একাধিক অপৰাধমূলক গোচৰত অভিযুক্ত স্বঘোষিত শিখ ধৰ্মগুৰু আৰু খালিস্তানপন্থী নেতা অমৃতপাল সিঙে পঞ্জাৱত আত্মঘাতী আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল  বুলি আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰ অনুসৰিঅমৃতপালে পঞ্জাৱৰ নিচামুক্ত কেন্দ্ৰসমূহত চিকিৎসাধীন যুৱকসকলক  মানৱ বোমা হিচাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল। শনিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।অৱশ্যে পঞ্জাৱ আৰক্ষীয়ে এতিয়ালৈকে  অমৃতপালক গ্ৰেপ্তাৰ কৰিব পৰা নাই। এক চৰকাৰী বিবৃতি অনুসৰি, অমৃতপালে এখন বাইকত উঠি  আৰক্ষীৰ সন্মুখৰ পৰাই পলাই যাবলৈ সক্ষম হৈছিল। অৱশ্যে, অমৃতপালৰ সংগঠন ৱাৰিছ পাঞ্জাৱ দে দাবী কৰিছে  যে তেওঁক আৰক্ষীয়ে আটক কৰি গোপন স্থানলৈ লৈ গৈছিল। এয়াও  আশংকা কৰা হৈছে যে তেওঁ ভুৱা সংঘৰ্ষত নিহত হ'বও পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই