--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তানী নেতা অমৃতপাল সিং ক’ত? এই প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা নাই আৰক্ষীয়ে৷  এনে সময়তে পঞ্জাৱ আৰক্ষীয়ে মঙলবাৰে ৰাজ্যখনৰ অমৃতসৰ জিলাত থকা  'ৱাৰিছ পাঞ্জাৱ দে'ৰ পলাতক মুৰব্বী অমৃতপাল সিঙৰ দ্বাৰা পৰিচালিত এটা ড্ৰাগ-ডি-এডিকচন কেন্দ্ৰ বন্ধ কৰি দিয়ে। কেন্দ্ৰটো  অমৃতসৰৰ জল্লুপুৰ খেৰাত চলাই থকা হৈছিল। 

কেন্দ্ৰটোৰ তত্ত্বাৱধায়ক গুৰমুখ সিঙে কয়, "আৰক্ষী কেন্দ্ৰটোত উপস্থিত হৈ  তালাচী চলাইছিল। তেওঁলোকে আমাক কেন্দ্ৰটো বন্ধ কৰিবলৈ কৈছিল। চিকিৎসা ল'বলৈ অহা সত্তৰজন লোকক ঘূৰাই পঠোৱা হৈছে।" তত্ত্বাৱধায় জনে দাবী কৰিছে যে আৰক্ষীয়ে কেন্দ্ৰটোত একো পোৱা নাই ৷ এই কেন্দ্ৰত  কেৱল নিচাৰ  আসক্তি মুক্ত চিকিৎসাহে  কৰা  হৈছিল। ইয়াৰ পূৰ্বে মঙলবাৰে নেপাল, পাকিস্তানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ এলেকা আৰু নিৰীক্ষণ চকীসমূহক অমৃতপালৰ সাম্ভাৱ্য উপস্থিতিৰ বিষয়কলৈ সতৰ্ক কৰি দিয়া হৈছে৷ 

উল্লেখ্য অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰিবলৈ দেশজুৰি সতৰ্ক হৈ পৰিছে আৰক্ষী৷ পলাতক হৈ থকা নেতা জনক পিছে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷ অমৃতপালে পঞ্জাৱত মানৱ বোমা আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলি  আৰক্ষীয়ে দাবী কৰিছে ৷ অমৃতপালক জলন্ধৰৰ শ্বাহকোট অঞ্চলৰ মেহাটপুৰ গাঁৱত বহুে ধেখিছিল বুলিও দাবী কৰা হৈছে৷  'ৱাৰিছ পাঞ্জাৱ দে'ৰ মুৰব্বীজনৰ সৈতে আগ্নেয়াস্ত্ৰৰ সৈতে বহু কেইজন দেহৰক্ষী  আছিল৷একাধিক অপৰাধমূলক গোচৰত অভিযুক্ত স্বঘোষিত শিখ ধৰ্মগুৰু আৰু খালিস্তানপন্থী নেতা অমৃতপাল সিঙে পঞ্জাৱত আত্মঘাতী আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল  বুলি আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰ অনুসৰিঅমৃতপালে পঞ্জাৱৰ নিচামুক্ত কেন্দ্ৰসমূহত চিকিৎসাধীন যুৱকসকলক  মানৱ বোমা হিচাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল। শনিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।অৱশ্যে পঞ্জাৱ আৰক্ষীয়ে এতিয়ালৈকে  অমৃতপালক গ্ৰেপ্তাৰ কৰিব পৰা নাই। এক চৰকাৰী বিবৃতি অনুসৰি, অমৃতপালে এখন বাইকত উঠি  আৰক্ষীৰ সন্মুখৰ পৰাই পলাই যাবলৈ সক্ষম হৈছিল। অৱশ্যে, অমৃতপালৰ সংগঠন ৱাৰিছ পাঞ্জাৱ দে দাবী কৰিছে  যে তেওঁক আৰক্ষীয়ে আটক কৰি গোপন স্থানলৈ লৈ গৈছিল। এয়াও  আশংকা কৰা হৈছে যে তেওঁ ভুৱা সংঘৰ্ষত নিহত হ'বও পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু