--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ নাগৰিকসকলে সুখে-সন্তোষেৰে দিন পাৰ কৰি আছে বুলি বিভিন্ন মহলে বিশ্বক পতিয়ন নিয়াব বিচাৰিছে যদিও প্ৰকৃত ছবি খন হয়তো তেনে নহয়৷ মোদী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে দেশত লক্ষ্যণীয় হাৰত উলংঘন হৈছে মানৱ অধিকাৰ৷ এই কথা কোনো সাধাৰণ লোকে কোৱা কথা নহয়৷ ভাৰতত বিগত কিছু বছৰত মানৱ অধিকাৰ উলংঘনৰ ভয়াৱহ ছবি খন পৰিস্ফূত হৈ উঠিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে শেহতীয়াকৈ   প্ৰকাশ কৰা মানৱ অধিকাৰ বিষয়ক  বাৰ্ষিক বিশ্লেষণাত্মক প্ৰতিবেদনত৷

চলিত বৰ্ষৰ ২০ মাৰ্চত প্ৰকাশ পোৱা  প্ৰতিবেদনত  ভাৰতত সংঘটিত 'মানৱ অধিকাৰৰ সমস্যা আৰু অপব্যৱহাৰ'ৰ কথা  ব্যাখ্যা কৰিবলৈ এনচিআৰবি তথ্য উদ্ধৃত কৰা হৈছে। প্ৰতিবেদনখনত দাবী কৰা হৈছে যে ভাৰতে ২০২২ চনত কেইবাটাও মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰ সাক্ষী হৈছে৷ যাৰ ভিতৰত আছে আৰক্ষীৰ  জিম্মাত অভিযুক্তৰ মৃত্যু,  সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব হোৱা , ধৰ্মীয় আৰু জাতিগত সংখ্যালঘুসকলক  হিংসাৰ লক্ষ্য কৰি লোৱা আদি। মাৰ্কিন বিদেশ সচিব এণ্টনি ব্লিঙ্কেনৰ বৈদেশিক  বিভাগে এই প্ৰতিবেদনৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছক বিশ্বজুৰি মানৱ অধিকাৰৰ পৰিস্থিতিৰ বিষয়ে সম্যক ধাৰণা দিবলৈ সক্ষম হৈছে৷ 

ভাৰতৰ নেছনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’(এনচিআৰবি)ৰ তথ্য অনুসৰি ২০২০ চনত ভাৰতত আৰক্ষীৰ জিম্মাত ১১১ জন লোকৰ মৃত্যু হৈছিল। প্ৰতিবেদনত  ৮২ জনৰ মৃত্যু  অত্যাচাৰ কৰাৰ ফলত হোৱা বুলি কোৱা হৈছে। উত্তৰ প্ৰদেশ আৰু গুজৰাটত সেই বৰ্ষত সৰ্বাধিক ১১  জন লোকৰ আৰক্ষীৰ  জিম্মাত মৃত্যু হৈছিল৷ মধ্য প্ৰদেশত মৃত্যু হৈছিল ১০ জন অভিযুক্তৰ।এনচিআৰবিয়ে ২০২০ চনত দেশৰ বিভিন্ন কাৰাগাৰত ১,৮৮৭ গৰাকী বন্দীৰ মৃত্যু ঘটা বুলি প্ৰকাশ কৰিছিল৷ কাৰাগাৰৰ ভিতৰত হোৱা বেছিভাগ  মৃত্যুক প্ৰাকৃতিক কাৰণত হোৱা  বুলিও কোৱা হৈছে৷ উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগতে  সৰ্বাধিক সংখ্যক বন্দীৰ কাৰাগাৰত  থকা সময়ত  মৃত্যু হৈছিল৷ তেলেংগানাত  এগৰাকী দলিত মহিলাক চুৰিৰ সন্দেহত  আৰক্ষীয়ে আটক কৰি নিজৰ  জিম্মাত ৰখাৰ সময়তে মহিলাগৰাকীয়ে  মৃত্যুবৰণ কৰিছিল৷ 
 তেলেংগানা উচ্চ ন্যায়ালয়ে পিছত ঘটনাটোৰ  তদন্তৰ নিৰ্দেশ দিছিল৷ মহিলাগৰাকীক প্ৰহাৰ কৰি হত্যাৰ অভিযোগ উঠিছিল৷ 

ঘটনা সন্দৰ্ভত তেলেংগানা চৰকাৰে তিনিজনক চাকৰিৰ পৰা নিলম্বিত কৰি প্ৰতিবাদৰ জুই প্ৰশমিত কৰিব বিচাৰিছিল৷ একেদৰে গুজৰাটৰ নৱসাৰীত ৰবি যাদৱ আৰু সুনীল পাৱাৰ নামৰ  দুজন লোকক চাইকেল চুৰিত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল৷ পিছত তেওঁলোকৰ মৃতদেহ  ওলমি থকা অৱস্থাত পোৱা গৈছিল৷ প্ৰতিবাদৰ পিছতে  তিনিজন আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল৷ উল্লেখ্য  ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰিনিধিয়েও অবৈধভাৱে আটক, সন্দেহজনক  হত্যাকাণ্ড, আৰু জম্মু আৰু কাশ্মীৰত সঘনে হৈ থকা  নিৰুদ্দেশ সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল৷ 

এয়া কেইটামান উদাহৰণহে মাত্ৰ৷ এনচিআৰবিৰ প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই আছে মানৱ অধিকাৰ উলংঘনৰ বহু উদাহৰণ৷ তেনে উদাহৰণ সমূহকে লৈ মাৰ্কিন বিদেশ বিভাগে নিজাববীয়াকৈ প্ৰকাশ কৰিছে ভাৰতত মানৱ অধিকাৰ উলংঘন হোৱাৰ প্ৰতিবেদন৷ যি প্ৰতিবেদনে এতিয়া কেৱল মাৰ্কিন কংগ্ৰেছকে নহয়, সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি তুলিছে৷ মাৰ্কিন চৰকাৰৰ প্ৰতিবেদন খন মোদীৰ শান্তিৰ ভাৰতৰ প্ৰকৃত ছবি খন বিশ্ববাসীৰ ওচৰত উদঙাই দিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই