--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঁইতাচোৰা এক অশান্তিকৰ প্ৰাণী। এইবিধ প্ৰাণীৰ উপদ্ৰৱত কেতিয়াবা বাঢ়ি যায়। লাইট বন্ধ কৰি থোৱা ৰূমত হঠাতে লাইট জ্বলাই দিলে কেতিয়াবা জাকে জাকে পঁইতাচোৰা দেখিবলৈ পোৱা যায়। পঁইতাচোৰাই ৰোগ বিয়পোৱাৰ লগতে প্ৰয়োজনীয় নথিপত্ৰবোৰো নষ্ট কৰে। কিছুমান ঘৰুৱা সৰল পদ্ধতি প্ৰয়োগ কৰি পঁইতাচোৰা খেদিব পাৰি। জানি লওক সেই পদ্ধতি।

১) লং আৰু জালুকঃ লং আৰু জালুক একেলগে ভাজক বা প্ৰখৰ ৰ'দত শুকুৱাওক। এতিয়া এইখিনি গুড়ি কৰি পানীত মিহলি কৰক আৰু ইয়াক এটা স্প্ৰে বটলত ভৰাই ঘৰৰ কোণত স্প্ৰে কৰক। পঁইতাচোৰা অহা-যোৱা কৰা ঠাইত অধিক স্প্ৰে কৰক। আপুনি দেখিব যে পঁইতাচোৰা আৰু আপোনাৰ ঘৰত নাথাকে।

২) বৰিক পাউডাৰঃ বৰিক পাউডাৰে পঁইতাচোৰা খুব ভালদৰে আঁতৰ কৰে। বৰিক পাউডাৰ ভাতৰ সৈতে মিহলি কৰক আৰু ঘৰৰ চুকে-কোণে ৰাখক। এই ভাত খোৱাৰ পাছত পঁইতাচোৰা তৎক্ষণাৎ মৰিব। কেৱল সেয়াই নহয় আপুনি সোনকালেই উপলব্ধি কৰিব যে পঁইতাচোৰা আপোনাৰ ঘৰৰ পৰা আঁতৰি গৈছে।

৩) এমোনিয়াঃ পঁইতাচোৰা মৰা দৰৱত বৃহৎ পৰিমাণত এমোনিয়া ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি সেই এমোনিয়া পোনপটীয়াকৈ ঘৰত ব্যৱহাৰ কৰিব পাৰে। পাঁচ লিটাৰ পানীত দুই কাপ তৰল এমোনিয়া লওঁক আৰু সপ্তাহত কমেও তিনিদিন ঘৰটো মচি দিয়ক। আপুনি দেখিব যে আৰু কোনো ধৰণৰ পঁইতাচোৰা নাথাকিব।

৪) তেজপাতঃ পাতবোৰ শুকুৱাব লাগে বা ভালদৰে তিয়াই ৰাখিব লাগে। যদি পাউডাৰটো সপ্তাহত কমেও দুবাৰকৈ ঘৰৰ প্ৰতিটো কোণত ছটিয়াই দিয়া হয় তেন্তে আৰু আপোনাৰ ঘৰত পঁইতাচোৰা নাথাকে। তেজপাতৰ উগ্ৰ গোন্ধ পঁইতাচোৰাই গোন্ধ সহ্য কৰিব নোৱাৰে।

৫) নেপথালিনঃ আপুনি কাপোৰত নেপথালিন ৰাখিব পাৰে। নেপথালিনৰ গোন্ধ পালে পঁইতাচোৰা পলাই যায়।

৬) চেনী আৰু বেকিং চ'ডাঃ চেনী বেকিং চ'ডাত মিহলি কৰক আৰু ইয়াক পঁইতাচোৰা অহা-যোৱাৰ পথত ৰাখক। পঁইতাচোৰাই চেনী খাবলৈ ভাল পায়। বেকিং চ'ডা মিহলি চেনী খালে পঁইতাচোৰা তৎক্ষণাৎ মৰিব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে