--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঁইতাচোৰা এক অশান্তিকৰ প্ৰাণী। এইবিধ প্ৰাণীৰ উপদ্ৰৱত কেতিয়াবা বাঢ়ি যায়। লাইট বন্ধ কৰি থোৱা ৰূমত হঠাতে লাইট জ্বলাই দিলে কেতিয়াবা জাকে জাকে পঁইতাচোৰা দেখিবলৈ পোৱা যায়। পঁইতাচোৰাই ৰোগ বিয়পোৱাৰ লগতে প্ৰয়োজনীয় নথিপত্ৰবোৰো নষ্ট কৰে। কিছুমান ঘৰুৱা সৰল পদ্ধতি প্ৰয়োগ কৰি পঁইতাচোৰা খেদিব পাৰি। জানি লওক সেই পদ্ধতি।

১) লং আৰু জালুকঃ লং আৰু জালুক একেলগে ভাজক বা প্ৰখৰ ৰ'দত শুকুৱাওক। এতিয়া এইখিনি গুড়ি কৰি পানীত মিহলি কৰক আৰু ইয়াক এটা স্প্ৰে বটলত ভৰাই ঘৰৰ কোণত স্প্ৰে কৰক। পঁইতাচোৰা অহা-যোৱা কৰা ঠাইত অধিক স্প্ৰে কৰক। আপুনি দেখিব যে পঁইতাচোৰা আৰু আপোনাৰ ঘৰত নাথাকে।

২) বৰিক পাউডাৰঃ বৰিক পাউডাৰে পঁইতাচোৰা খুব ভালদৰে আঁতৰ কৰে। বৰিক পাউডাৰ ভাতৰ সৈতে মিহলি কৰক আৰু ঘৰৰ চুকে-কোণে ৰাখক। এই ভাত খোৱাৰ পাছত পঁইতাচোৰা তৎক্ষণাৎ মৰিব। কেৱল সেয়াই নহয় আপুনি সোনকালেই উপলব্ধি কৰিব যে পঁইতাচোৰা আপোনাৰ ঘৰৰ পৰা আঁতৰি গৈছে।

৩) এমোনিয়াঃ পঁইতাচোৰা মৰা দৰৱত বৃহৎ পৰিমাণত এমোনিয়া ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি সেই এমোনিয়া পোনপটীয়াকৈ ঘৰত ব্যৱহাৰ কৰিব পাৰে। পাঁচ লিটাৰ পানীত দুই কাপ তৰল এমোনিয়া লওঁক আৰু সপ্তাহত কমেও তিনিদিন ঘৰটো মচি দিয়ক। আপুনি দেখিব যে আৰু কোনো ধৰণৰ পঁইতাচোৰা নাথাকিব।

৪) তেজপাতঃ পাতবোৰ শুকুৱাব লাগে বা ভালদৰে তিয়াই ৰাখিব লাগে। যদি পাউডাৰটো সপ্তাহত কমেও দুবাৰকৈ ঘৰৰ প্ৰতিটো কোণত ছটিয়াই দিয়া হয় তেন্তে আৰু আপোনাৰ ঘৰত পঁইতাচোৰা নাথাকে। তেজপাতৰ উগ্ৰ গোন্ধ পঁইতাচোৰাই গোন্ধ সহ্য কৰিব নোৱাৰে।

৫) নেপথালিনঃ আপুনি কাপোৰত নেপথালিন ৰাখিব পাৰে। নেপথালিনৰ গোন্ধ পালে পঁইতাচোৰা পলাই যায়।

৬) চেনী আৰু বেকিং চ'ডাঃ চেনী বেকিং চ'ডাত মিহলি কৰক আৰু ইয়াক পঁইতাচোৰা অহা-যোৱাৰ পথত ৰাখক। পঁইতাচোৰাই চেনী খাবলৈ ভাল পায়। বেকিং চ'ডা মিহলি চেনী খালে পঁইতাচোৰা তৎক্ষণাৎ মৰিব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু