--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সঘনাই প্ৰস্ৰাৱ কৰাটো বহুতো চিকিৎসাজনিত সমস্যাৰ লক্ষণ। প্ৰায়ে মানুহে বিশ্বাস কৰে যে ডায়েবেটিছ ৰোগীৰ এই সমস্যা আছে কিন্তু ইয়াৰ আন বহু কাৰণ থাকিব পাৰে। যদি সময়মতে ইয়াৰ চিকিৎসা গ্ৰহণ কৰা নহয়, তেন্তে ই আৰু অধিক ভয়াৱহ সমস্যা হ’ব পাৰে। যদি নিশা সঘনাই প্ৰস্ৰাৱ অনুভৱ হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। চিকিৎসা ভাষাত এই সমস্যাটোক Nocturia বুলি কোৱা হয়। যদি ইয়াক আওকাণ কৰা হয় তেন্তে ই দীৰ্ঘদিনীয়া ৰোগৰ কাৰণ হ’ব পাৰে।

* নিশা সঘনাই প্ৰস্ৰাৱ কৰাৰ কাৰণ-

স্বাস্থ্য বিশেষজ্ঞৰ মতে নিশা প্ৰস্ৰাৱ অনুভৱ কৰাটো স্বাভাৱিক যদিও যদি দুবাৰ বা তাতকৈ অধিকবাৰ হয়, তেন্তে ই কোনো ৰোগৰ ইংগিত হ’ব পাৰে। এই সমস্যাক নক্টুৰিয়া বোলা হয়। ইয়াৰ বহু কাৰণ থাকিব পাৰে। যদি আপুনি শোৱাৰ আগতে অত্যধিক মদ্যপান কৰে তেন্তে ই সমস্যা হ’ব পাৰে। ইয়াৰ উপৰি প্ৰষ্টেট বৃদ্ধি, উচ্চ ৰক্তচাপ, বাতবিষ, ডায়েবেটিছ বা হতাশাৰ বাবেও সঘনাই প্ৰস্ৰাৱ হোৱাৰ উপৰি কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বাবেও এনে হ’ব পাৰে। সেইবাবেই গাফিলতিৰ সলনি সময়মতে চিকিৎসকৰ কাষ চপা উচিত।

* এই সমস্যা কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি-

১. নক্টুৰিয়া কোনো গভীৰ ৰোগ নহয়, জীৱনশৈলীৰ পৰিৱৰ্তনেৰে এই সমস্যাটো হ্ৰাস কৰিব পাৰে। নিশা শোৱাৰ ৩-৪ ঘণ্টা আগতে যি তৰল সেৱন কৰি আছে সেয়া হ্ৰাস কৰিব। ইয়াৰ ফলত নিশা প্ৰস্ৰাৱ অনুভৱ নকৰিব।

২) মদ আৰু কেফেইনযুক্ত পানীয়ৰ পৰা আঁতৰি থাকক। কাৰণ ইয়াৰ বাবেই এই সমস্যাৰ সৃষ্টি হয়।

৩) যদি ঔষধৰ বাবে নিশা এই ধৰণৰ সমস্যা হৈছে তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে সেই ঔষধবোৰ বন্ধ কৰক।

৪) ডায়েবেটিছ আৰু মানসিক স্বাস্থ্যৰ সমস্যাৰ বাবেও এনে হ’ব পাৰে। গতিকে নিয়ন্ত্ৰণত থাকিবলৈ চেষ্টা কৰক









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু