--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানৰ সৈতে যুদ্ধ-বিৰতি অন্ত পৰা আৰু দেশখনৰ সৈতে শান্তি আলোচনা কৰাটো সময়ৰ অপচয় বুলি কৰা মন্তব্যৰ পাছতে শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ মাজত হাহাকাৰ লাগে।

ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ইৰান যুদ্ধক লৈ দিয়া এটা মন্তব্যই কালি ভাৰতৰ শ্বেয়াৰ বজাৰত ধুমুহাৰ সৃষ্টি কৰে। ইয়াৰ ফলত বিনিয়োগকাৰীৰ প্ৰায় ১০ লাখ কোটি টকা লোকচান হয়। 


উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানৰ সৈতে যুদ্ধ-বিৰতি অন্ত পৰা আৰু দেশখনৰ সৈতে শান্তি আলোচনা কৰাটো সময়ৰ অপচয় বুলি কৰা মন্তব্যৰ পাছতে শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ মাজত হাহাকাৰ লগাৰ লগতে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দামো প্রায় ৬% বৃদ্ধি পায়।


বম্বে ষ্টক এক্সছেঞ্জৰ সূচকাংক ছেনছেক্স কালি এটা সময়ত প্রায় ১৯০০ পইণ্ট অৱনমিত হয়। ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জতো একে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে শ্বেয়াৰ বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত ছেনছেক্স ১৬৭৭.১২ পইণ্ট অর্থাৎ ২.১৫% অৱনমিত হৈ ৭৬,৫০৩.৬০ পইণ্ট হয়গৈ। 


আনহাতে ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জৰ সূচকাংক ৫১৬.৬৫ পইণ্ট অর্থাৎ ২.১২% অৱনমিত হৈ ২৩,৮৮২.০৫ পইন্ট হয়। কালি ছেনছেক্সৰ বৃহৎ হাৰত পতন ঘটাৰ ফলত বম্বে ষ্টক এক্সছেঞ্জৰ তালিকাভুক্ত কোম্পানীবোৰৰ বজাৰ মূলধন প্রায় ১০ লাখ কোটি টকা হ্রাস পাই ৪৭০ লাখ কোটি টকা হয়গৈ। ইণ্ডিগ'ৰ শ্বেয়াৰৰ মূল্য সর্বাধিক ৫.০৮% হ্রাস পায়। নিফটিৰ ৫০টা শ্বেয়াৰৰ ভিতৰত ৪৬টাৰ মূল্য কালি হ্রাস পায়। কালি সর্বাধিক ৪৭,১৬০.৯ কোটি টকা লোকচানৰ সন্মুখীন হয় ৰিলায়েন্স ইণ্ডাষ্ট্ৰী। ইয়াৰ পাছতে এইচ ডি এফ চি বেংকৰ লোকচান হয় প্রায় ৩৪,৭৩৭ কোটি টকা।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত দোকানৰ পৰা ২০ হাজাৰ টকা চুৰি কৰা চোৰক উত্তম মধ্যম ৰাইজৰ
গুৱাহাটীত আজি ডুৰাণ্ড কাপৰ অন্তিম মেচ
ভাৰতত টি-২০ শৃংখলা খেলিব আফগানিস্তানে; দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল
দেশত ৯ মাহ ধৰি বৃদ্ধি মুদ্রাস্ফীতি; খাদ্য-সামগ্ৰীৰ আকাশলংঘী দামৰ পৰিণতি
বৰপেটাত SP অফিচৰ সন্মুখতে চাঞ্চল্যকৰ চুৰিকাণ্ড! গেলামালৰ দোকানত চোৰৰ লুটপাট
কেৰালাত ৰহস্যজনক মৃত্যু মাৰ্ঘেৰিটাৰ যুৱকৰ; শোকত ভাগি পৰিছে পৰিয়াল
বাটুমি আন্তঃৰাষ্ট্ৰীয় ৱুছুত অসমৰ খেলুৱৈৰ ৯টা পদক অৰ্জন
বৃহৎ জিএছটি জালিয়াতি কাণ্ড: কলকাতাৰ পৰা তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে অসম এছটিএফ-এ
কাছাৰত বাৰ্মিজ চুপাৰী চক্ৰৰ মূল অভিযুক্ত গ্ৰেপ্তাৰৰ পাছত ইডিৰ অভিযান তীব্ৰতৰ
অসমত বানৰ তাণ্ডৱ: এক নিযুততকৈ অধিক লোক ক্ষতিগ্ৰস্ত
অসমৰ বান পৰিস্থিতি ১৯ দিন পাছতো ভয়াৱহ: ঘৰ-দুৱাৰ, জীৱিকা হেৰুৱাইছে হাজাৰ হাজাৰ লোকে
ৰেডিচন ব্লু গুৱাহাটীত 'উত্তৰ দক্ষিণ' খাদ্য মহোৎসৱ: ভাৰতৰ বিভিন্ন ৰন্ধনশৈলীৰ সমাহাৰ
অসমৰ বানপানী সমস্যা: বাৰ্ষিক সাহায্যৰ উৰ্দ্ধত দীৰ্ঘম্যাদী সমাধানৰ প্ৰয়োজনীয়তা
ৰাক্ষিতা ৰামৰাজে কোৰিয়া মাষ্টাৰ্ছৰ ছেমিফাইনেলত, অসমৰ অস্মিতা চলিহাৰ শীৰ্ষ বাছনিপ্ৰাপ্তক পৰাজয়