--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানৰ সৈতে যুদ্ধ-বিৰতি অন্ত পৰা আৰু দেশখনৰ সৈতে শান্তি আলোচনা কৰাটো সময়ৰ অপচয় বুলি কৰা মন্তব্যৰ পাছতে শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ মাজত হাহাকাৰ লাগে।

ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ইৰান যুদ্ধক লৈ দিয়া এটা মন্তব্যই কালি ভাৰতৰ শ্বেয়াৰ বজাৰত ধুমুহাৰ সৃষ্টি কৰে। ইয়াৰ ফলত বিনিয়োগকাৰীৰ প্ৰায় ১০ লাখ কোটি টকা লোকচান হয়। 


উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানৰ সৈতে যুদ্ধ-বিৰতি অন্ত পৰা আৰু দেশখনৰ সৈতে শান্তি আলোচনা কৰাটো সময়ৰ অপচয় বুলি কৰা মন্তব্যৰ পাছতে শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ মাজত হাহাকাৰ লগাৰ লগতে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দামো প্রায় ৬% বৃদ্ধি পায়।


বম্বে ষ্টক এক্সছেঞ্জৰ সূচকাংক ছেনছেক্স কালি এটা সময়ত প্রায় ১৯০০ পইণ্ট অৱনমিত হয়। ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জতো একে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে শ্বেয়াৰ বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত ছেনছেক্স ১৬৭৭.১২ পইণ্ট অর্থাৎ ২.১৫% অৱনমিত হৈ ৭৬,৫০৩.৬০ পইণ্ট হয়গৈ। 


আনহাতে ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জৰ সূচকাংক ৫১৬.৬৫ পইণ্ট অর্থাৎ ২.১২% অৱনমিত হৈ ২৩,৮৮২.০৫ পইন্ট হয়। কালি ছেনছেক্সৰ বৃহৎ হাৰত পতন ঘটাৰ ফলত বম্বে ষ্টক এক্সছেঞ্জৰ তালিকাভুক্ত কোম্পানীবোৰৰ বজাৰ মূলধন প্রায় ১০ লাখ কোটি টকা হ্রাস পাই ৪৭০ লাখ কোটি টকা হয়গৈ। ইণ্ডিগ'ৰ শ্বেয়াৰৰ মূল্য সর্বাধিক ৫.০৮% হ্রাস পায়। নিফটিৰ ৫০টা শ্বেয়াৰৰ ভিতৰত ৪৬টাৰ মূল্য কালি হ্রাস পায়। কালি সর্বাধিক ৪৭,১৬০.৯ কোটি টকা লোকচানৰ সন্মুখীন হয় ৰিলায়েন্স ইণ্ডাষ্ট্ৰী। ইয়াৰ পাছতে এইচ ডি এফ চি বেংকৰ লোকচান হয় প্রায় ৩৪,৭৩৭ কোটি টকা।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু