ডিজিটেল ডেস্ক: এডেও-দুডেও লোটা নিয়াৰ চেও। যিখন বাংলাদেশক ভাৰতে স্বাধীন হোৱাৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰে সহায় কৰিছিল, সেইখন বাংলাদেশেই এতিয়া পিছফালৰ পৰা ভাৰতৰ পিঠিত ছুৰী মাৰিছে। ভাৰতৰ বাবে কৌশলগত কাৰণত অতিকৈ গুৰুত্বপূৰ্ণ এলেকা শিলিগুৰি কৰিড'ৰ (চিকেন নেক) এতিয়া শত্ৰুৰাষ্ট্ৰৰ নজৰত পৰিছে। বাংলাদেশৰ সহযোগত ৰঙা চীনে চিকেন নেকৰ সমীপতে ঘাটি পাতি বহিবলৈ ওলাইছে। বাংলাদেশে পাৰি দিয়া ৰঙা দলিচাত ভৰি দি চীনে ভাৰতক ঘেৰি ধৰাৰো এক বৃহৎ পৰিকল্পনা কৰিছে।
উল্লেখযোগ্য যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে চীন ভ্ৰমণৰ সময়ত বেইজিঙত এনে কেইখনমান চুক্তিত স্বাক্ষৰ কৰিছে, যিকেইখনে ভাৰতৰ সার্বভৌমত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। তিস্তা নদী আৰু ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ মোংলা বন্দৰ চীনৰ হাতত অর্পণ কৰি বাংলাদেশে ভাৰতৰ বাবে ডাঙৰ কূটনৈতিক আৰু ভূ-কৌশলগত প্রত্যাহ্বান কঢ়িয়াই আনিছে। আনকি চীনে বাংলাদেশক যুঁজাৰু বিমানো দিবলৈ ওলাইছে। মন কৰিবলগীয়া কথা যে তিস্তা নদী ভাৰত হৈ বাংলাদেশলৈ বৈ গৈছে। আন্তঃৰাষ্ট্ৰীয় সীমাৰ কাষেৰে বৈ যোৱা এই নদীখনৰ ওপৰত চীনৰ প্ৰভাৱ বৃদ্ধি পোৱা মানেই ভাৰতৰ বাবে বিপদ বৃদ্ধি পোৱা। একেদৰে মোংলা বন্দৰ ভাৰতৰ পূব উপকূল আৰু কলকাতা বন্দৰৰ সমীপতে অৱস্থিত।
কলকাতা বিমান বন্দৰৰ পৰা মাত্র ১৮৮ কিল'মিটাৰ দূৰত্বত অৱস্থিত মোংলা বন্দৰ। এই স্পৰ্শকাতৰ অঞ্চলটো চীনৰ সবল উপস্থিতিৰ লগতে বংগোপসাগৰত চীনৰ সামৰিক উপস্থিতি ভাৰতীয় নৌসেনাৰ বাবে এক ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। প্রণিধানযোগ্য যে তিস্তা নদীখনৰ পানীক লৈ দীর্ঘদিন ধৰি ভাৰত-বাংলাদেশৰ মাজত আলোচনা চলি আছে। আজিও এই বিবাদ শেষ হোৱা নাই। ভাৰতে তিস্তাত কেইবাটাও প্রকল্প হাতত লোৱাৰ কথা আছিল। কিন্তু বাংলাদেশে এই নদীখনৰ দায়িত্ব চীনক অর্পণ কৰিছে। এতিয়া চীনে এই নদীখনৰ বাংলাদেশত প্ৰৱেশ কৰা স্থানৰ পৰা প্ৰায় এশ কিল'মিটাৰো অধিক খনন চলাব। কেইবাটাও বন্দৰ নিৰ্মাণ কৰি টাউনশ্বিপ নিৰ্মাণ কৰিব। এয়া ভাৰতৰ বাবে এটা এক ডাঙৰ প্ৰত্যাহ্বান। কিয়নো চিকেন নেকৰ পৰা এই প্রকল্পলৈ বেছি দূৰ নহয়। অর্থাৎ অসমৰ একেবাৰে কাষলৈকে বিস্তাৰিত হ'ব চীনৰ কাৰ্যকলাপ।
চীনে এই স্থানত নিজৰ কাৰ্যকলাপ আৰম্ভ কৰি চিকেন নেকৰ ওপৰত চোকা দৃষ্টি ৰাখিব পাৰিব। আনহাতে, সকলোতকৈ ডাঙৰ কথা যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ মোংলা বন্দৰটো চীনক বিশেষ ইকনমিক জ'ন নিৰ্মাণ কৰাৰ বাবে বাংলাদেশে অর্পণ কৰিছে। এই প্রকল্পৰ দায়িত্ব বাংলাদেশে প্রথমে ভাৰতক দিছিল। কিন্তু বিগত বর্ষত বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ পাছত ভাৰত আৰু বাংলাদেশৰ সম্পর্ক দ্রুত অৱনতি ঘটাত মহম্মদ ইউনুছৰ অন্তৰ্ৱতীকালীন চৰকাৰে এই ক্ষেত্ৰত ওলোটা খৰ মাৰে। ইয়াৰ পাছতেই বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে এতিয়া কৌশলগতভাৱে গুৰুত্বপূৰ্ণ মোংলা বন্দৰৰ সমীপত এখন বৃহৎ অর্থনৈতিক অঞ্চল স্থাপন কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰিত কৰিছে।
ভাৰতৰ বাবে সংৰক্ষিত মাটিত চীনে এই প্রকল্প নিৰ্মাণৰ দায়িত্ব পোৱাৰ পাছত দক্ষিণ এছিয়াত ভাৰতৰ প্ৰভাৱ হ্রাস পোৱাৰ আশংকা আছে। আনহাতে, বংগোপসাগৰত চীনৰ সামৰিক আৰু কৌশলগত খোজো দৃঢ় হ'ব। কূটনীতিৰ দিশৰ পৰা এয়া এক ডাঙৰ সিদ্ধান্ত। চীনে ভাৰতক ঘেৰাৰ এক ডাঙৰ পৰিকল্পনাৰ এক অংশ। ক'বলৈ গ'লে চীনৰ ওপৰত বাংলাদেশ সকলোপ্ৰকাৰে নিৰ্ভৰশীল হৈ পৰিছে। চীনৰ গ্ল'বেল ডেভেলপমেন্ট ইনিচিয়েটিভৰ সৈতেও বাংলাদেশ চামিল হ'ল। প্ৰতিৰক্ষাৰ দিশতো দুয়ো দেশৰ মাজত চুক্তি হৈছে। আগন্তুক দিনত ভাৰতৰ বাবে এয়া এক ডাঙৰ মূৰৰ কামোৰণি হ'ব।
বিশেষজ্ঞসকলৰ মতে, চীনে ভাৰতক চাৰিওফালৰ পৰা ঘেৰি ধৰিবলৈ তেওঁলোকৰ 'ষ্ট্ৰীং অব্ পাৰ্লছ' নীতিৰ অধীনত পাকিস্তানৰ গাডাৰ বন্দৰ, শ্রীলংকাৰ হাম্বানটোটা বন্দৰ আৰু ম্যানমাৰৰ কিয়াউকপিয়ু বন্দৰত ঘাটি স্থাপন কৰিছে। মোংলা বন্দৰত চীনৰ এই নতুন প্ৰৱেশে মহাসাগৰীয় অঞ্চলত ভাৰতক শ'লঠেকত পেলাবলৈ চীনক অধিক শক্তি দিব। ইফালে চীনৰ এই আধিপত্য উত্তৰ-পূব ভাৰতৰ নিৰাপত্তাৰ দিশটোৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। ভাৰতে চিকেন নেকৰ বিকল্প হিচাপে কম খৰচতে সামগ্ৰী পৰিবহণ কৰাৰ বাবে মোংলা আৰু চট্টগ্রাম বন্দৰ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু এই অঞ্চলসমূহত চীনৰ অৰ্থনৈতিক আৰু বাণিজ্যিক আধিপত্যই ভাৰতক এতিয়া সংকটত পেলাব। ক'বলৈ গ'লে ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত যিমানেই বৃদ্ধি পাইছে, সিমানেই ঢাকাৰ সৈতে বেইজিঙৰ সম্পৰ্ক অধিক সুদৃঢ় হৈ পৰিছে। যাৰ বাবে বাংলাদেশে চীনৰ সৈতে কৰা এই বন্ধুত্ব ভাৰতৰ সুৰক্ষাৰ বাবে এক উদ্বেগৰ বিষয় হৈ পৰিছে।
উৎস: দৈনিক জনমভূমি