--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গৱেষকসকলে কয় যে বান্ধ নিৰ্মাণ কৰি থকা স্থানৰ ভূগৰ্ভত থকা এই ফল্টৰ কাৰণে দাঁতিকাষৰৰ শিলাখণ্ড ফাটিছে আৰু যথেষ্ট দুৰ্বল হৈ পৰিছে।

ডিজিটেল ডেস্ক: চীনে য়াৰলুং ছাংপো (ব্ৰহ্মপুত্ৰৰ ওপৰৰ অংশ)ৰ ওপৰত নিৰ্মাণ কৰি থকা বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্রকল্পই মহাপ্রলয়ৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে। চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ এই উচ্চাভিলাষী প্রকল্পটোক লৈ এই আশংকা প্রকাশ কৰিছে চীনৰ ভূতত্ত্ববিদসকলে। এই প্রকল্পটো অৰুণাচল প্রদেশ সীমান্তৰ পৰা মাত্র ৫০ কিল'মিটাৰ নিলগত নিৰ্মাণ কৰি থকা হৈছে। 


উল্লেখযোগ্য যে ছাংপো নদীয়ে ভাৰতত প্ৰৱেশ কৰাৰ লগে লগে ব্ৰহ্মপুত্ৰ নাম লৈছে। চীনৰ ভূতত্ত্ববিদসকলে এইবুলি সতৰ্ক কৰি দিয়ে যে প্রায় ১৪ লাখ কোটি টকাৰ ব্যয়সাপেক্ষ এই বিশাল বান্ধ এক সক্রিয় ফল্ট লাইনৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে আৰু ইয়াৰ ফলত ভূস্খলন তথা ভূমিকম্পৰ আশংকা বৃদ্ধি পাব। চীন চৰকাৰৰ অধীনৰ চাইনা জিঅ'লজিকেল ছার্ভেই কৰা এটা অধ্যয়নৰ প্ৰতিবেদন দেশখনৰ ছেডিমেণ্টেৰী জিঅ'লজি এণ্ড টেথিয়ান জিঅ'লজিত প্রকাশ পাইছে। ইয়াত কোৱা হৈছে যে পাইঝেন ফল্টৰ এক ভূকম্পন বিচ্যুতি এই জলবিদ্যুৎ প্রকল্পটো নিৰ্মাণ কৰি থকা স্থানত আছে। চেংদু প্রযুক্তি বিশ্ববিদ্যালয় আৰু চীনৰ ভূতাত্ত্বিক জৰীপৰ গৱেষকসকলে এই কথা স্পষ্ট কৰি দিয়ে যে এই ফল্ট লাইন বান্ধ, পথসমূহ আৰু আন আন্তঃগাঁথনিৰ সুস্থিৰতাৰ বাবে অতি ডাঙৰ ভাবুকি। 


গৱেষকসকলে কয় যে বান্ধ নিৰ্মাণ কৰি থকা স্থানৰ ভূগৰ্ভত থকা এই ফল্টৰ কাৰণে দাঁতিকাষৰৰ শিলাখণ্ড ফাটিছে আৰু যথেষ্ট দুৰ্বল হৈ পৰিছে। ভূগৰ্ভত থকা শিলাখণ্ডবোৰ দুৰ্বল হৈ পৰাৰ ফলত বান্ধৰ খুঁটাৰ ভৰ সহিব নোৱাৰিব। ই বান্ধৰ শক্তিত প্ৰভাৱ পেলাব। ইয়াৰ ফলত বিশ্বৰ এই সৰ্ববৃহৎ বান্ধটো যিকোনো সময়তে ভাগি পৰা বা খহি পৰাৰ আশংকা প্রবল। চীনৰ ভূতত্ত্ববিদসকলে এইবুলি সতৰ্ক কৰি দিয়ে যে বান্ধৰ জলাশয়ৰ দাঁতিকাষৰৰ ভূমিৰ গাঁথনি যথেষ্ট ঢিলা আৰু শিলৰ সৈতে মাটিৰ বান্ধোন শক্তিশালী নহয়। ইয়াৰ ফলত ভয়াৱহভাৱে পাহাৰ খহা বা ভূমিস্খলনৰ আশংকা থাকিব। এই প্রসংগত তেওঁলোকে ২০১৭ চনক তিব্বতৰ মিলিনত হোৱা ৬.৯ প্রাবল্যৰ ভূমিকম্পৰ বিষয়ে উল্লেখ কৰে। এই ফল্ট এতিয়াও প্রকৃততে যে এক ভূকম্পন ভাবুকি হৈ আছে, ই তাৰেই প্ৰমাণ।


এই বান্ধটো থ্রিগৰ্জেজ বান্ধৰ তুলনাত তিনি গুণ অধিক বিদ্যুৎ উৎপাদন কৰাৰ বাবে ডিজাইন কৰা হৈছে। কিন্তু ইয়াৰ মূল ভেটিৰ ভাৰ বহনক্ষমতা ফল্টৰ গতিবিধিৰ বাবে সুৰক্ষিত নহয় আৰু ইয়াৰ ফলত যিকোনো সময়তে মহাপ্রলয়ৰ সৃষ্টি কৰিব পাৰে। উল্লেখযোগ্য যে ভূগৰ্ভৰ ফল্ট লাইনৰ ওপৰত থকা এই বান্ধটো হিমালয়ৰ দুখন সক্রিয় টেক্টানিক প্লেট ভাৰতীয় আৰু ইউৰেছিয়ানৰ মাজত আছে। 


উল্লেখযোগ্য যে ভাৰতীয় আৰু ইউৰেছিয়ান প্লেটৰ প্ৰায়ে সংঘর্ষ হৈ থাকে আৰু ইয়াৰ ফলত ভূমিকম্পৰ আশংকা সদায় থাকে। উল্লেখযোগ্য যে এই বান্ধটোক লৈ ভাৰতে সদায় নিজৰ চিন্তা প্রকাশ কৰি আহিছে। ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ জীৱনৰেখা। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কৃষি, মৎস্য পালন আৰু জীৱিকাৰ মূল ভেটি। যদিহে ব্রহ্মপুত্ৰ বোৱঁতী ধাৰাৰ কোনোধৰণৰ গাঁথনিমূলত পৰিৱৰ্তন কৰা হয় আৰু ইয়াৰ ফলত পানীৰ প্ৰৱাহত কোনোধৰণৰ পৰিৱৰ্তন আহে, তেতিয়া অৰুণাচল প্ৰদেশৰ পৰা অসম তথা বাংলাদেশৰ কোটি কোটি লোকৰ জীৱনত প্ৰভাৱ পেলাব। চীনৰ মতে, এই বান্ধটোৰ উদ্দেশ্য কেৱল বিদ্যুৎ উৎপাদন কৰাহে। ভাৰতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু বাংলাদেশৰ নামনি অংশত এই বান্ধটোৱে পাৰিপাৰ্শ্বিক, জল সুৰক্ষা আৰু কোটি কোটি লোকৰ ওপৰত পেলাব পৰা বিনাশকাৰী প্ৰভাৱক লৈ নিজৰ উদ্বেগৰ কথা বাৰম্বাৰ প্রকাশ কৰি আছে। এতিয়া চীনৰ ভূতত্ত্ববিদসকলে ভাৰতৰ উদ্বেগক সঠিক বুলি প্ৰমাণ কৰিছে। চীনৰ ভূতত্ত্ববিদসকলৰ শেহতীয়া প্রতিবেদনে এই বান্ধটোক লৈ ভাৰতৰ উদ্বেগ অধিক বৃদ্ধি কৰিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান