--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গৱেষকসকলে কয় যে বান্ধ নিৰ্মাণ কৰি থকা স্থানৰ ভূগৰ্ভত থকা এই ফল্টৰ কাৰণে দাঁতিকাষৰৰ শিলাখণ্ড ফাটিছে আৰু যথেষ্ট দুৰ্বল হৈ পৰিছে।

ডিজিটেল ডেস্ক: চীনে য়াৰলুং ছাংপো (ব্ৰহ্মপুত্ৰৰ ওপৰৰ অংশ)ৰ ওপৰত নিৰ্মাণ কৰি থকা বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্রকল্পই মহাপ্রলয়ৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে। চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ এই উচ্চাভিলাষী প্রকল্পটোক লৈ এই আশংকা প্রকাশ কৰিছে চীনৰ ভূতত্ত্ববিদসকলে। এই প্রকল্পটো অৰুণাচল প্রদেশ সীমান্তৰ পৰা মাত্র ৫০ কিল'মিটাৰ নিলগত নিৰ্মাণ কৰি থকা হৈছে। 


উল্লেখযোগ্য যে ছাংপো নদীয়ে ভাৰতত প্ৰৱেশ কৰাৰ লগে লগে ব্ৰহ্মপুত্ৰ নাম লৈছে। চীনৰ ভূতত্ত্ববিদসকলে এইবুলি সতৰ্ক কৰি দিয়ে যে প্রায় ১৪ লাখ কোটি টকাৰ ব্যয়সাপেক্ষ এই বিশাল বান্ধ এক সক্রিয় ফল্ট লাইনৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে আৰু ইয়াৰ ফলত ভূস্খলন তথা ভূমিকম্পৰ আশংকা বৃদ্ধি পাব। চীন চৰকাৰৰ অধীনৰ চাইনা জিঅ'লজিকেল ছার্ভেই কৰা এটা অধ্যয়নৰ প্ৰতিবেদন দেশখনৰ ছেডিমেণ্টেৰী জিঅ'লজি এণ্ড টেথিয়ান জিঅ'লজিত প্রকাশ পাইছে। ইয়াত কোৱা হৈছে যে পাইঝেন ফল্টৰ এক ভূকম্পন বিচ্যুতি এই জলবিদ্যুৎ প্রকল্পটো নিৰ্মাণ কৰি থকা স্থানত আছে। চেংদু প্রযুক্তি বিশ্ববিদ্যালয় আৰু চীনৰ ভূতাত্ত্বিক জৰীপৰ গৱেষকসকলে এই কথা স্পষ্ট কৰি দিয়ে যে এই ফল্ট লাইন বান্ধ, পথসমূহ আৰু আন আন্তঃগাঁথনিৰ সুস্থিৰতাৰ বাবে অতি ডাঙৰ ভাবুকি। 


গৱেষকসকলে কয় যে বান্ধ নিৰ্মাণ কৰি থকা স্থানৰ ভূগৰ্ভত থকা এই ফল্টৰ কাৰণে দাঁতিকাষৰৰ শিলাখণ্ড ফাটিছে আৰু যথেষ্ট দুৰ্বল হৈ পৰিছে। ভূগৰ্ভত থকা শিলাখণ্ডবোৰ দুৰ্বল হৈ পৰাৰ ফলত বান্ধৰ খুঁটাৰ ভৰ সহিব নোৱাৰিব। ই বান্ধৰ শক্তিত প্ৰভাৱ পেলাব। ইয়াৰ ফলত বিশ্বৰ এই সৰ্ববৃহৎ বান্ধটো যিকোনো সময়তে ভাগি পৰা বা খহি পৰাৰ আশংকা প্রবল। চীনৰ ভূতত্ত্ববিদসকলে এইবুলি সতৰ্ক কৰি দিয়ে যে বান্ধৰ জলাশয়ৰ দাঁতিকাষৰৰ ভূমিৰ গাঁথনি যথেষ্ট ঢিলা আৰু শিলৰ সৈতে মাটিৰ বান্ধোন শক্তিশালী নহয়। ইয়াৰ ফলত ভয়াৱহভাৱে পাহাৰ খহা বা ভূমিস্খলনৰ আশংকা থাকিব। এই প্রসংগত তেওঁলোকে ২০১৭ চনক তিব্বতৰ মিলিনত হোৱা ৬.৯ প্রাবল্যৰ ভূমিকম্পৰ বিষয়ে উল্লেখ কৰে। এই ফল্ট এতিয়াও প্রকৃততে যে এক ভূকম্পন ভাবুকি হৈ আছে, ই তাৰেই প্ৰমাণ।


এই বান্ধটো থ্রিগৰ্জেজ বান্ধৰ তুলনাত তিনি গুণ অধিক বিদ্যুৎ উৎপাদন কৰাৰ বাবে ডিজাইন কৰা হৈছে। কিন্তু ইয়াৰ মূল ভেটিৰ ভাৰ বহনক্ষমতা ফল্টৰ গতিবিধিৰ বাবে সুৰক্ষিত নহয় আৰু ইয়াৰ ফলত যিকোনো সময়তে মহাপ্রলয়ৰ সৃষ্টি কৰিব পাৰে। উল্লেখযোগ্য যে ভূগৰ্ভৰ ফল্ট লাইনৰ ওপৰত থকা এই বান্ধটো হিমালয়ৰ দুখন সক্রিয় টেক্টানিক প্লেট ভাৰতীয় আৰু ইউৰেছিয়ানৰ মাজত আছে। 


উল্লেখযোগ্য যে ভাৰতীয় আৰু ইউৰেছিয়ান প্লেটৰ প্ৰায়ে সংঘর্ষ হৈ থাকে আৰু ইয়াৰ ফলত ভূমিকম্পৰ আশংকা সদায় থাকে। উল্লেখযোগ্য যে এই বান্ধটোক লৈ ভাৰতে সদায় নিজৰ চিন্তা প্রকাশ কৰি আহিছে। ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ জীৱনৰেখা। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কৃষি, মৎস্য পালন আৰু জীৱিকাৰ মূল ভেটি। যদিহে ব্রহ্মপুত্ৰ বোৱঁতী ধাৰাৰ কোনোধৰণৰ গাঁথনিমূলত পৰিৱৰ্তন কৰা হয় আৰু ইয়াৰ ফলত পানীৰ প্ৰৱাহত কোনোধৰণৰ পৰিৱৰ্তন আহে, তেতিয়া অৰুণাচল প্ৰদেশৰ পৰা অসম তথা বাংলাদেশৰ কোটি কোটি লোকৰ জীৱনত প্ৰভাৱ পেলাব। চীনৰ মতে, এই বান্ধটোৰ উদ্দেশ্য কেৱল বিদ্যুৎ উৎপাদন কৰাহে। ভাৰতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু বাংলাদেশৰ নামনি অংশত এই বান্ধটোৱে পাৰিপাৰ্শ্বিক, জল সুৰক্ষা আৰু কোটি কোটি লোকৰ ওপৰত পেলাব পৰা বিনাশকাৰী প্ৰভাৱক লৈ নিজৰ উদ্বেগৰ কথা বাৰম্বাৰ প্রকাশ কৰি আছে। এতিয়া চীনৰ ভূতত্ত্ববিদসকলে ভাৰতৰ উদ্বেগক সঠিক বুলি প্ৰমাণ কৰিছে। চীনৰ ভূতত্ত্ববিদসকলৰ শেহতীয়া প্রতিবেদনে এই বান্ধটোক লৈ ভাৰতৰ উদ্বেগ অধিক বৃদ্ধি কৰিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু