--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰটিনৰ অভাৱে বিভিন্ন শাৰীৰিক সমস্যা সৃষ্টি কৰিব পাৰে।

ডিজিটেল ডেস্ক :  অসমীয়াত প্ৰটিনক মাংসসাৰ বুলি কোৱা হয়। ই হৈছে একপ্ৰকাৰৰ বৃহৎ জৈৱযৌগ, যাক এমিন' এচিডৰ দীঘল শৃংখলৰ দ্বাৰা গঠন কৰা হয়। ই শৰীৰৰ বাবে অতি প্ৰয়োজনীয় পুষ্টি উপাদান।


প্ৰ'টিনে জীৱ দেহত পৰিপাকীয় বিক্ৰিয়াৰ অনুঘটক, DNA পুনৰোৎপাদন, উদ্দীপনাৰ প্ৰতি সঁহাৰি, এটা অংশৰ পৰা আন অংশলৈ অনুৰ পৰিবহণকে ধৰি বিভিন্ন কাৰ্য সংঘটিত কৰে।


বিভিন্ন প্ৰ'টিনৰ এমিন' এচিডৰ সাজোনৰ ভিন্নতা থাকে, যিটো সিহঁতৰ জীনৰ নিউক্লিয়টাইড সজ্জাই নিৰ্ধাৰণ কৰে, আৰু ইযাৰ ফলতেই প্ৰ'টিনে সিহঁতৰ বিশেষ ত্ৰি-অক্ষীয় গঠন লাভ কৰে যিয়ে সিহঁতৰ কাৰ্য নিৰ্ণয় কৰে।


প্ৰটিনৰ অভাৱে বিভিন্ন শাৰীৰিক সমস্যা সৃষ্টি কৰিব পাৰে, যেনে মাংসপেশীৰ দুৰ্বলতা, চুলি সৰা, ঘা শুকোৱাত পলম, হাড় দুৰ্বল হোৱা, হাড়ৰ ঘনত্ব কমি যোৱা,  ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস,  মানসিক অৱসাদ বৃদ্ধি,

ভোক নলগা, শৰীৰ ফুলা আদি।


বিশেষজ্ঞসকলৰ মতে দৈনিক খাদ্যতালিকাত দাইল, মাছ-মাংস, কণী, গাখীৰ, দৈ আদি প্ৰ’টিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয়। লগতে শাক-পাচলি আৰু ফলমূলৰ পৰাও প্ৰ’টিন পোৱা যায়। ছয়াবিন, বাদাম, ওটছ আদিতো প্ৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ