--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি যেন জুবিন গাৰ্গ পুনৰ উভতি আহিল । মেট্ৰিক্স চিনেমা হলত জুবিন গাৰ্গৰ বাবে সংৰক্ষিত কৰা হ'ল বিশেষ আসন । জুবিনদাৰ উপস্থিতিৰ সজীৱ অনুভৱ লৈ প্ৰেক্ষাগৃহত দৰ্শক ।

ডিজিটেল ডেস্ক : উৎকণ্ঠাৰ অন্ত পেলাই ছবিঘৰত মুক্তি পালে জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে'।

Roi Roi Binale' and the future of Assamese cinema after Zubeen Garg


গুৱাহাটীৰ মেট্ৰিক্স চিনেমাছত পুৱতি নিশা ৪ বাজি ২৫ মিনিটত আৰম্ভ প্ৰথম দৰ্শনী। বুকুত হেজাৰ আৱেগৰ শিল লৈ ছবি গৃহলৈ ওলাই আহিল শ শ দৰ্শক । 


প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম চিনেমা ‘ৰৈ ৰৈ বিনালে’ আজি চিনেমাগৃহত মুক্তি পালে — কেৱল চিনেমা মুক্তিয়েই নহয়, এজন শিল্পীৰ আজীৱন সপোনৰ শিখৰত উপনীত হ’ল।


প্ৰথমটো দৰ্শনী আৰম্ভ হয় ৪:২৫ বজাত বেলতলাৰ ৰ মেট্ৰিক্স চিনেমা হলত।অভিলেখ সৃষ্টিৰে পুৱতি নিশা আৰম্ভ হ’ল দৰ্শনী । গুৱাহাটীৰ লগতে লখিমপুৰ ‘নক্ষত্ৰ’ত ৪.৩৫ বজাত দৰ্শনী

ধেমাজিৰ আৰ আৰ ছবিঘৰ ৪.৪৫ বজাত দৰ্শনী । ধেমাজিত দৰ্শনীৰ পূৰ্বে দৰ্শকে গালে ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি ।



আজি যেন জুবিন গাৰ্গ পুনৰ উভতি আহিল । মেট্ৰিক্স চিনেমা হলত জুবিন গাৰ্গৰ বাবে সংৰক্ষিত কৰা হ'ল বিশেষ আসন । জুবিনদাৰ উপস্থিতিৰ সজীৱ অনুভৱ লৈ প্ৰেক্ষাগৃহত দৰ্শক । অসমৰ ৮৫টা ছবিঘৰত মুক্তি লাভ কৰিলে ‘ৰৈ ৰৈ বিনালে’ ছবিখন ।


উত্তৰ–পূবৰ অন্য ৰাজ্যৰ ৭খন স্ক্ৰীণত মুক্তি ‘ৰৈ ৰৈ বিনালে’। দেশৰ প্ৰায় ৭০টা ছবিঘৰত শুভমুক্তি ‘ৰৈ ৰৈ বিনালে’ । পুৱতি নিশা প্ৰথমবাৰলৈ অসমত চিনেমা প্ৰদৰ্শন । বেলতলাৰ মেট্ৰিক্সত ৮৫ৰ ঊৰ্ধ্বৰ দৰ্শকেও চালে ছবিখন


অসমৰ বাবে আজি কেৱল এখন চিনেমা মুক্তিৰ দিন নহয়। ই এক ইতিহাস। এক বিদায়ৰ গাথা। ই এক উদযাপন। ই হৈছে শোক। জুবিন গাৰ্গ মানেই আছিল গানৰ, সুৰৰ বৰষুণ । মহানগৰীত এজাক বৰষুণেৰে ছবিখনক আদৰণি ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু