--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি যেন জুবিন গাৰ্গ পুনৰ উভতি আহিল । মেট্ৰিক্স চিনেমা হলত জুবিন গাৰ্গৰ বাবে সংৰক্ষিত কৰা হ'ল বিশেষ আসন । জুবিনদাৰ উপস্থিতিৰ সজীৱ অনুভৱ লৈ প্ৰেক্ষাগৃহত দৰ্শক ।

ডিজিটেল ডেস্ক : উৎকণ্ঠাৰ অন্ত পেলাই ছবিঘৰত মুক্তি পালে জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে'।

Roi Roi Binale' and the future of Assamese cinema after Zubeen Garg


গুৱাহাটীৰ মেট্ৰিক্স চিনেমাছত পুৱতি নিশা ৪ বাজি ২৫ মিনিটত আৰম্ভ প্ৰথম দৰ্শনী। বুকুত হেজাৰ আৱেগৰ শিল লৈ ছবি গৃহলৈ ওলাই আহিল শ শ দৰ্শক । 


প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম চিনেমা ‘ৰৈ ৰৈ বিনালে’ আজি চিনেমাগৃহত মুক্তি পালে — কেৱল চিনেমা মুক্তিয়েই নহয়, এজন শিল্পীৰ আজীৱন সপোনৰ শিখৰত উপনীত হ’ল।


প্ৰথমটো দৰ্শনী আৰম্ভ হয় ৪:২৫ বজাত বেলতলাৰ ৰ মেট্ৰিক্স চিনেমা হলত।অভিলেখ সৃষ্টিৰে পুৱতি নিশা আৰম্ভ হ’ল দৰ্শনী । গুৱাহাটীৰ লগতে লখিমপুৰ ‘নক্ষত্ৰ’ত ৪.৩৫ বজাত দৰ্শনী

ধেমাজিৰ আৰ আৰ ছবিঘৰ ৪.৪৫ বজাত দৰ্শনী । ধেমাজিত দৰ্শনীৰ পূৰ্বে দৰ্শকে গালে ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি ।



আজি যেন জুবিন গাৰ্গ পুনৰ উভতি আহিল । মেট্ৰিক্স চিনেমা হলত জুবিন গাৰ্গৰ বাবে সংৰক্ষিত কৰা হ'ল বিশেষ আসন । জুবিনদাৰ উপস্থিতিৰ সজীৱ অনুভৱ লৈ প্ৰেক্ষাগৃহত দৰ্শক । অসমৰ ৮৫টা ছবিঘৰত মুক্তি লাভ কৰিলে ‘ৰৈ ৰৈ বিনালে’ ছবিখন ।


উত্তৰ–পূবৰ অন্য ৰাজ্যৰ ৭খন স্ক্ৰীণত মুক্তি ‘ৰৈ ৰৈ বিনালে’। দেশৰ প্ৰায় ৭০টা ছবিঘৰত শুভমুক্তি ‘ৰৈ ৰৈ বিনালে’ । পুৱতি নিশা প্ৰথমবাৰলৈ অসমত চিনেমা প্ৰদৰ্শন । বেলতলাৰ মেট্ৰিক্সত ৮৫ৰ ঊৰ্ধ্বৰ দৰ্শকেও চালে ছবিখন


অসমৰ বাবে আজি কেৱল এখন চিনেমা মুক্তিৰ দিন নহয়। ই এক ইতিহাস। এক বিদায়ৰ গাথা। ই এক উদযাপন। ই হৈছে শোক। জুবিন গাৰ্গ মানেই আছিল গানৰ, সুৰৰ বৰষুণ । মহানগৰীত এজাক বৰষুণেৰে ছবিখনক আদৰণি ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ