--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২ নৱেম্বৰত অনুষ্ঠিত হোৱা মহিলা বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰে।

ডিজিটেল ডেস্কঃ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ঐতিহাসিক বিজয় উদযাপনৰ বাবে টাটা মটৰছে এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। কোম্পানীটোৱে দলটোৰ প্ৰতিজন সদস্যক অতি সোনকালে মুকলি হ’বলগীয়া নতুন টাটা ছিয়েৰাৰ এটা ইউনিট উপহাৰ দিব। এয়া কেৱল উপহাৰেই নহয় তেওঁলোকৰ অদম্য সাহস, সমৰ্পণ, আৰু দেশক গৌৰৱান্বিত কৰাৰ মনোভাৱৰ প্ৰতি প্ৰকৃত সন্মান হ’ব।


২ নৱেম্বৰত অনুষ্ঠিত হোৱা মহিলা বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰে। এইবাৰ ভাৰতীয় মহিলা দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰে। এতিয়া এই ঐতিহাসিক বিজয় উদযাপন কৰাৰ লগতে এই খেলুৱৈসকলক সন্মান জনোৱাৰ সময়।


টাটা মটৰছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ এমডি তথা চিইঅ’ শৈলেশ চন্দ্ৰই কয়, "ভাৰতীয় মহিলা ক্ৰিকেট দলে তেওঁলোকৰ ব্যতিক্ৰমী প্ৰদৰ্শন আৰু গুঞ্জৰিত বিজয়েৰে সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছে। তেওঁলোকৰ এই যাত্ৰাই দৃঢ়তা আৰু বিশ্বাসৰপ্ৰতীক, যিয়ে প্ৰতিজন ভাৰতীয়ক অনুপ্ৰাণিত কৰে।


দলৰ প্ৰতিজন সদস্যই লাভ কৰিব টপ মডেল


ভাৰতক বিশ্ব বিজয়ৰ দিশত আগুৱাই নিয়া ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰতিগৰাকী সদস্যক এখন টাটা ছিয়েৰা এছ ইউ ভি উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছে টাটা মটৰ্ছে। ২০২৫ চনৰ ২৫ নৱেম্বৰত মুকলি কৰা হ’ব টাটা ছিয়েৰা।কোম্পানীয়ে টাটা ছিয়েৰাৰ প্ৰথমটো বেচ উপহাৰ দিব, য’ত থাকিব শীৰ্ষস্থানীয় এছ ইউ ভি।


নতুন টাটা ছিয়েৰা কেনেকুৱা?


যেতিয়া ৯০ দশকৰ ভাৰতীয় অটোম’বাইলৰ ইতিহাস লিখা হ’ব, তেতিয়া টাটা ছিয়েৰা সোণালী আখৰেৰে খোদিত কৰা হ’ব। এইখনেই আছিল এছ ইউ ভি যিয়ে প্ৰথমে দেশক ‘লাইফষ্টাইল বাহন’ৰ ধাৰণাটোৰ সৈতে পৰিচয় কৰাই দিছিল। এতিয়া তিনিটা দশকৰ পাছত টাটা মটৰ্ছে এই কিংবদন্তি ব্ৰেণ্ডটোক পুনৰ সজীৱ কৰি তুলিছে আৰু টাটা ছিয়েৰাক সম্পূৰ্ণ নতুন শৈলীত প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে।


দাম কি হ’ব?


টাটা ছিয়েৰাৰ মুকলিৰ পূৰ্বে ইয়াৰ মূল্যৰ বিষয়ে একো কোৱাটো অকালপক্ক হ’লেও ইয়াৰ মূল্য ১৩.৫০ লাখৰ পৰা ২৪ লাখ ₹ (এক্স-শ্ব’ৰুম)ৰ ভিতৰত হ’ব বুলি আশা কৰা হৈছে। মহিন্দ্ৰা থাৰ ৰক্স আৰু এম জি হেক্টৰৰ দৰে এছ ইউ ভিৰ সৈতে প্ৰতিযোগিতাত নামিব টাটা ছিয়েৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভুৱা কৃষকে সৰকালে প্ৰধানমন্ত্ৰীৰ অভিলাষী আঁচনিৰ ৫৬৭ কোটি টকা
ছট্টিশগড়ত ৪১ মাওবাদী সদস্যৰ অস্ত্ৰ-সম্বৰণ
দেশৰ বৈচিত্র্যৰ মাজত সংবিধানখনে একতাৰ আদর্শ দেখুৱাই আহিছেঃ মমতা বেনাৰ্জী
শ্বেয়াৰ বজাৰৰ উত্থান, ৬ লাখ কোটি টকা লাভ বিনিয়োগকাৰীৰ
UPI পেমেণ্টত প্ৰাথমিক বেংক একাউণ্ট ব্যৱহাৰে বৃদ্ধি কৰে ডিজিটেল জালিয়াতিৰ আশংকা : গোপাল ভিট্টাল
কাৰাগাৰত ইমৰান খানক 'হত্যা'ৰ বাতৰিক লৈ উত্তাল পাকিস্তান
পানীত তিয়াই থোৱা কিচমিচৰ আছে অনেক চমৎকাৰী গুণ! আপুনি বাৰু এনেকৈ খায়নে?
বাংলাদেশত ভূমিকম্পত ৬জনৰ মৃত্যু; অসম,পশ্চিমবংগকো গ'ল জোকাৰি
হাছিনাক ভাৰতৰ পৰা প্ৰত্যর্পণৰ বাবে সহায় ল'ব ইণ্টাৰপলৰ
দিল্লী বিস্ফোৰণৰ গোচৰত বিস্ফোৰক তথ্য ; আটা প্ৰস্তুত কৰা মেচিনেৰে তৈয়াৰ কৰা হৈছিল বোমা
ভাৰতীয় মহিলাক জিহাদী প্ৰশিক্ষণৰ বাবে জৈছৰ অনলাইন পাঠ্যক্রম, পোহৰলৈ আহিছে পাকিস্তানী সন্ত্রাসবাদীৰ ভয়ংকৰ ষড়যন্ত্ৰ
তিতাবৰৰ ভগনীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ; এপে'ৰ খুন্দাত মৃত্যু এজন লোকৰ
জলবায়ু পৰিৱৰ্তনে বিপদ মাতিছে অসমলৈ, ২৭৩ দিনৰ ভিতৰত ১১৩ দিনেই সম্মুখীন হৈছে চৰম দুৰ্যোগৰ
হঠাৎ কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হ’ল তেজছ যুঁজাৰু বিমান ?