--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২ নৱেম্বৰত অনুষ্ঠিত হোৱা মহিলা বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰে।

ডিজিটেল ডেস্কঃ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ঐতিহাসিক বিজয় উদযাপনৰ বাবে টাটা মটৰছে এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। কোম্পানীটোৱে দলটোৰ প্ৰতিজন সদস্যক অতি সোনকালে মুকলি হ’বলগীয়া নতুন টাটা ছিয়েৰাৰ এটা ইউনিট উপহাৰ দিব। এয়া কেৱল উপহাৰেই নহয় তেওঁলোকৰ অদম্য সাহস, সমৰ্পণ, আৰু দেশক গৌৰৱান্বিত কৰাৰ মনোভাৱৰ প্ৰতি প্ৰকৃত সন্মান হ’ব।


২ নৱেম্বৰত অনুষ্ঠিত হোৱা মহিলা বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰে। এইবাৰ ভাৰতীয় মহিলা দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰে। এতিয়া এই ঐতিহাসিক বিজয় উদযাপন কৰাৰ লগতে এই খেলুৱৈসকলক সন্মান জনোৱাৰ সময়।


টাটা মটৰছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ এমডি তথা চিইঅ’ শৈলেশ চন্দ্ৰই কয়, "ভাৰতীয় মহিলা ক্ৰিকেট দলে তেওঁলোকৰ ব্যতিক্ৰমী প্ৰদৰ্শন আৰু গুঞ্জৰিত বিজয়েৰে সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছে। তেওঁলোকৰ এই যাত্ৰাই দৃঢ়তা আৰু বিশ্বাসৰপ্ৰতীক, যিয়ে প্ৰতিজন ভাৰতীয়ক অনুপ্ৰাণিত কৰে।


দলৰ প্ৰতিজন সদস্যই লাভ কৰিব টপ মডেল


ভাৰতক বিশ্ব বিজয়ৰ দিশত আগুৱাই নিয়া ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰতিগৰাকী সদস্যক এখন টাটা ছিয়েৰা এছ ইউ ভি উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছে টাটা মটৰ্ছে। ২০২৫ চনৰ ২৫ নৱেম্বৰত মুকলি কৰা হ’ব টাটা ছিয়েৰা।কোম্পানীয়ে টাটা ছিয়েৰাৰ প্ৰথমটো বেচ উপহাৰ দিব, য’ত থাকিব শীৰ্ষস্থানীয় এছ ইউ ভি।


নতুন টাটা ছিয়েৰা কেনেকুৱা?


যেতিয়া ৯০ দশকৰ ভাৰতীয় অটোম’বাইলৰ ইতিহাস লিখা হ’ব, তেতিয়া টাটা ছিয়েৰা সোণালী আখৰেৰে খোদিত কৰা হ’ব। এইখনেই আছিল এছ ইউ ভি যিয়ে প্ৰথমে দেশক ‘লাইফষ্টাইল বাহন’ৰ ধাৰণাটোৰ সৈতে পৰিচয় কৰাই দিছিল। এতিয়া তিনিটা দশকৰ পাছত টাটা মটৰ্ছে এই কিংবদন্তি ব্ৰেণ্ডটোক পুনৰ সজীৱ কৰি তুলিছে আৰু টাটা ছিয়েৰাক সম্পূৰ্ণ নতুন শৈলীত প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে।


দাম কি হ’ব?


টাটা ছিয়েৰাৰ মুকলিৰ পূৰ্বে ইয়াৰ মূল্যৰ বিষয়ে একো কোৱাটো অকালপক্ক হ’লেও ইয়াৰ মূল্য ১৩.৫০ লাখৰ পৰা ২৪ লাখ ₹ (এক্স-শ্ব’ৰুম)ৰ ভিতৰত হ’ব বুলি আশা কৰা হৈছে। মহিন্দ্ৰা থাৰ ৰক্স আৰু এম জি হেক্টৰৰ দৰে এছ ইউ ভিৰ সৈতে প্ৰতিযোগিতাত নামিব টাটা ছিয়েৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ