--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশ হিচাপে গ্ৰন্থখনৰ বেটুপাতত অংকন কৰি দেশখনৰ ভৱিষ্যতৰ কৌশলগত দৃষ্টিভংগী প্ৰকাশ কৰা হৈছে।

ডিজিটেল ডেস্ক : পাকিস্তানৰ পাছত এইবাৰ তুৰস্কক বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে 'জয়ৰ কৌশল' শীর্ষক এখন গ্রন্থ উপহাৰ দিয়ে। তুৰস্কৰ সাংসদৰ এটা দলক এই গ্রন্থখন ঢাকা ভ্ৰমণৰ সময়ত উপহাৰ দিয়ে ইউনুছে। 


ভাৰতৰ অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশ হিচাপে গ্ৰন্থখনৰ বেটুপাতত অংকন কৰি দেশখনৰ ভৱিষ্যতৰ কৌশলগত দৃষ্টিভংগী প্ৰকাশ কৰা হৈছে। কেইদিনমানৰ পূৰ্বে একেখন গ্রন্থকে পাকিস্তানৰ সামৰিক বাহিনীৰ এজন কমাণ্ডাৰক ইউনুছে উপহাৰ দিছিল। বাংলাদেশৰ দুই মিত্র দেশক এই গ্রন্থখন ইউনুছে উপহাৰ দিয়াটোৱে যথেষ্ট তাৎপর্য বহন কৰিছে। 


বিশেষকৈ ভাৰতৰ অসমসহ উত্তৰ-পূৰ্বাঞ্চলক বাংলাদেশৰ অধীনলৈ অনাৰ যি ষড়যন্ত্র দেশখনৰ চৰকাৰে কৰি আছে, এই দুটা ঘটনা পৰা বাংলাদেশৰ অভিসন্ধি পুনৰ পোহৰলৈ আহিছে। ভাৰতীয় চোৰাংচোৱাৰ সূত্ৰই প্ৰকাশ কৰা মতে, বাংলাদেশে ইয়াৰ জৰিয়তে ভাৰতক এটা বার্তা দিছে যে দেশখনে ইছলামিক নেটৱৰ্কৰ জৰিয়তে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক নিজৰ অধীনলৈ নিয়াৰ পৰিকল্পনা কৰি আছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু