--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৫৭ চনৰ ৪ অক্টোবৰ। ছোভিয়েটে স্পুটনিক-১ক পৃথিৱীৰ কক্ষপথলৈ পঠিওৱা হৈছিল। প্ৰথমবাৰৰ বাবে মহাকাশলৈ উপগ্ৰহ নিক্ষেপ কৰা হয়। তাৰ পিছত ৬৬ বছৰ পাৰ হৈ গ’ল। মহাকাশ বিজ্ঞানত বিশ্বই বহুখিনি আগবাঢ়িছে। কিন্তু মহাকাশত থকা ‘ব্লেক নাইট চেটেলাইট’ৰ (black knight satellite) ৰহস্য এতিয়াও শেষ হোৱা নাই।

বহুতে বিশ্বাস কৰে যে স্পুটনিক-১ মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম উপগ্ৰহ নহয়। প্ৰায় ১৩ হাজাৰ বছৰ আগৰ পৰাই পৃথিৱীক প্ৰদক্ষিণ কৰি আহিছে এটা ‘উপগ্ৰহ’-এ। যিয়ে বহু ইতিহাসৰ সাক্ষী হৈ আহিছে। সেই উপগ্ৰহটোৱেই হৈছে ‘ব্লেক নাইট’ (black knight satellite)।

কিন্তু ব্লেক নাইট সঁচাকৈয়ে এটা উপগ্ৰহ নে? নে মহাকাশযানৰ ধ্বংসাৱশেষ? ইয়াৰ ওপৰত বহুতো ৰহস্য, প্ৰহেলিকা, মতামত আছে।

১৯৯৮ চনত আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই ‘ব্লেক নাইট’ৰ প্ৰথম ছবি মুকলি কৰে। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ মহাকাশ অভিযানৰ সময়ত নাছাই পৃথিৱীক প্ৰদক্ষিণ কৰি থকা এটা ৰহস্যময় ক’লা বস্তুৰ ফটো তুলিছিল।

এই ৰহস্যময় ক’লা বস্তুটোৱে নিম্ন পৃথিৱীৰ কক্ষপথত প্ৰায় ১৯৩০ কিলোমিটাৰ দূৰত্বত পৃথিৱীখনক প্ৰদক্ষিণ কৰি আছিল। নাছাই কক্ষপথত ঘূৰি থকা ক’লা বস্তুটোৰ নাম STS008-724-66 বুলি ৰাখে। সেই সময়ত ইয়াক মহাকাশৰ ধ্বংসাৱশেষ বুলি কোৱা হয়।

মহাকাশচাৰী জেৰী ৰছে দাবী কৰিছিল যে এই বস্তুটো তেওঁলোকৰ মহাকাশযানৰ এটা টুকুৰা। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সৈতে ডকিং কৰাৰ সময়ত ই মহাকাশযানৰ পৰা পৃথক হৈছিল।

কিন্তু মহাকাশ অধ্যয়ন কৰা বহুতৰে মতে এই ৰহস্যময় ক’লা গতিশীল বস্তুটো আচলতে এটা কৃত্ৰিম উপগ্ৰহ। যি প্ৰায় ১৩ হাজাৰ বছৰ ধৰি পৃথিৱীৰ কাষে কাষে ঘূৰি ফুৰিছে।

তেতিয়া প্ৰশ্ন উত্থাপন হয়, আধুনিক বিজ্ঞানৰ চৰ্চাৰ বহু বছৰৰ আগতে, আনকি উপগ্ৰহ আৱিষ্কাৰৰ বহু বছৰৰ আগতেও এই ‘উপগ্ৰহ’ ক’ৰ পৰা আহিছিল? 

বহুতে ভাবে যে ‘ব্লেক নাইট’ হৈছে এলিয়েনে নিৰ্মাণ কৰা উপগ্ৰহ। এবাৰ এই উপগ্ৰহৰ জৰিয়তে পৃথিৱীৰ সকলো তথ্য তেওঁলোকৰ ওচৰ পায়গৈ।

আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহলত "ব্লেক নাইট"ক লৈ বহু উৰাবাতৰিৰ সৃষ্টি হৈছে। তাৰ ভিতৰত অন্যতম বিজ্ঞানী নিকোলা টেছলাৰ সৈতে ব্লেক নাইটৰ সংযোগ।

১৮৯৯ চনত ক’লৰাডো স্প্ৰিংছত ৰেডিঅ’ পৰীক্ষাৰ সময়ত টেছলাই মহাকাশৰ পৰা এটা অদ্ভুত ‘সংকেত’ পোৱা বুলি দাবী কৰিছিল। তেওঁৰ মতে এই সংকেত মংগল গ্ৰহৰ বাসিন্দাসকলে প্ৰেৰণ কৰিছে। তেওঁ লগতে দাবী কৰিছিল যে মংগল গ্ৰহৰ লোকসকলে সংখ্যাৰ জৰিয়তে মানুহৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল।

১৯০১ চনৰ ফেব্ৰুৱাৰী মাহত টেছলাই তেওঁৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰিছিল। তেওঁ লিখিছে, “সংখ্যাৰ দ্বাৰা মোলৈ পঠোৱা সংকেতবোৰত বহু পৰিৱৰ্তন লক্ষ্য কৰিলোঁ। মোৰ বিশ্বাস মই প্ৰথমে এটা গ্ৰহৰ পৰা আন এটা গ্ৰহলৈ প্ৰেৰণ কৰা সংকেত পৰ্যবেক্ষণ কৰিছিলো।''

‘ব্লেক নাইট’ এটা বিদেশী উপগ্ৰহ বুলি তত্ত্বৰ বিশ্বাসীসকলে দাবী কৰে যে টেছলাক এই সংকেত ‘ব্লেক নাইট’ৰ পৰা প্ৰেৰণ কৰা হৈছিল।

বহু বিজ্ঞানীৰ মতে মহাকাশত থকা সকলো বস্তুৰে নিজস্ব ‘ঢৌ’ থাকে। গতিকে কোনো মহাজাগতিক বস্তুৰ পৰা সংকেত লাভ কৰাটো অস্বাভাৱিক নহয়। কিন্তু বেছিভাগ বিজ্ঞানীয়ে এই সংকেত এলিয়েনে প্ৰেৰণ কৰা বুলি মানি ল’বলৈ ইচ্ছুক নহয়।

বছৰ বছৰ ধৰি ‘ব্লেক নাইট’ তত্ত্বৰ জনপ্ৰিয়তা বৃদ্ধি আৰু কমি আহিছে। কিন্তু শেষ হোৱা নাই। ১৯৬৩ চনত মহাকাশ অভিযানৰ সময়ত মহাকাশচাৰী গৰ্ডন কুপাৰে মহাকাশত এটা ৰহস্যজনক ক’লা বস্তু দেখা বুলি দাবী কৰিছিল। ইয়াৰ বাহিৰেও মহাকাশচাৰীসকলে মহাকাশত কেইবাবাৰো পৃথিৱীক প্ৰদক্ষিণ কৰা এটা ৰহস্যজনক ক’লা বস্তু দেখিবলৈ পাইছে। মহাকাশচাৰীসকলৰ এই দাবীয়ে ‘ব্লেক নাইট’ তত্ত্বক ইন্ধন যোগাইছিল।

২০১৭ চনত ‘ব্লেক নাইট’ উপগ্ৰহটো ধ্বংস হোৱা বুলিও দাবী কৰা হৈছিল। আৰু পৃথিৱীৰ গোপন সংগঠন ‘ইলুমিনেটি’ই এই কাম কৰিছে। কিন্তু এই দাবী সত্য বুলি প্ৰমাণিত হোৱা নাই।











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু