--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৫৭ চনৰ ৪ অক্টোবৰ। ছোভিয়েটে স্পুটনিক-১ক পৃথিৱীৰ কক্ষপথলৈ পঠিওৱা হৈছিল। প্ৰথমবাৰৰ বাবে মহাকাশলৈ উপগ্ৰহ নিক্ষেপ কৰা হয়। তাৰ পিছত ৬৬ বছৰ পাৰ হৈ গ’ল। মহাকাশ বিজ্ঞানত বিশ্বই বহুখিনি আগবাঢ়িছে। কিন্তু মহাকাশত থকা ‘ব্লেক নাইট চেটেলাইট’ৰ (black knight satellite) ৰহস্য এতিয়াও শেষ হোৱা নাই।

বহুতে বিশ্বাস কৰে যে স্পুটনিক-১ মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম উপগ্ৰহ নহয়। প্ৰায় ১৩ হাজাৰ বছৰ আগৰ পৰাই পৃথিৱীক প্ৰদক্ষিণ কৰি আহিছে এটা ‘উপগ্ৰহ’-এ। যিয়ে বহু ইতিহাসৰ সাক্ষী হৈ আহিছে। সেই উপগ্ৰহটোৱেই হৈছে ‘ব্লেক নাইট’ (black knight satellite)।

কিন্তু ব্লেক নাইট সঁচাকৈয়ে এটা উপগ্ৰহ নে? নে মহাকাশযানৰ ধ্বংসাৱশেষ? ইয়াৰ ওপৰত বহুতো ৰহস্য, প্ৰহেলিকা, মতামত আছে।

১৯৯৮ চনত আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই ‘ব্লেক নাইট’ৰ প্ৰথম ছবি মুকলি কৰে। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ মহাকাশ অভিযানৰ সময়ত নাছাই পৃথিৱীক প্ৰদক্ষিণ কৰি থকা এটা ৰহস্যময় ক’লা বস্তুৰ ফটো তুলিছিল।

এই ৰহস্যময় ক’লা বস্তুটোৱে নিম্ন পৃথিৱীৰ কক্ষপথত প্ৰায় ১৯৩০ কিলোমিটাৰ দূৰত্বত পৃথিৱীখনক প্ৰদক্ষিণ কৰি আছিল। নাছাই কক্ষপথত ঘূৰি থকা ক’লা বস্তুটোৰ নাম STS008-724-66 বুলি ৰাখে। সেই সময়ত ইয়াক মহাকাশৰ ধ্বংসাৱশেষ বুলি কোৱা হয়।

মহাকাশচাৰী জেৰী ৰছে দাবী কৰিছিল যে এই বস্তুটো তেওঁলোকৰ মহাকাশযানৰ এটা টুকুৰা। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সৈতে ডকিং কৰাৰ সময়ত ই মহাকাশযানৰ পৰা পৃথক হৈছিল।

কিন্তু মহাকাশ অধ্যয়ন কৰা বহুতৰে মতে এই ৰহস্যময় ক’লা গতিশীল বস্তুটো আচলতে এটা কৃত্ৰিম উপগ্ৰহ। যি প্ৰায় ১৩ হাজাৰ বছৰ ধৰি পৃথিৱীৰ কাষে কাষে ঘূৰি ফুৰিছে।

তেতিয়া প্ৰশ্ন উত্থাপন হয়, আধুনিক বিজ্ঞানৰ চৰ্চাৰ বহু বছৰৰ আগতে, আনকি উপগ্ৰহ আৱিষ্কাৰৰ বহু বছৰৰ আগতেও এই ‘উপগ্ৰহ’ ক’ৰ পৰা আহিছিল? 

বহুতে ভাবে যে ‘ব্লেক নাইট’ হৈছে এলিয়েনে নিৰ্মাণ কৰা উপগ্ৰহ। এবাৰ এই উপগ্ৰহৰ জৰিয়তে পৃথিৱীৰ সকলো তথ্য তেওঁলোকৰ ওচৰ পায়গৈ।

আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহলত "ব্লেক নাইট"ক লৈ বহু উৰাবাতৰিৰ সৃষ্টি হৈছে। তাৰ ভিতৰত অন্যতম বিজ্ঞানী নিকোলা টেছলাৰ সৈতে ব্লেক নাইটৰ সংযোগ।

১৮৯৯ চনত ক’লৰাডো স্প্ৰিংছত ৰেডিঅ’ পৰীক্ষাৰ সময়ত টেছলাই মহাকাশৰ পৰা এটা অদ্ভুত ‘সংকেত’ পোৱা বুলি দাবী কৰিছিল। তেওঁৰ মতে এই সংকেত মংগল গ্ৰহৰ বাসিন্দাসকলে প্ৰেৰণ কৰিছে। তেওঁ লগতে দাবী কৰিছিল যে মংগল গ্ৰহৰ লোকসকলে সংখ্যাৰ জৰিয়তে মানুহৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল।

১৯০১ চনৰ ফেব্ৰুৱাৰী মাহত টেছলাই তেওঁৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰিছিল। তেওঁ লিখিছে, “সংখ্যাৰ দ্বাৰা মোলৈ পঠোৱা সংকেতবোৰত বহু পৰিৱৰ্তন লক্ষ্য কৰিলোঁ। মোৰ বিশ্বাস মই প্ৰথমে এটা গ্ৰহৰ পৰা আন এটা গ্ৰহলৈ প্ৰেৰণ কৰা সংকেত পৰ্যবেক্ষণ কৰিছিলো।''

‘ব্লেক নাইট’ এটা বিদেশী উপগ্ৰহ বুলি তত্ত্বৰ বিশ্বাসীসকলে দাবী কৰে যে টেছলাক এই সংকেত ‘ব্লেক নাইট’ৰ পৰা প্ৰেৰণ কৰা হৈছিল।

বহু বিজ্ঞানীৰ মতে মহাকাশত থকা সকলো বস্তুৰে নিজস্ব ‘ঢৌ’ থাকে। গতিকে কোনো মহাজাগতিক বস্তুৰ পৰা সংকেত লাভ কৰাটো অস্বাভাৱিক নহয়। কিন্তু বেছিভাগ বিজ্ঞানীয়ে এই সংকেত এলিয়েনে প্ৰেৰণ কৰা বুলি মানি ল’বলৈ ইচ্ছুক নহয়।

বছৰ বছৰ ধৰি ‘ব্লেক নাইট’ তত্ত্বৰ জনপ্ৰিয়তা বৃদ্ধি আৰু কমি আহিছে। কিন্তু শেষ হোৱা নাই। ১৯৬৩ চনত মহাকাশ অভিযানৰ সময়ত মহাকাশচাৰী গৰ্ডন কুপাৰে মহাকাশত এটা ৰহস্যজনক ক’লা বস্তু দেখা বুলি দাবী কৰিছিল। ইয়াৰ বাহিৰেও মহাকাশচাৰীসকলে মহাকাশত কেইবাবাৰো পৃথিৱীক প্ৰদক্ষিণ কৰা এটা ৰহস্যজনক ক’লা বস্তু দেখিবলৈ পাইছে। মহাকাশচাৰীসকলৰ এই দাবীয়ে ‘ব্লেক নাইট’ তত্ত্বক ইন্ধন যোগাইছিল।

২০১৭ চনত ‘ব্লেক নাইট’ উপগ্ৰহটো ধ্বংস হোৱা বুলিও দাবী কৰা হৈছিল। আৰু পৃথিৱীৰ গোপন সংগঠন ‘ইলুমিনেটি’ই এই কাম কৰিছে। কিন্তু এই দাবী সত্য বুলি প্ৰমাণিত হোৱা নাই।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপালী পর্দাত জিলিকিব ‘অসীমত যাৰ হেৰাল সীমা’; কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাসৰ চিত্ৰৰূপ
মহাৰাষ্ট্ৰত অমানৱীয় ঘটনা; পিক পেলাবলৈ মানা কৰাত এজন বৃদ্ধক নিৰ্মমভাৱে মাৰপিট অটো চালকৰ
পশ্চিমবংগত চাঞ্চল্য! এখন বিদ্যালয়ৰ পৰা ১.৪৪ কোটি টকা জব্দ
মেঘালয়ত নতুন সাপৰ প্ৰজাতি আৱিষ্কাৰ, অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ গৱেষকৰ গুৰুত্বপূৰ্ণ ভূমিকা
১২৪৮ যোদ্ধাই যুঁজিব ফুটবলৰ বিশ্বযুদ্ধত
অসমৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা; সন্মানিত জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাসো
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement