--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰাপ্তিলৈ নাই বেছিদূৰ.. ভাৰতৰ চন্দ্ৰ বিজয়ৰ সপোন হয়তো এইবাৰ পূৰণ হ’ব। মঙলবাৰে পৃথিৱীৰ আকৰ্ষণৰ পৰা একেবাৰে মুক্ত হৈ চন্দ্ৰযান-৩ এ যাত্ৰা কৰিছে চন্দ্ৰ অভিমুখে।   ইছৰোৱে মঙলবাৰে কয়  যে ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ স্বাভাৱিকভাবে গতি কৰি আছে আৰু আজি  পৃথিৱীৰ চাৰিওফালে ইয়াৰ কক্ষপথ সম্পূৰ্ণ কৰাৰ পিছত  চন্দ্ৰৰ ওচৰলৈ ধামান হৈছে। ইছৰোই বিশেষ পদ্ধতিৰে যান খনক  ট্ৰেন্সলুনাৰ কক্ষপথত স্থাপন কৰিবলৈ সক্ষম হয়। ফলত যান খনে আজি  চন্দ্ৰৰ প্ৰভাৱক্ষেত্ৰত প্ৰৱেশ কৰে। 

এতিয়াৰে পৰা প্ৰায় চাৰি দিনৰ ভিতৰত আন এক গুৰুত্বপূৰ্ণ কৌশলেৰে মহাকাশ যানখন চন্দ্ৰৰ কক্ষপথত সুমুৱাই দিয়া হ’ব। যেতিয়া চন্দ্ৰযান-৩ চন্দ্ৰৰ নিকটতম বিন্দুত থাকে, তেতিয়াই সেই  কৌশলটো সম্পাদন কৰা হ'ব বুলি  ইছৰোই প্ৰকাশ কৰিছে। 
ইছৰোৱে কয়, "আজি দিনটোৰ আৰম্ভণিতে মহাকাশযানখন ট্ৰেন্সলুনাৰ কক্ষপথত সুমুৱাই দিবলৈ সক্ষম হৈছো" ।


উল্লেখ্য ভাৰতে  সফলতাৰে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-৩ যান খনে সঠিক দিশত সঠিক গতিৰে আগুৱাই আছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে। সূত্ৰটোৰ মতে যান খনে যেনেদৰে গতি কৰিব লাগিছিল ঠিক তেনেদৰেই গতি কৰি আছে। এনেদৰে গৈ থাকিলে যান খনে আগষ্টমাহৰ শেষৰ পিনে  চন্দ্ৰত অৱতৰণ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।


 ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) ই প্ৰেৰণ কৰা চন্দ্ৰযান-৩-এ  কিছুদিন পূৰ্বে  ইয়াৰ কক্ষপথ সলনি কৰিছে । সেই অনুসৰি, চন্দ্ৰযান-৩-এ ইয়াৰ  তৃতীয় কক্ষপথত প্ৰৱেশ কৰিছিল । চন্দ্ৰযান-৩-এ ২০  জুলাইত ভাৰতীয় সময় মতে আবেলি ২ বজাৰ পৰা ৩  বজাৰ ভিতৰত পুনৰ কক্ষপথ সলনি কৰিছে।

চন্দ্ৰযান-৩ -এ  পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ সীমা অতিক্ৰম কৰি চন্দ্ৰৰ ফালে আগবাঢ়িবলৈ ইয়াৰ কক্ষপথ আৰু দুবাৰ সলনি কৰিব লগীয়া হৈছে । ইয়াৰ ফলত  পৃথিৱীৰ পৰা প্ৰায় ৪০০,০০০ কিলোমিটাৰ দূৰত থকা  চন্দ্ৰৰ ফালে আগবাঢ়িবলৈ যান খনে কোনো বাধা নাপাব। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ পেডৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। 

কিন্তু চূড়ান্ত সফলতাৰ বাবে এতিয়াও বহুদূৰ আগবাঢ়িব লাগিব। যদি চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুৰ চন্দ্ৰপৃষ্ঠত সফলতাৰে স্পৰ্শ কৰিব পাৰে আৰু তাৰ পিছত লেণ্ড ৰোভাৰ প্ৰজ্ঞানক সঠিকভাৱে গতি কৰাব পাৰে , তেন্তে ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসত এক নতুন নজিৰ সৃষ্টি হ’ব।

 চন্দ্ৰযান-৩ৰ সৌৰশক্তিচালিত লেণ্ডাৰ বিক্ৰমে প্ৰায় ৪০ দিনৰ ব্যৱধানৰ পিছত ২৩ বা ২৪ আগষ্টৰ ভিতৰত চন্দ্ৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে বুলি  ইছৰোৱে কয়। যান খনৰ  পৰা সৌৰশক্তিচালিত ৰভাৰ প্ৰজ্ঞান ওলাই আহি চন্দ্ৰৰ মাটি স্পৰ্শ কৰিব। ই চন্দ্ৰৰ মাটিৰ চৰিত্ৰ, বিভিন্ন খনিজ পদাৰ্থৰ উপস্থিতিৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব। ইয়াৰ উপৰিও প্ৰজ্ঞানে পাৰ হ'ব লগা অঞ্চলটোৰ চন্দ্ৰভূমিত অশোক স্তম্ভ আৰু ইছৰোৰ চিহ্ন অংকন কৰিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?