--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰাপ্তিলৈ নাই বেছিদূৰ.. ভাৰতৰ চন্দ্ৰ বিজয়ৰ সপোন হয়তো এইবাৰ পূৰণ হ’ব। মঙলবাৰে পৃথিৱীৰ আকৰ্ষণৰ পৰা একেবাৰে মুক্ত হৈ চন্দ্ৰযান-৩ এ যাত্ৰা কৰিছে চন্দ্ৰ অভিমুখে।   ইছৰোৱে মঙলবাৰে কয়  যে ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ স্বাভাৱিকভাবে গতি কৰি আছে আৰু আজি  পৃথিৱীৰ চাৰিওফালে ইয়াৰ কক্ষপথ সম্পূৰ্ণ কৰাৰ পিছত  চন্দ্ৰৰ ওচৰলৈ ধামান হৈছে। ইছৰোই বিশেষ পদ্ধতিৰে যান খনক  ট্ৰেন্সলুনাৰ কক্ষপথত স্থাপন কৰিবলৈ সক্ষম হয়। ফলত যান খনে আজি  চন্দ্ৰৰ প্ৰভাৱক্ষেত্ৰত প্ৰৱেশ কৰে। 

এতিয়াৰে পৰা প্ৰায় চাৰি দিনৰ ভিতৰত আন এক গুৰুত্বপূৰ্ণ কৌশলেৰে মহাকাশ যানখন চন্দ্ৰৰ কক্ষপথত সুমুৱাই দিয়া হ’ব। যেতিয়া চন্দ্ৰযান-৩ চন্দ্ৰৰ নিকটতম বিন্দুত থাকে, তেতিয়াই সেই  কৌশলটো সম্পাদন কৰা হ'ব বুলি  ইছৰোই প্ৰকাশ কৰিছে। 
ইছৰোৱে কয়, "আজি দিনটোৰ আৰম্ভণিতে মহাকাশযানখন ট্ৰেন্সলুনাৰ কক্ষপথত সুমুৱাই দিবলৈ সক্ষম হৈছো" ।


উল্লেখ্য ভাৰতে  সফলতাৰে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-৩ যান খনে সঠিক দিশত সঠিক গতিৰে আগুৱাই আছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে। সূত্ৰটোৰ মতে যান খনে যেনেদৰে গতি কৰিব লাগিছিল ঠিক তেনেদৰেই গতি কৰি আছে। এনেদৰে গৈ থাকিলে যান খনে আগষ্টমাহৰ শেষৰ পিনে  চন্দ্ৰত অৱতৰণ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।


 ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) ই প্ৰেৰণ কৰা চন্দ্ৰযান-৩-এ  কিছুদিন পূৰ্বে  ইয়াৰ কক্ষপথ সলনি কৰিছে । সেই অনুসৰি, চন্দ্ৰযান-৩-এ ইয়াৰ  তৃতীয় কক্ষপথত প্ৰৱেশ কৰিছিল । চন্দ্ৰযান-৩-এ ২০  জুলাইত ভাৰতীয় সময় মতে আবেলি ২ বজাৰ পৰা ৩  বজাৰ ভিতৰত পুনৰ কক্ষপথ সলনি কৰিছে।

চন্দ্ৰযান-৩ -এ  পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ সীমা অতিক্ৰম কৰি চন্দ্ৰৰ ফালে আগবাঢ়িবলৈ ইয়াৰ কক্ষপথ আৰু দুবাৰ সলনি কৰিব লগীয়া হৈছে । ইয়াৰ ফলত  পৃথিৱীৰ পৰা প্ৰায় ৪০০,০০০ কিলোমিটাৰ দূৰত থকা  চন্দ্ৰৰ ফালে আগবাঢ়িবলৈ যান খনে কোনো বাধা নাপাব। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ পেডৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। 

কিন্তু চূড়ান্ত সফলতাৰ বাবে এতিয়াও বহুদূৰ আগবাঢ়িব লাগিব। যদি চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুৰ চন্দ্ৰপৃষ্ঠত সফলতাৰে স্পৰ্শ কৰিব পাৰে আৰু তাৰ পিছত লেণ্ড ৰোভাৰ প্ৰজ্ঞানক সঠিকভাৱে গতি কৰাব পাৰে , তেন্তে ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসত এক নতুন নজিৰ সৃষ্টি হ’ব।

 চন্দ্ৰযান-৩ৰ সৌৰশক্তিচালিত লেণ্ডাৰ বিক্ৰমে প্ৰায় ৪০ দিনৰ ব্যৱধানৰ পিছত ২৩ বা ২৪ আগষ্টৰ ভিতৰত চন্দ্ৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে বুলি  ইছৰোৱে কয়। যান খনৰ  পৰা সৌৰশক্তিচালিত ৰভাৰ প্ৰজ্ঞান ওলাই আহি চন্দ্ৰৰ মাটি স্পৰ্শ কৰিব। ই চন্দ্ৰৰ মাটিৰ চৰিত্ৰ, বিভিন্ন খনিজ পদাৰ্থৰ উপস্থিতিৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব। ইয়াৰ উপৰিও প্ৰজ্ঞানে পাৰ হ'ব লগা অঞ্চলটোৰ চন্দ্ৰভূমিত অশোক স্তম্ভ আৰু ইছৰোৰ চিহ্ন অংকন কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ