--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ অভিমুখে আহি আছে এটা বৃহদাকাৰ গ্ৰহাণু। এই গ্ৰহাণুটো ৬৫৬ ফুট বহল। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই কয় যে চলিত মাহৰ শেষৰ ফালে পৃথিৱীৰ নিচেই কাষেদি এই গ্ৰহাণুটো পাৰ হৈ যাব। মহাকাশ বিজ্ঞানীসকলে ইয়াৰ নাম ৰাখিছে – ২০২৩ CL3।

সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে নাছাই এই গ্ৰহাণুটোক পৃথিৱীৰ অতি ওচৰৰ পৰা পাৰ হোৱা গ্ৰহাণুবোৰৰ শ্ৰেণীত স্থান দিছে।

উল্লেখ্য যে যেতিয়াই মহাকাশৰ পৰা কোনো গ্ৰহাণু পৃথিৱীৰ অতি ওচৰলৈ অহাৰ সম্ভাৱনা থাকে, তেতিয়াই নাছাই ইয়াক এই তালিকাত অন্তৰ্ভুক্ত কৰে আৰু অবিৰতভাৱে অনুসৰণ আৰু অধ্যয়ন কৰে।

ঘণ্টাত ২৫ হাজাৰ কিলোমিটাৰ বেগত পৃথিৱীৰ ফালে গতি কৰা এই গ্ৰহাণুটো ২৪ মে’ত পৃথিৱীৰ নিচেই কাষেৰে পাৰ হ’ব। পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব হ’ব মাত্ৰ ৭২ লাখ কিলোমিটাৰ।

বৰ্তমান এই গ্ৰহাণুটোক ভয় কৰাৰ কোনো কাৰণ নাই যদিও নাছাই অনুমান কৰিছে যে যদি ইমান বৃহৎ গ্ৰহাণু এটাই পৃথিৱীত তীব্ৰ বেগেৰে খুন্দা মাৰে তেন্তে ই এক বৃহৎ সংকটৰ সৃষ্টি কৰিব পাৰে।

বিশেষজ্ঞ সকলৰ মতে পৃথিৱীৰ বিজ্ঞান-প্ৰযুক্তি এতিয়াও ইমান ডাঙৰ গ্ৰহাণুৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হোৱা নাই। সেইবাবেই নাছাই প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাত নিয়োজিত হৈছে। যাতে ভৱিষ্যতে এই ধৰণৰ গ্ৰহাণুৱে খুন্দা মৰাৰ পৰা পৃথিৱীক ৰক্ষা কৰিব পৰা যায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ