--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাম্প্ৰতিক সময়ত মোবাইল ফোনটো জীৱনৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিছে।  ঘন্টাৰ পিছত ঘণ্টা ধৰি মোবাইল ফোনত কথা পতাটো বহুতৰ বাবে অভ্যাস । প্ৰেমালাপেই  হওঁক বা আন কোনো আলোচনাই  হওঁক, বহুতে ফোনত দীঘলীয়া সময় ধৰি কথা পাতে।  এনেদৰে বহু সময় ধৰি মোবাইল ফোনত কথা পাতিলে মানৱ শৰীৰত গুৰুতৰ প্ৰতিক্ৰিয়া হ'ব পাৰে। 

সপ্তাহত মুঠ আধা ঘণ্টাতকৈ অধিক সময় ফোনত কথা পাতিলে উচ্চ ৰক্তচাপৰ সম্ভাৱনা ১২ শতাংশ বৃদ্ধি হয়। নতুন গৱেষণাই এনে ধৰণৰ চাঞ্চল্যকৰ তথ্যই প্ৰকাশ কৰিছে।এতিয়া বিশ্বৰ জনসংখ্যাৰ এক তৃতীয়াংশতকৈও অধিক লোকৰ হাতত  মোবাইল ফোন আছে। আৰু মোবাইলৰ পৰা নিৰ্গত হোৱা  ৰেডিঅ'ফ্ৰিকুৱেন্সিয়ে  শৰীৰত ৰক্তচাপ বৃদ্ধি কৰে বুলি শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে।  উচ্চ ৰক্তচাপৰ পৰাই সমগ্ৰ বিশ্বতে হৃদৰোগৰ আক্ৰমণ, ষ্ট্ৰোক আৰু অকাল মৃত্যু আদিৰ ঘটনাও বৃদ্ধি পাইছে । চীনৰ গুয়াংঝৌ চিকিৎসা বিশ্ববিদ্যালয়ৰ গৱেষণাই দাবী কৰিছে যে আপুনি ফোনত কিমান সময় কথা কয় তাৰ ওপৰতো আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য নিৰ্ভৰ কৰে। আপুনি যিমান বেছি সময় মোবাইল ফোনত  কথা পাতিব, সিমানে বিপদৰ আশংকা  বেছি হ'ব।

 ইউৰোপিয়ান হাৰ্ট জাৰ্নেল ডিজিটেল হেল্থত প্ৰকাশিত গৱেশণাটোৰ তথ্য অনুসৰি  মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰ কৰাসকলৰ বহুতৰে হৃদৰোগৰ আশংকা বেছি হয়।গৱেষণাটোত  ৩৭ ৰ পৰা ৭৩  বছৰ বয়সৰ মুঠ ২,১২,০৪৬ গৰাকী লোককলৈ  জৰীপ চলোৱা হৈছিল। তেওঁলোকে কিমান বছৰ ধৰি  মোবাইল ফোন ব্যৱহাৰ কৰিছে, সপ্তাহত কিমান ঘণ্টা তেওঁলোকে ফোনত কথা পাতে, কথা পাতোতে স্পীকাৰ ব্যৱহাৰ কৰে নেকি আদি প্ৰশ্নসমূহ গৱেষণাটোত সামৰি লোৱা হৈছিল। 

অধ্যয়নটোত পোৱা গৈছিল যে প্ৰতি সপ্তাহত ৩০ মিনিট বা ততোধিক সময় মোবাইল ফোনত কথা কোৱা সকলৰ ১২ শতাংশৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে। গৱেষণাটোত পুৰুষ আৰু মহিলাৰ বাবে একে ফলাফল প্ৰাপ্ত কৰা হৈছিল।

যিসকলে সপ্তাহত ৪ ৰ পৰা ৬ ঘণ্টা ফোনত কথা পাতি অতিবাহিত কৰে তেওঁলোকৰ এই বিপদাশংকা ২৫ শতাংশ। অৱশ্যে, যিসকলে দীৰ্ঘদিন ধৰি মোবাইল ফোন ব্যৱহাৰ কৰি আহিছে বা যিসকলে হেণ্ডচফ্ৰী বা স্পীকাৰ ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে কিমান বিপদাশংকা আছে সেয়া গৱেষণাটোত  স্পষ্ট কৰা হোৱা নাই।  বিশেষজ্ঞসকলে সকলোকে বিষয়টোৰ প্ৰতি সাৱধান হ'বলৈ আহ্বান জনাইছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ