--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাম্প্ৰতিক সময়ত মোবাইল ফোনটো জীৱনৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিছে।  ঘন্টাৰ পিছত ঘণ্টা ধৰি মোবাইল ফোনত কথা পতাটো বহুতৰ বাবে অভ্যাস । প্ৰেমালাপেই  হওঁক বা আন কোনো আলোচনাই  হওঁক, বহুতে ফোনত দীঘলীয়া সময় ধৰি কথা পাতে।  এনেদৰে বহু সময় ধৰি মোবাইল ফোনত কথা পাতিলে মানৱ শৰীৰত গুৰুতৰ প্ৰতিক্ৰিয়া হ'ব পাৰে। 

সপ্তাহত মুঠ আধা ঘণ্টাতকৈ অধিক সময় ফোনত কথা পাতিলে উচ্চ ৰক্তচাপৰ সম্ভাৱনা ১২ শতাংশ বৃদ্ধি হয়। নতুন গৱেষণাই এনে ধৰণৰ চাঞ্চল্যকৰ তথ্যই প্ৰকাশ কৰিছে।এতিয়া বিশ্বৰ জনসংখ্যাৰ এক তৃতীয়াংশতকৈও অধিক লোকৰ হাতত  মোবাইল ফোন আছে। আৰু মোবাইলৰ পৰা নিৰ্গত হোৱা  ৰেডিঅ'ফ্ৰিকুৱেন্সিয়ে  শৰীৰত ৰক্তচাপ বৃদ্ধি কৰে বুলি শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে।  উচ্চ ৰক্তচাপৰ পৰাই সমগ্ৰ বিশ্বতে হৃদৰোগৰ আক্ৰমণ, ষ্ট্ৰোক আৰু অকাল মৃত্যু আদিৰ ঘটনাও বৃদ্ধি পাইছে । চীনৰ গুয়াংঝৌ চিকিৎসা বিশ্ববিদ্যালয়ৰ গৱেষণাই দাবী কৰিছে যে আপুনি ফোনত কিমান সময় কথা কয় তাৰ ওপৰতো আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য নিৰ্ভৰ কৰে। আপুনি যিমান বেছি সময় মোবাইল ফোনত  কথা পাতিব, সিমানে বিপদৰ আশংকা  বেছি হ'ব।

 ইউৰোপিয়ান হাৰ্ট জাৰ্নেল ডিজিটেল হেল্থত প্ৰকাশিত গৱেশণাটোৰ তথ্য অনুসৰি  মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰ কৰাসকলৰ বহুতৰে হৃদৰোগৰ আশংকা বেছি হয়।গৱেষণাটোত  ৩৭ ৰ পৰা ৭৩  বছৰ বয়সৰ মুঠ ২,১২,০৪৬ গৰাকী লোককলৈ  জৰীপ চলোৱা হৈছিল। তেওঁলোকে কিমান বছৰ ধৰি  মোবাইল ফোন ব্যৱহাৰ কৰিছে, সপ্তাহত কিমান ঘণ্টা তেওঁলোকে ফোনত কথা পাতে, কথা পাতোতে স্পীকাৰ ব্যৱহাৰ কৰে নেকি আদি প্ৰশ্নসমূহ গৱেষণাটোত সামৰি লোৱা হৈছিল। 

অধ্যয়নটোত পোৱা গৈছিল যে প্ৰতি সপ্তাহত ৩০ মিনিট বা ততোধিক সময় মোবাইল ফোনত কথা কোৱা সকলৰ ১২ শতাংশৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে। গৱেষণাটোত পুৰুষ আৰু মহিলাৰ বাবে একে ফলাফল প্ৰাপ্ত কৰা হৈছিল।

যিসকলে সপ্তাহত ৪ ৰ পৰা ৬ ঘণ্টা ফোনত কথা পাতি অতিবাহিত কৰে তেওঁলোকৰ এই বিপদাশংকা ২৫ শতাংশ। অৱশ্যে, যিসকলে দীৰ্ঘদিন ধৰি মোবাইল ফোন ব্যৱহাৰ কৰি আহিছে বা যিসকলে হেণ্ডচফ্ৰী বা স্পীকাৰ ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে কিমান বিপদাশংকা আছে সেয়া গৱেষণাটোত  স্পষ্ট কৰা হোৱা নাই।  বিশেষজ্ঞসকলে সকলোকে বিষয়টোৰ প্ৰতি সাৱধান হ'বলৈ আহ্বান জনাইছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ