--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামীতকৈ পত্নী ওখ, তাকে লৈ প্ৰায়ে ঠাট্টা-মস্কৰা আৰু ছ'চিয়েল মিডিয়াত ট্ৰ'লৰ সন্মুখীন হয় এহাল দম্পতী। মহিলাগৰাকীৰ নাম জেচিকা আৰু পত্নীৰ নাম হাণ্টাৰ। দুয়ো আমেৰিকাৰ এৰিজোনাত বাস কৰে। ৩০ বছৰীয়া জেচিকাৰ উচ্চতা ৫ ফুট ৭ ইঞ্চি আৰু ৩১ বছৰীয়া হাণ্টাৰৰ উচ্চতা পাঁচ ফুট এক ইঞ্চি। অৰ্থাৎ জেচিকা স্বামী হাণ্টাৰতকৈ প্ৰায় ৬ ইঞ্চি ওখ।

এই সন্দৰ্ভত জেচিকাই কয়, ''সকলো পত্নীয়ে বিচাৰে যে তেওঁতকৈ স্বামীৰ উচ্চতা ওখ হওক। কিন্তু মোৰ স্বামীৰ উচ্চতা মোতকৈ কম কিন্তু তাকে লৈ মই কোনো দিন বিচলিত হোৱা নাই। কাৰণ মই অতি সুখী বৈবাহিক জীৱন যাপন কৰি আছো। আমাক মানুহে বহু ঠাট্টা কৰে কিন্তু আমি গুৰুত্ব নিদিওঁ।
 
জেচিকাই লগতে কয় ২০২০ চনত আমি দুয়ো প্ৰথমবাৰৰ বাবে লগ পাইছিলো আৰু তাৰ পিছত আমি ঘনিষ্ঠ হৈছিলো আৰু বিয়াৰ সিদ্ধান্ত লৈছিলো। আমি ইজনে সিজনক বুজি পোৱাৰ লগে লগে আমাৰ দুয়োজনৰ মাজত ঘনিষ্ঠতা বাঢ়ি আহিল। আমাৰ বাবে উচ্চতা মাত্ৰ এটা সংখ্যা, ইয়াতকৈ বেছি একো নহয়।''

তেওঁলোকক লৈ মানুহে কৰা ঠাট্টাৰ সন্দৰ্ভত জেচিকাই কয়, “যেতিয়াই আমি ক’ৰবালৈ ওলাই যাওঁ তেতিয়াই আমাক ঠাট্টা কৰা হয়। কেতিয়াবা মানুহে হাণ্টাৰক মোৰ ল'ৰা বুলি কয় আৰু কেতিয়াবা মোক হাণ্টাৰৰ মাতৃ বুলি কয়। আমাৰ উচ্চতাৰ পাৰ্থক্যক লৈ বহু মানুহে ঠাট্টা কৰে। আমি দুয়ো ইজনে সিজনৰ লগত সুখী আৰু আমাৰ বাবে সেইটোৱেই গুৰুত্বপূৰ্ণ। মানুহৰ ওজন-উচ্চতাক লৈ ঠাট্টা কৰাটো ভুল। 

জেচিকাই কয়, "হাণ্টাৰ বৰ ৰোমান্টিক। আমি ইজনে সিজনৰ লগত থাকিলে সময়বোৰ বহুত উপভোগ কৰো। যদিও হাণ্টাৰৰ উচ্চতা কম কিন্তু ৰোমাঞ্চৰ ক্ষেত্ৰত তেওঁৰ কোনো সীমা নাই। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত আমাৰ বিয়া হৈছিল। আমি দুয়ো পতি-পত্নীৰ লগতে দুয়ো বহুত ভাল বন্ধু। গতিকে বাহিৰৰ মানুহে কি কয় তাত গুৰুত্ব দিয়াতকৈ আমি আমাৰ সংসাৰখন কেনেদৰে সুন্দৰকৈ সজাম তাতহে গুৰুত্ব দিওঁ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক