--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামীতকৈ পত্নী ওখ, তাকে লৈ প্ৰায়ে ঠাট্টা-মস্কৰা আৰু ছ'চিয়েল মিডিয়াত ট্ৰ'লৰ সন্মুখীন হয় এহাল দম্পতী। মহিলাগৰাকীৰ নাম জেচিকা আৰু পত্নীৰ নাম হাণ্টাৰ। দুয়ো আমেৰিকাৰ এৰিজোনাত বাস কৰে। ৩০ বছৰীয়া জেচিকাৰ উচ্চতা ৫ ফুট ৭ ইঞ্চি আৰু ৩১ বছৰীয়া হাণ্টাৰৰ উচ্চতা পাঁচ ফুট এক ইঞ্চি। অৰ্থাৎ জেচিকা স্বামী হাণ্টাৰতকৈ প্ৰায় ৬ ইঞ্চি ওখ।

এই সন্দৰ্ভত জেচিকাই কয়, ''সকলো পত্নীয়ে বিচাৰে যে তেওঁতকৈ স্বামীৰ উচ্চতা ওখ হওক। কিন্তু মোৰ স্বামীৰ উচ্চতা মোতকৈ কম কিন্তু তাকে লৈ মই কোনো দিন বিচলিত হোৱা নাই। কাৰণ মই অতি সুখী বৈবাহিক জীৱন যাপন কৰি আছো। আমাক মানুহে বহু ঠাট্টা কৰে কিন্তু আমি গুৰুত্ব নিদিওঁ।
 
জেচিকাই লগতে কয় ২০২০ চনত আমি দুয়ো প্ৰথমবাৰৰ বাবে লগ পাইছিলো আৰু তাৰ পিছত আমি ঘনিষ্ঠ হৈছিলো আৰু বিয়াৰ সিদ্ধান্ত লৈছিলো। আমি ইজনে সিজনক বুজি পোৱাৰ লগে লগে আমাৰ দুয়োজনৰ মাজত ঘনিষ্ঠতা বাঢ়ি আহিল। আমাৰ বাবে উচ্চতা মাত্ৰ এটা সংখ্যা, ইয়াতকৈ বেছি একো নহয়।''

তেওঁলোকক লৈ মানুহে কৰা ঠাট্টাৰ সন্দৰ্ভত জেচিকাই কয়, “যেতিয়াই আমি ক’ৰবালৈ ওলাই যাওঁ তেতিয়াই আমাক ঠাট্টা কৰা হয়। কেতিয়াবা মানুহে হাণ্টাৰক মোৰ ল'ৰা বুলি কয় আৰু কেতিয়াবা মোক হাণ্টাৰৰ মাতৃ বুলি কয়। আমাৰ উচ্চতাৰ পাৰ্থক্যক লৈ বহু মানুহে ঠাট্টা কৰে। আমি দুয়ো ইজনে সিজনৰ লগত সুখী আৰু আমাৰ বাবে সেইটোৱেই গুৰুত্বপূৰ্ণ। মানুহৰ ওজন-উচ্চতাক লৈ ঠাট্টা কৰাটো ভুল। 

জেচিকাই কয়, "হাণ্টাৰ বৰ ৰোমান্টিক। আমি ইজনে সিজনৰ লগত থাকিলে সময়বোৰ বহুত উপভোগ কৰো। যদিও হাণ্টাৰৰ উচ্চতা কম কিন্তু ৰোমাঞ্চৰ ক্ষেত্ৰত তেওঁৰ কোনো সীমা নাই। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত আমাৰ বিয়া হৈছিল। আমি দুয়ো পতি-পত্নীৰ লগতে দুয়ো বহুত ভাল বন্ধু। গতিকে বাহিৰৰ মানুহে কি কয় তাত গুৰুত্ব দিয়াতকৈ আমি আমাৰ সংসাৰখন কেনেদৰে সুন্দৰকৈ সজাম তাতহে গুৰুত্ব দিওঁ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন