--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা বিশাল আকৃতিৰ  গ্ৰহাণুৱে দুৰন্ত গতিৰে  পৃথিৱীৰ ফালে আহি আছে। মাৰ্কিন মহাকাশ গৱেষণা সংস্থা  নাছাই প্ৰকাশ কৰা মতে  গ্ৰহাণুটোৱে  বৃহস্পতিবাৰে (কাইলৈ) পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যাব  বুলি আশা কৰা হৈছে। গহাণুটোৰ  নাম হৈছে ২০২৩ এফজেড৩। ই দীঘলে  প্ৰায় ১৫০ ফুট। নাছাৰ মতে গ্ৰহণুটোৱে  প্ৰতি ঘণ্টাত ৬৭,৬৫৬ কিলোমিটাৰ বেগত গতি কৰি আছে।

নাছাই পূৰ্বেই কৈছিল যে এটা নহয়, পাঁচটা গ্ৰহাণুৱে পৃথিৱীৰ ফালে অতি দ্ৰুত গতিত  আহি আছে। যাৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহাণুটোৰ দৈৰ্ঘ্য হৈছে  হৈছে ।  এফডেজ৩ৰ উপৰি   সোমবাৰে ৪৫ আৰু ৮২  ফুট দৈৰ্ঘৰ  দুটা গ্ৰহাণুৱে পৃথিৱীৰ চাৰিওফালে ঘূৰিছিল। মঙলবাৰে, তৃতীয় গ্ৰহাণুটোৱে পৃথিৱীৰ কাষ চাপিছিল। 

ইয়াৰ  পিছতে বৃহস্পতিবাৰে এফজেড৩ গ্ৰহাণুটো  বিশ্বৰ আটাইতকৈ ওচৰলৈ আহিব। গ্ৰহাণুটো আৰু  পৃথিৱীৰ মাজৰ দূৰত্ব  ৪১ লাখ ৯০ হাজাৰ কিলোমিটাৰ আটাইতকৈ কম হ’ব বুলি নাছাৰ সূত্ৰই প্ৰকাশ কৰিছে।সাধাৰণ দৃষ্টিত এই দূৰত্বটো বহু বেছি যেন লাগিছে  যদিও  মহাজাগতিক দিশৰ পৰা এয়া যথেষ্ট কম দূৰত্ব।

অৱশ্যে নাছাই কৈছে  যে  গ্ৰহাণুটোৰ সৈতে পৃথিৱীৰ সংঘৰ্ষ হোৱাৰ কোনো সম্ভাৱনা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে গ্ৰহাণুটো নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ