--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সূৰ্য কেন্দ্ৰিক বছৰৰ প্ৰথমটো বিৰল মহাজগতিক পৰিঘটনা সংঘটিত হ’ব ২০ এপ্ৰিলত৷ সেই দিনটোতে ১০০ বছৰৰ পিছত মহাকাশত সংঘটিত হ’ব বিৰল হাইব্ৰিড সূৰ্যসগ্ৰহণ ৷ এই হাইব্ৰিড  সূৰ্যগ্ৰহণ অতি বিশেষ সূৰ্যগ্ৰহণ হিচাবে পৰিগণিত হ'ব৷  কিয়নো এই সূৰ্যগ্ৰহণ তিনিটা ৰূপত দেখা যাব।

ইয়াত অন্তৰ্ভুক্ত থাকিব আংশিক, সম্পূৰ্ণ আৰু বৃত্তাকাৰ সূৰ্যগ্ৰহণ৷ বিজ্ঞানীসকলে সেয়ে তিনিটা সূৰ্যগ্ৰহণৰ সংমিশ্ৰণ এই সূৰ্যগ্ৰহণক  হাইব্ৰিড সূৰ্যগ্ৰহণ নাম দিছে৷ এই হাইব্ৰিড সূৰ্যগ্ৰহণ ১০০  বছৰৰ মূৰত  কেৱল এবাৰহে হয়। ২০ এপ্ৰিলত সূৰ্যগ্ৰহণ পুৱা ০৭-০৪ বজাত আৰম্ভ হ'ব আৰু দুপৰীয়া ১২-২৯ বজাত সমাপ্ত হ'ব। 

কিন্তু  বছৰটোৰ প্ৰথম তথা বিৰল সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ'ব৷ । সূৰ্যগ্ৰহণ  অষ্ট্ৰেলিয়া, প্ৰশান্ত মহাসাগৰ, এছিয়াৰ বিভিন্ন স্থান, এণ্টাৰ্কটিকা আৰু ভাৰত মহাসাগৰকে ধৰি বিভিন্ন অঞ্চলত দেখা যাব। যদিও সূৰ্যগ্ৰহণ এক জ্যোতিৰ্বৈজ্ঞানিক ঘটনা, কিন্তু শাস্ত্ৰ অনুসৰি ইয়াৰ যথেষ্ট গুৰুত্ব আছে। জ্যোতিষ শাস্ত্ৰৰ মতে গ্ৰহণৰ সময়ত আমাৰ চাৰিওফালৰ সকলো বোৰ বস্তুৱেই  প্ৰভাৱান্বিত হয়। ইয়াৰ বাহিৰেও ই  ১২  টা ৰাশি চিহ্নকে প্ৰভাৱান্বিত কৰে বুলি বিশ্বাস কৰা হয়।

 কিছুমান ৰাশি চিহ্নৰ ওপৰত সূৰ্যগ্ৰহণৰ প্ৰভাৱ শুভ, আনহাতে ই কিছুমান ৰাশি চিহ্নৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় বুলি জ্যোতিষীসকলে কৈ আহিছে৷ অৱশ্যে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ’ব বাবে মহাজাগতিক পৰিঘটনাকলৈ আগ্ৰহীসকল কিছু ব্যথিত হৈ পৰাও দেখা গৈছে৷ ভাৰতত দৃশ্যমান নহ’লেও বিদেশৰ গৱেষণা প্ৰতিষ্ঠানৰ সৈতে ভাৰীয় বিজ্ঞানীসকলে হাইব্ৰিড সূৰ্যগ্ৰহণকলৈ তথ্যৰ আদান-প্ৰদান কৰিব বুলি জানিব পৰা গৈছে৷  








FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল