--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সূৰ্য কেন্দ্ৰিক বছৰৰ প্ৰথমটো বিৰল মহাজগতিক পৰিঘটনা সংঘটিত হ’ব ২০ এপ্ৰিলত৷ সেই দিনটোতে ১০০ বছৰৰ পিছত মহাকাশত সংঘটিত হ’ব বিৰল হাইব্ৰিড সূৰ্যসগ্ৰহণ ৷ এই হাইব্ৰিড  সূৰ্যগ্ৰহণ অতি বিশেষ সূৰ্যগ্ৰহণ হিচাবে পৰিগণিত হ'ব৷  কিয়নো এই সূৰ্যগ্ৰহণ তিনিটা ৰূপত দেখা যাব।

ইয়াত অন্তৰ্ভুক্ত থাকিব আংশিক, সম্পূৰ্ণ আৰু বৃত্তাকাৰ সূৰ্যগ্ৰহণ৷ বিজ্ঞানীসকলে সেয়ে তিনিটা সূৰ্যগ্ৰহণৰ সংমিশ্ৰণ এই সূৰ্যগ্ৰহণক  হাইব্ৰিড সূৰ্যগ্ৰহণ নাম দিছে৷ এই হাইব্ৰিড সূৰ্যগ্ৰহণ ১০০  বছৰৰ মূৰত  কেৱল এবাৰহে হয়। ২০ এপ্ৰিলত সূৰ্যগ্ৰহণ পুৱা ০৭-০৪ বজাত আৰম্ভ হ'ব আৰু দুপৰীয়া ১২-২৯ বজাত সমাপ্ত হ'ব। 

কিন্তু  বছৰটোৰ প্ৰথম তথা বিৰল সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ'ব৷ । সূৰ্যগ্ৰহণ  অষ্ট্ৰেলিয়া, প্ৰশান্ত মহাসাগৰ, এছিয়াৰ বিভিন্ন স্থান, এণ্টাৰ্কটিকা আৰু ভাৰত মহাসাগৰকে ধৰি বিভিন্ন অঞ্চলত দেখা যাব। যদিও সূৰ্যগ্ৰহণ এক জ্যোতিৰ্বৈজ্ঞানিক ঘটনা, কিন্তু শাস্ত্ৰ অনুসৰি ইয়াৰ যথেষ্ট গুৰুত্ব আছে। জ্যোতিষ শাস্ত্ৰৰ মতে গ্ৰহণৰ সময়ত আমাৰ চাৰিওফালৰ সকলো বোৰ বস্তুৱেই  প্ৰভাৱান্বিত হয়। ইয়াৰ বাহিৰেও ই  ১২  টা ৰাশি চিহ্নকে প্ৰভাৱান্বিত কৰে বুলি বিশ্বাস কৰা হয়।

 কিছুমান ৰাশি চিহ্নৰ ওপৰত সূৰ্যগ্ৰহণৰ প্ৰভাৱ শুভ, আনহাতে ই কিছুমান ৰাশি চিহ্নৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় বুলি জ্যোতিষীসকলে কৈ আহিছে৷ অৱশ্যে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ’ব বাবে মহাজাগতিক পৰিঘটনাকলৈ আগ্ৰহীসকল কিছু ব্যথিত হৈ পৰাও দেখা গৈছে৷ ভাৰতত দৃশ্যমান নহ’লেও বিদেশৰ গৱেষণা প্ৰতিষ্ঠানৰ সৈতে ভাৰীয় বিজ্ঞানীসকলে হাইব্ৰিড সূৰ্যগ্ৰহণকলৈ তথ্যৰ আদান-প্ৰদান কৰিব বুলি জানিব পৰা গৈছে৷  








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ