--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পশ্চিম বংগৰ কাৰাগাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা৷ কাৰাবন্দী মহিলাই জন্ম দিলে ১৯৬টাকৈ শিশু৷ কলকাতা উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰিছে এই তথ্য৷ 

কাৰাবন্দী মহিলা সন্তানসম্ভৱা হোৱা বিষয়টো আলোচিত হৈছে কলকাতা উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ আনকি, কাৰাগাৰৰ ভিতৰত পুৰুষ কৰ্মচাৰীসকলৰ প্ৰৱেশ মহিলা বন্দীসকলৰ বেষ্টনীৰ ভিতৰত নিষিদ্ধ কৰিব লাগে বুলি বৃহস্পতিবাৰে কলকাতা উচ্চ ন্যায়ালয়ত এমিকাছ কিউৰীয়ে আহ্বান জনায়৷ 

কলকাতা উচ্চ ন্যায়ালয়ক জনোৱা হৈছিল যে মহিলা বন্দীসকল পশ্চিম বংগৰ কাৰাগাৰৰ ভিতৰত তেওঁলোকৰ জিম্মাৰ সময়তে সন্তানসম্ভৱা হৈছে৷ কাৰাগাৰত কমেও ১৯৬ টা কেঁচুৱাৰো জন্ম হৈছিল৷

এমিকাছ কিউৰীয়ে আহ্বান জনাইছিল যে কাৰাগাৰসমূহৰ পুৰুষ কৰ্মচাৰীসকলৰ প্ৰৱেশ তৎক্ষণাৎ মহিলা বন্দীসকলৰ বেষ্টনীৰ ভিতৰত নিষিদ্ধ কৰিব লাগে।

এই বিষয়টো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শিৱগনাম আৰু ন্যায়াধীশ ভট্টাচাৰ্যৰ খণ্ড বিচাৰপীঠে আন এটা খণ্ড বিচাৰপীঠক হস্তান্তৰ কৰিছে৷
চৰকাৰী অধিবক্তাও য’ত উপস্থিত থাকিব।

মুখ্য ন্যায়াধীশ শিৱগনাম আৰু ন্যায়াধীশ ভট্টাচাৰ্যৰ বিচাৰপীঠে টোকাবোৰ ৰেকৰ্ডত লোৱাৰ সময়ত কয়, এমিকাছ কিউৰীয়ে বিষয়টো উল্লেখ কৰিছে আৰু কিছুমান গুৰুতৰ বিষয় উত্থাপন কপিছে৷ এনেকুৱা এটা বিষয় হ’ল যে মহিলা বন্দীসকল জিম্মাত থাকোতে গৰ্ভৱতী হৈ আছিল। বৰ্তমান ১৯৬টা শিশু পশ্চিম বংগৰ বিভিন্ন কাৰাগাৰত আছে৷

পশ্চিম বংগৰ কাৰাগাৰ সেৱাৰ এগৰাকী জ্যেষ্ঠ আইপিএছ বিষয়াই কৈছিল যে যদি এগৰাকী মহিলা, যাৰ ছয় বছৰতকৈ কম বয়সৰ সন্তান আছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হয়, তেন্তে শিশুটোক মাতৃৰ সৈতে থাকিবলৈ অনুমতি দিয়া হয়। কিন্তু মোৰ ওচৰত এনে কোনো তথ্য নাই যে মহিলাসকল কাৰাগাৰত গৰ্ভৱতী হৈ আছে। এয়া সম্ভাৱনা নাই। যদি এইটো মোৰ দৃষ্টিগোচৰ হয়, মই নিশ্চিতভাৱে বিষয়টো পৰ্যবেক্ষণ কৰিম৷

বিষয়টো কলকাতা উচ্চ ন্যায়ালয়ত সোমবাৰে শুনানি হোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ