--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পশ্চিম বংগৰ কাৰাগাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা৷ কাৰাবন্দী মহিলাই জন্ম দিলে ১৯৬টাকৈ শিশু৷ কলকাতা উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰিছে এই তথ্য৷ 

কাৰাবন্দী মহিলা সন্তানসম্ভৱা হোৱা বিষয়টো আলোচিত হৈছে কলকাতা উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ আনকি, কাৰাগাৰৰ ভিতৰত পুৰুষ কৰ্মচাৰীসকলৰ প্ৰৱেশ মহিলা বন্দীসকলৰ বেষ্টনীৰ ভিতৰত নিষিদ্ধ কৰিব লাগে বুলি বৃহস্পতিবাৰে কলকাতা উচ্চ ন্যায়ালয়ত এমিকাছ কিউৰীয়ে আহ্বান জনায়৷ 

কলকাতা উচ্চ ন্যায়ালয়ক জনোৱা হৈছিল যে মহিলা বন্দীসকল পশ্চিম বংগৰ কাৰাগাৰৰ ভিতৰত তেওঁলোকৰ জিম্মাৰ সময়তে সন্তানসম্ভৱা হৈছে৷ কাৰাগাৰত কমেও ১৯৬ টা কেঁচুৱাৰো জন্ম হৈছিল৷

এমিকাছ কিউৰীয়ে আহ্বান জনাইছিল যে কাৰাগাৰসমূহৰ পুৰুষ কৰ্মচাৰীসকলৰ প্ৰৱেশ তৎক্ষণাৎ মহিলা বন্দীসকলৰ বেষ্টনীৰ ভিতৰত নিষিদ্ধ কৰিব লাগে।

এই বিষয়টো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শিৱগনাম আৰু ন্যায়াধীশ ভট্টাচাৰ্যৰ খণ্ড বিচাৰপীঠে আন এটা খণ্ড বিচাৰপীঠক হস্তান্তৰ কৰিছে৷
চৰকাৰী অধিবক্তাও য’ত উপস্থিত থাকিব।

মুখ্য ন্যায়াধীশ শিৱগনাম আৰু ন্যায়াধীশ ভট্টাচাৰ্যৰ বিচাৰপীঠে টোকাবোৰ ৰেকৰ্ডত লোৱাৰ সময়ত কয়, এমিকাছ কিউৰীয়ে বিষয়টো উল্লেখ কৰিছে আৰু কিছুমান গুৰুতৰ বিষয় উত্থাপন কপিছে৷ এনেকুৱা এটা বিষয় হ’ল যে মহিলা বন্দীসকল জিম্মাত থাকোতে গৰ্ভৱতী হৈ আছিল। বৰ্তমান ১৯৬টা শিশু পশ্চিম বংগৰ বিভিন্ন কাৰাগাৰত আছে৷

পশ্চিম বংগৰ কাৰাগাৰ সেৱাৰ এগৰাকী জ্যেষ্ঠ আইপিএছ বিষয়াই কৈছিল যে যদি এগৰাকী মহিলা, যাৰ ছয় বছৰতকৈ কম বয়সৰ সন্তান আছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হয়, তেন্তে শিশুটোক মাতৃৰ সৈতে থাকিবলৈ অনুমতি দিয়া হয়। কিন্তু মোৰ ওচৰত এনে কোনো তথ্য নাই যে মহিলাসকল কাৰাগাৰত গৰ্ভৱতী হৈ আছে। এয়া সম্ভাৱনা নাই। যদি এইটো মোৰ দৃষ্টিগোচৰ হয়, মই নিশ্চিতভাৱে বিষয়টো পৰ্যবেক্ষণ কৰিম৷

বিষয়টো কলকাতা উচ্চ ন্যায়ালয়ত সোমবাৰে শুনানি হোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু