--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহে পশ্চিম-বংগৰ বালিগঞ্জৰ উপ-নিৰ্বাচনৰ বাবে বাঁও মৰ্চাৰ প্ৰাৰ্থী তেওঁৰ ভতিজী ছাইৰা শ্বাহ হালিমক সমৰ্থন আগবঢ়াইছে। ভাৰতীয় কমিউনিষ্ট পাৰ্টী(মাৰ্ক্সবাদী)ৰ ছাইৰা শ্বাহ হালিমে তৃণমূল কংগ্ৰেছৰ বাবুল সুপ্ৰিয়ৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

এক ভিডিঅ’ বাৰ্তাত নাছিৰুদ্দিন শ্বাহে কয় যে, ‘ভোটাৰসকলৰ সন্মুখত এতিয়া বাছনি কৰাৰ সময়। আপুনি আপোনাৰ প্ৰতিনিধি এজন যত্নশীল, সহানুভূতিশীল আৰু প্ৰতিশ্ৰুতিবদ্ধ ব্যক্তি হোৱাটো বিচাৰে নে আপুনি এজন  সুবিধাবাদীক পছন্দ কৰিব।’

তেওঁ লগতে কয় যে, ‘মই ইয়াৰ সৈতে জড়িত নহয় বা মোৰ কোনো ৰাজনৈতিক দলৰ প্ৰতি আনুগত্য ৰখা নাই। আগন্তুক বালিগঞ্জৰ উপ-নিৰ্বাচনৰ বাবে ছাইৰা শ্বাহ হালিমৰ প্ৰাৰ্থিত্বক সমৰ্থন কৰিবলৈ মই ইয়াত মোৰ ব্যক্তিগত সমৰ্থন আগহঢ়াইছো।’

‘মই ছাইৰা শ্বাহ হালিমক সদায়ে এগৰাকী সাহসী আৰু যত্নশীল সততাৰ ব্যক্তি হিচাপে পাইছো, যি সদায়ে আনক সহায় কৰিবলৈ আগ্ৰহী। তাই আমাৰ অধিকাৰৰ এগৰাকী কণ্ঠস্বৰ ৰক্ষক হ’ব পৰা যোগ্যতা থকা নাৰী’-বুলি তেওঁ কয়।

নাছিৰুদ্দিন শ্বাহৰ পত্নী ৰত্ন পাঠক শ্বাহেও ছাইৰা শ্বাহ হালিমক সমৰ্থন আগবঢ়োৱা এটা ভিডিঅ’ প্ৰচাৰ কৰিছে। ‘ছাইৰা হালিম হৈছে আশাৰ ভৱিষ্যৎ। তাইক ভোট দিয়ক আমি সকলোৱে তাইৰ পক্ষ ল’ব পাৰোঁ আৰু তাইক ক্ষমতালৈ অহাত সহায় কৰিব পাৰোঁ আৰু দেশৰ যুৱ-প্ৰজন্মৰ জীৱনত এক পৰিৱৰ্তন আনিব পাৰোঁ’-বুলিও তেওঁ কয়।

উল্লেখ্য যে, উপ-নিৰ্বাচন ১২ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু ভোটগণনা ১৬ এপ্ৰিলত হ’ব। বিজেপিয়ে এতিয়াও তেওঁলোকৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম মুকলিকৈ উল্লেখ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ