--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহে পশ্চিম-বংগৰ বালিগঞ্জৰ উপ-নিৰ্বাচনৰ বাবে বাঁও মৰ্চাৰ প্ৰাৰ্থী তেওঁৰ ভতিজী ছাইৰা শ্বাহ হালিমক সমৰ্থন আগবঢ়াইছে। ভাৰতীয় কমিউনিষ্ট পাৰ্টী(মাৰ্ক্সবাদী)ৰ ছাইৰা শ্বাহ হালিমে তৃণমূল কংগ্ৰেছৰ বাবুল সুপ্ৰিয়ৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

এক ভিডিঅ’ বাৰ্তাত নাছিৰুদ্দিন শ্বাহে কয় যে, ‘ভোটাৰসকলৰ সন্মুখত এতিয়া বাছনি কৰাৰ সময়। আপুনি আপোনাৰ প্ৰতিনিধি এজন যত্নশীল, সহানুভূতিশীল আৰু প্ৰতিশ্ৰুতিবদ্ধ ব্যক্তি হোৱাটো বিচাৰে নে আপুনি এজন  সুবিধাবাদীক পছন্দ কৰিব।’

তেওঁ লগতে কয় যে, ‘মই ইয়াৰ সৈতে জড়িত নহয় বা মোৰ কোনো ৰাজনৈতিক দলৰ প্ৰতি আনুগত্য ৰখা নাই। আগন্তুক বালিগঞ্জৰ উপ-নিৰ্বাচনৰ বাবে ছাইৰা শ্বাহ হালিমৰ প্ৰাৰ্থিত্বক সমৰ্থন কৰিবলৈ মই ইয়াত মোৰ ব্যক্তিগত সমৰ্থন আগহঢ়াইছো।’

‘মই ছাইৰা শ্বাহ হালিমক সদায়ে এগৰাকী সাহসী আৰু যত্নশীল সততাৰ ব্যক্তি হিচাপে পাইছো, যি সদায়ে আনক সহায় কৰিবলৈ আগ্ৰহী। তাই আমাৰ অধিকাৰৰ এগৰাকী কণ্ঠস্বৰ ৰক্ষক হ’ব পৰা যোগ্যতা থকা নাৰী’-বুলি তেওঁ কয়।

নাছিৰুদ্দিন শ্বাহৰ পত্নী ৰত্ন পাঠক শ্বাহেও ছাইৰা শ্বাহ হালিমক সমৰ্থন আগবঢ়োৱা এটা ভিডিঅ’ প্ৰচাৰ কৰিছে। ‘ছাইৰা হালিম হৈছে আশাৰ ভৱিষ্যৎ। তাইক ভোট দিয়ক আমি সকলোৱে তাইৰ পক্ষ ল’ব পাৰোঁ আৰু তাইক ক্ষমতালৈ অহাত সহায় কৰিব পাৰোঁ আৰু দেশৰ যুৱ-প্ৰজন্মৰ জীৱনত এক পৰিৱৰ্তন আনিব পাৰোঁ’-বুলিও তেওঁ কয়।

উল্লেখ্য যে, উপ-নিৰ্বাচন ১২ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু ভোটগণনা ১৬ এপ্ৰিলত হ’ব। বিজেপিয়ে এতিয়াও তেওঁলোকৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম মুকলিকৈ উল্লেখ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান