--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাগুৰি মাৰিলেই খালিস্তানী হৈ পৰিব নেকি পঞ্জাবী সম্প্ৰদায়ৰ লোক? দেশজুৰি এতিয়া এই প্ৰশ্ন উত্থাপন হৈছে৷ বিদেশৰ ভূমিত বহুবাৰ পাগুৰি পৰিধান কৰা সাধাৰণ পঞ্জাবী সম্প্ৰদায়ৰ লোক তিৰস্কাৰৰ সন্মুখীন হৈ অহাৰ ঘটনা বহুবাৰ সংঘটিত হৈছে৷ 

আমেৰিকা, কানাডা, ইংলেণ্ডত প্ৰায়েই এনে ঘটনা সংঘটিত হৈ আহিছে যদিও এইবাৰ দেশৰ ভূমিতেই এনে তিৰস্কাৰৰ সন্মুখীন হ’ল পঞ্জাবী সম্প্ৰদায়ৰ ব্যক্তি৷ শেহতীয়াকৈ পশ্চিমবংগত এগৰাকী IPS বিষয়াক খালিস্তানী বুলি অভিহিত কৰাৰ পাছতেই এতিয়া সমগ্ৰ দেশতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ 

দৰাচলতে পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনা জিলাত সংঘটিত হৈছিল এই অবাঞ্চিত ঘটনা৷ পশ্চিমবংগৰ বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে জিলাখনৰ সন্দেশখালী অঞ্চল ভ্ৰমণৰ সময়ত বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে৷ যাৰ পাছতেই সেই স্থানত সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ৷ আৰক্ষীৰে বাকযুদ্ধত লিপ্ত হৈছিল একাংশ বিজেপি কৰ্মী৷ তাৰমাজতেই কোনো বিজেপি সমৰ্থকে IPS বিষয়া যশপ্ৰীত সিঙক খালিস্তানী বুলি অভিহিত কৰাৰ উঠিছে গুৰুতৰ অভিযোগ৷

এই ঘটনাৰ পাছতে সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ পশ্চিমবংগৰ শিখ সম্প্ৰদায়ৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যখনৰ বিজেপি মুখ্য কাৰ্যালয়ৰ বাহিৰত৷ ইপিনে ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও৷ বিজেপিক তীব্ৰ সমালোচনা কৰি সমগ্ৰ দেশ IPS যশপ্ৰীত সিঙৰ সৈতে আছে বুলি সামাজিক মাধ্যমযোগে জনালে কংগ্ৰেছ নেতাগৰাকীয়ে৷ 

ইপিনে পঞ্জাব বিধানসভাৰ বিৰোধী নেতাই ঘটনাক লজ্জাজনক আখ্যা দি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’৷ ঘটনাৰে জড়িতসকলক কঠোৰ শাস্তিৰ দাবী কৰিছে পঞ্জাব বিধানসভাৰ বিৰোধী নেতাগৰাকীয়ে৷ বিৰোধী দল কংগ্ৰেছেও নিজৰ X হেণ্ডেলত ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰি এয়া নিকৃষ্ট মানসিকতাৰ পৰিচায়ক বুলি অভিহিত কৰিছে৷ ইতিমধ্যে বহুকেইগৰাকী বিৰোধী নেতাই ঘটনাক লৈ প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু