--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাগুৰি মাৰিলেই খালিস্তানী হৈ পৰিব নেকি পঞ্জাবী সম্প্ৰদায়ৰ লোক? দেশজুৰি এতিয়া এই প্ৰশ্ন উত্থাপন হৈছে৷ বিদেশৰ ভূমিত বহুবাৰ পাগুৰি পৰিধান কৰা সাধাৰণ পঞ্জাবী সম্প্ৰদায়ৰ লোক তিৰস্কাৰৰ সন্মুখীন হৈ অহাৰ ঘটনা বহুবাৰ সংঘটিত হৈছে৷ 

আমেৰিকা, কানাডা, ইংলেণ্ডত প্ৰায়েই এনে ঘটনা সংঘটিত হৈ আহিছে যদিও এইবাৰ দেশৰ ভূমিতেই এনে তিৰস্কাৰৰ সন্মুখীন হ’ল পঞ্জাবী সম্প্ৰদায়ৰ ব্যক্তি৷ শেহতীয়াকৈ পশ্চিমবংগত এগৰাকী IPS বিষয়াক খালিস্তানী বুলি অভিহিত কৰাৰ পাছতেই এতিয়া সমগ্ৰ দেশতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ 

দৰাচলতে পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনা জিলাত সংঘটিত হৈছিল এই অবাঞ্চিত ঘটনা৷ পশ্চিমবংগৰ বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে জিলাখনৰ সন্দেশখালী অঞ্চল ভ্ৰমণৰ সময়ত বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে৷ যাৰ পাছতেই সেই স্থানত সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ৷ আৰক্ষীৰে বাকযুদ্ধত লিপ্ত হৈছিল একাংশ বিজেপি কৰ্মী৷ তাৰমাজতেই কোনো বিজেপি সমৰ্থকে IPS বিষয়া যশপ্ৰীত সিঙক খালিস্তানী বুলি অভিহিত কৰাৰ উঠিছে গুৰুতৰ অভিযোগ৷

এই ঘটনাৰ পাছতে সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ পশ্চিমবংগৰ শিখ সম্প্ৰদায়ৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যখনৰ বিজেপি মুখ্য কাৰ্যালয়ৰ বাহিৰত৷ ইপিনে ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও৷ বিজেপিক তীব্ৰ সমালোচনা কৰি সমগ্ৰ দেশ IPS যশপ্ৰীত সিঙৰ সৈতে আছে বুলি সামাজিক মাধ্যমযোগে জনালে কংগ্ৰেছ নেতাগৰাকীয়ে৷ 

ইপিনে পঞ্জাব বিধানসভাৰ বিৰোধী নেতাই ঘটনাক লজ্জাজনক আখ্যা দি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’৷ ঘটনাৰে জড়িতসকলক কঠোৰ শাস্তিৰ দাবী কৰিছে পঞ্জাব বিধানসভাৰ বিৰোধী নেতাগৰাকীয়ে৷ বিৰোধী দল কংগ্ৰেছেও নিজৰ X হেণ্ডেলত ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰি এয়া নিকৃষ্ট মানসিকতাৰ পৰিচায়ক বুলি অভিহিত কৰিছে৷ ইতিমধ্যে বহুকেইগৰাকী বিৰোধী নেতাই ঘটনাক লৈ প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী