--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ মাটিতেই তিৰস্কাৰৰ সন্মুখীন হ’ল পঞ্জাবী সম্প্ৰদায়ৰ ব্যক্তি৷ পশ্চিমবংগত এগৰাকী IPS বিষয়াক খালিস্তানী বুলি অভিহিত কৰাৰ পাছতেই এতিয়া সমগ্ৰ দেশতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷

পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনা জিলাত সংঘটিত হৈছিল এই অনাহূত ঘটনা৷ পশ্চিমবংগৰ বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে জিলাখনৰ সন্দেশখালী অঞ্চল ভ্ৰমণৰ সময়ত বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে৷ তাৰ পাছতেই সেই স্থানত সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ৷ আৰক্ষীৰে বাকযুদ্ধত লিপ্ত হৈছিল একাংশ বিজেপি কৰ্মী৷ তাৰমাজতেই কোনো বিজেপি সমৰ্থকে IPS বিষয়া যশপ্ৰীত সিঙক খালিস্তানী বুলি অভিহিত কৰাৰ উঠিছে গুৰুতৰ অভিযোগ৷

পশ্চিম বংগ আৰক্ষীয়ে মঙলবাৰে অভিযোগ কৰিছে যে বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে এজন শিখ আৰক্ষী বিষয়াক খালিস্তানী বুলি অভিহিত কৰা কাৰ্য বিদ্বেষপূৰ্ণ, জাতিগত আৰু সাম্প্ৰদায়িকভাৱে উচতনিমূলক৷

অধিকাৰীৰ মন্তব্যক লৈ কি কয় পশ্চিম বংগ আৰক্ষীয়ে?
এজন ব্যক্তিৰ ধৰ্মীয় পৰিচয়ৰ ওপৰত অবাঞ্ছিত, অসহনীয় আক্ৰমণক গৰিহণা দি পশ্চিম বংগ আৰক্ষীয়ে কয় যে অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আমি, পশ্চিম বংগ আৰক্ষীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰি ক্ষুব্ধ হৈছোঁ, য’ত আমাৰ নিজৰ এজন বিষয়াক ৰাজ্যখনৰ বিৰোধী দলৰ নেতাই খালিস্তানী বুলি অভিহিত কৰিছিল। বংগ আৰক্ষীয়ে লগতে কয়, তেওঁ এজন গৌৰৱান্বিত শিখ আৰু এজন সক্ষম আৰক্ষী বিষয়া যি আইন বলবৎ কৰিবলৈ চেষ্টা কৰি আছিল৷ সুভেন্দু অধিকাৰীৰ মন্তব্য এটা অপৰাধমূলক কাৰ্য। আমি এজন ব্যক্তিৰ ধৰ্মীয় পৰিচয় আৰু বিশ্বাসৰ ওপৰত অপ্ৰৰোচিত, অগ্ৰহণযোগ্য আক্ৰমণক দ্ব্যর্থহীনভাৱে গৰিহণা দিওঁ৷ ইতিমধ্যে এই বিষয়টোক লৈ কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু