--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ মাটিতেই তিৰস্কাৰৰ সন্মুখীন হ’ল পঞ্জাবী সম্প্ৰদায়ৰ ব্যক্তি৷ পশ্চিমবংগত এগৰাকী IPS বিষয়াক খালিস্তানী বুলি অভিহিত কৰাৰ পাছতেই এতিয়া সমগ্ৰ দেশতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷

পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনা জিলাত সংঘটিত হৈছিল এই অনাহূত ঘটনা৷ পশ্চিমবংগৰ বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে জিলাখনৰ সন্দেশখালী অঞ্চল ভ্ৰমণৰ সময়ত বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে৷ তাৰ পাছতেই সেই স্থানত সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ৷ আৰক্ষীৰে বাকযুদ্ধত লিপ্ত হৈছিল একাংশ বিজেপি কৰ্মী৷ তাৰমাজতেই কোনো বিজেপি সমৰ্থকে IPS বিষয়া যশপ্ৰীত সিঙক খালিস্তানী বুলি অভিহিত কৰাৰ উঠিছে গুৰুতৰ অভিযোগ৷

পশ্চিম বংগ আৰক্ষীয়ে মঙলবাৰে অভিযোগ কৰিছে যে বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে এজন শিখ আৰক্ষী বিষয়াক খালিস্তানী বুলি অভিহিত কৰা কাৰ্য বিদ্বেষপূৰ্ণ, জাতিগত আৰু সাম্প্ৰদায়িকভাৱে উচতনিমূলক৷

অধিকাৰীৰ মন্তব্যক লৈ কি কয় পশ্চিম বংগ আৰক্ষীয়ে?
এজন ব্যক্তিৰ ধৰ্মীয় পৰিচয়ৰ ওপৰত অবাঞ্ছিত, অসহনীয় আক্ৰমণক গৰিহণা দি পশ্চিম বংগ আৰক্ষীয়ে কয় যে অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আমি, পশ্চিম বংগ আৰক্ষীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰি ক্ষুব্ধ হৈছোঁ, য’ত আমাৰ নিজৰ এজন বিষয়াক ৰাজ্যখনৰ বিৰোধী দলৰ নেতাই খালিস্তানী বুলি অভিহিত কৰিছিল। বংগ আৰক্ষীয়ে লগতে কয়, তেওঁ এজন গৌৰৱান্বিত শিখ আৰু এজন সক্ষম আৰক্ষী বিষয়া যি আইন বলবৎ কৰিবলৈ চেষ্টা কৰি আছিল৷ সুভেন্দু অধিকাৰীৰ মন্তব্য এটা অপৰাধমূলক কাৰ্য। আমি এজন ব্যক্তিৰ ধৰ্মীয় পৰিচয় আৰু বিশ্বাসৰ ওপৰত অপ্ৰৰোচিত, অগ্ৰহণযোগ্য আক্ৰমণক দ্ব্যর্থহীনভাৱে গৰিহণা দিওঁ৷ ইতিমধ্যে এই বিষয়টোক লৈ কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী