--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ হাওৰাত ৰাম নৱমীত সংঘটিত হোৱা হিংসাত্মক ঘটনাক লৈ মমতা বেনাৰ্জী চৰকাৰক আক্ৰমণ কৰিছে তেলেংগানা বিজেপিৰ মুখপাত্ৰ এন ভি সুভাষে। সুভাষে কয় যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজৰ চৰকাৰৰ অস্তিত্ব ৰক্ষাৰ বাবে ভোটবেংকৰ ৰাজনীতি কৰিছে।

 এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্ৰই কয় যে ধৰ্মীয় বিশ্বাসক সন্মান জনোৱা আৰু সকলো ধৰ্মকে নিৰাপত্তা প্ৰদান কৰাটো যিকোনো চৰকাৰৰ মৌলিক কৰ্তব্য। কিন্তু পশ্চিমবংগ চৰকাৰে বৈষম্যমূলকভাৱে কাম কৰি ৰাজনৈতিক লাভালাভৰ বাবে শিলগুটি নিক্ষেপকাৰীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাকৈ এটা বিশেষ সম্প্ৰদায়ক সুৰক্ষা প্ৰদান কৰিছে। সুভাষে কয়, ৰাম নৱমীৰ দিনা যি হিংসা সংঘটিত হৈছিল সেয়া আছিল ৰাজ্যিক পৃষ্ঠপোষকতাত হোৱা হিংসা। হিন্দুৰ আস্থা হেৰুৱাই সম্পূৰ্ণৰূপে পশ্চিমবংগ চৰকাৰৰ অস্তিত্ব মুছলমানৰ ওপৰত নিৰ্ভৰশীল।

 তেওঁ আৰু কয় যে মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ হিন্দুবিৰোধী মনোভাৱ ইতিহাসে কেতিয়াও পাহৰিব নোৱাৰে আৰু সেই দিনটো বহু দূৰত নহয় যেতিয়া তেওঁক সকলোৱে বিচাৰি পাব। শোভাযাত্ৰাৰ সময়ত শিলগুটি নিক্ষেপ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

 বৃহস্পতিবাৰে অৰ্থাৎ ৩০ মাৰ্চ তাৰিখে পশ্চিমবংগৰ হাওৰাত ৰাম নৱমী শোভাযাত্ৰাৰ সময়ত শিলগুটি নিক্ষেপ কৰাৰ পাছতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। এই সময়ত বহু বাহনত অগ্নিসংযোগ কৰা হয়। হিংসাত্মক ঘটনাৰ সময়ত ৰাজহুৱা আৰু ব্যক্তিগত সা-সম্পত্তিৰ ক্ষতিসাধন হৈছিল।

 এন ভি সুভাষে কয় যে ‘তেলেংগানাতো এতিয়া একেই ঘটনা ঘটি আছে। শুকুৰবাৰে যেতিয়া বিজেপি আৰু ভিএইচপিৰ কৰ্মীসকলে বিশাল ৰেলী উলিয়াইছিল তেতিয়া কিছু ঘটনা সংঘটিত হৈছিল। আমি ইয়াৰ তদন্তৰ দাবী জনাইছো।’

 ইয়াৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী কেচিআৰে ভদ্ৰাচলম মন্দিৰলৈ নোযোৱা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰি কয় যে, ‘এতিয়ালৈকে সকলো মুখ্যমন্ত্ৰীয়ে ভদ্ৰাচলমলৈ গৈ ৰাম নৱমী উদযাপনত অংশগ্ৰহণ কৰাটো এটা নিয়ম হৈ আহিছে। ভদ্ৰাচলমক দক্ষিণৰ অযোধ্যা বোলা হয়।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ