--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ হাওৰাত ৰাম নৱমীত সংঘটিত হোৱা হিংসাত্মক ঘটনাক লৈ মমতা বেনাৰ্জী চৰকাৰক আক্ৰমণ কৰিছে তেলেংগানা বিজেপিৰ মুখপাত্ৰ এন ভি সুভাষে। সুভাষে কয় যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজৰ চৰকাৰৰ অস্তিত্ব ৰক্ষাৰ বাবে ভোটবেংকৰ ৰাজনীতি কৰিছে।

 এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্ৰই কয় যে ধৰ্মীয় বিশ্বাসক সন্মান জনোৱা আৰু সকলো ধৰ্মকে নিৰাপত্তা প্ৰদান কৰাটো যিকোনো চৰকাৰৰ মৌলিক কৰ্তব্য। কিন্তু পশ্চিমবংগ চৰকাৰে বৈষম্যমূলকভাৱে কাম কৰি ৰাজনৈতিক লাভালাভৰ বাবে শিলগুটি নিক্ষেপকাৰীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাকৈ এটা বিশেষ সম্প্ৰদায়ক সুৰক্ষা প্ৰদান কৰিছে। সুভাষে কয়, ৰাম নৱমীৰ দিনা যি হিংসা সংঘটিত হৈছিল সেয়া আছিল ৰাজ্যিক পৃষ্ঠপোষকতাত হোৱা হিংসা। হিন্দুৰ আস্থা হেৰুৱাই সম্পূৰ্ণৰূপে পশ্চিমবংগ চৰকাৰৰ অস্তিত্ব মুছলমানৰ ওপৰত নিৰ্ভৰশীল।

 তেওঁ আৰু কয় যে মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ হিন্দুবিৰোধী মনোভাৱ ইতিহাসে কেতিয়াও পাহৰিব নোৱাৰে আৰু সেই দিনটো বহু দূৰত নহয় যেতিয়া তেওঁক সকলোৱে বিচাৰি পাব। শোভাযাত্ৰাৰ সময়ত শিলগুটি নিক্ষেপ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

 বৃহস্পতিবাৰে অৰ্থাৎ ৩০ মাৰ্চ তাৰিখে পশ্চিমবংগৰ হাওৰাত ৰাম নৱমী শোভাযাত্ৰাৰ সময়ত শিলগুটি নিক্ষেপ কৰাৰ পাছতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। এই সময়ত বহু বাহনত অগ্নিসংযোগ কৰা হয়। হিংসাত্মক ঘটনাৰ সময়ত ৰাজহুৱা আৰু ব্যক্তিগত সা-সম্পত্তিৰ ক্ষতিসাধন হৈছিল।

 এন ভি সুভাষে কয় যে ‘তেলেংগানাতো এতিয়া একেই ঘটনা ঘটি আছে। শুকুৰবাৰে যেতিয়া বিজেপি আৰু ভিএইচপিৰ কৰ্মীসকলে বিশাল ৰেলী উলিয়াইছিল তেতিয়া কিছু ঘটনা সংঘটিত হৈছিল। আমি ইয়াৰ তদন্তৰ দাবী জনাইছো।’

 ইয়াৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী কেচিআৰে ভদ্ৰাচলম মন্দিৰলৈ নোযোৱা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰি কয় যে, ‘এতিয়ালৈকে সকলো মুখ্যমন্ত্ৰীয়ে ভদ্ৰাচলমলৈ গৈ ৰাম নৱমী উদযাপনত অংশগ্ৰহণ কৰাটো এটা নিয়ম হৈ আহিছে। ভদ্ৰাচলমক দক্ষিণৰ অযোধ্যা বোলা হয়।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক