--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘মোদী উপাধি’ মানহানিৰ গোচৰত দুবছৰৰ শাস্তিৰ বিৰুদ্ধে ৩ এপ্ৰিলত চুৰাট আদালতত আবেদন দাখিল কৰিব পাৰে। শেহতীয়াকৈ মোদী উপাধিৰ মানহানিৰ গোচৰত চিজেএম আদালতে ৰাহুলক শাস্তি প্ৰদান কৰিছিল। সূত্ৰ অনুসৰি এই ৰায়ক প্ৰত্যাহ্বান জনাই প্ৰস্তুত কৰা আবেদন ইতিমধ্যে সাজু হৈছে। কাইলৈ ৰাহুল গান্ধীয়ে চুৰাট আদালতত আৱেদন দাখিল কৰিব পাৰিব। মানহানিৰ গোচৰত লাভ কৰা শাস্তিৰ ওপৰত স্থগিতাদেশ বিচাৰিব ৰাহুল গান্ধীয়ে। এই শাস্তিৰ অৱসান হ’লেহে তেওঁ সংসদৰ সদস্যপদ পুনৰ ঘূৰাই পাব৷

দৰাচলতে চলিত বৰ্ষৰ ২৩ মাৰ্চত চুৰাটৰ এখন আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি ২০১৯ চনত ‘মোদী উপাধি’ৰ ওপৰত কৰা মন্তব্যৰ বাবে দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। এই শাস্তিৰ পিছত ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ লগতে তেওঁৰ সদস্যপদ বাতিল কৰা হৈছে। তেতিয়াৰ পৰাই সকলো কংগ্ৰেছ নেতাই বিজেপিৰ বিৰুদ্ধে এক শক্তিশালী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে৷

কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে দলটোৱে আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত ৰাহুল গান্ধীৰ আইনী দলে পৰ্যাপ্ত তৎপৰতা প্ৰদৰ্শন নকৰাৰ অভিযোগ উত্থাপন কৰিছিল বিজেপিয়ে। প্ৰশ্ন উত্থাপন হৈছিল যে কংগ্ৰেছ নেতা পৱন খেদাক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও ৰাহুল গান্ধীক দোষী সাব্যস্ত হোৱাৰ পিছত কিন্তু সেই তৎপৰতা দেখা পোৱা যোৱা নাই। এই সন্দৰ্ভত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কৈছিল যে আইনী দলটোৱে ইয়াৰ ওপৰত কাম কৰি আছে। তেওঁ কৈছিল যে,"ক’ত কেতিয়া আবেদন কৰিব লাগে আমি জানো কাৰণ আমাৰ হাতত ৩০ দিন আছে।"

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ কোলাৰত মন্তব্য কৰিছিল যে ‘সকলো চোৰৰ উপাধি মোদী’। ইয়াৰ পাছত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। তেওঁৰ বিৰুদ্ধে সমগ্ৰ মোডী সমাজৰ আৱেগক আঘাত আৰু কলংকিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ বিপৰীতে এতিয়া আদালতে ৰাহুল গান্ধীক এই সন্দৰ্ভত দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি