--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘মোদী উপাধি’ মানহানিৰ গোচৰত দুবছৰৰ শাস্তিৰ বিৰুদ্ধে ৩ এপ্ৰিলত চুৰাট আদালতত আবেদন দাখিল কৰিব পাৰে। শেহতীয়াকৈ মোদী উপাধিৰ মানহানিৰ গোচৰত চিজেএম আদালতে ৰাহুলক শাস্তি প্ৰদান কৰিছিল। সূত্ৰ অনুসৰি এই ৰায়ক প্ৰত্যাহ্বান জনাই প্ৰস্তুত কৰা আবেদন ইতিমধ্যে সাজু হৈছে। কাইলৈ ৰাহুল গান্ধীয়ে চুৰাট আদালতত আৱেদন দাখিল কৰিব পাৰিব। মানহানিৰ গোচৰত লাভ কৰা শাস্তিৰ ওপৰত স্থগিতাদেশ বিচাৰিব ৰাহুল গান্ধীয়ে। এই শাস্তিৰ অৱসান হ’লেহে তেওঁ সংসদৰ সদস্যপদ পুনৰ ঘূৰাই পাব৷

দৰাচলতে চলিত বৰ্ষৰ ২৩ মাৰ্চত চুৰাটৰ এখন আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি ২০১৯ চনত ‘মোদী উপাধি’ৰ ওপৰত কৰা মন্তব্যৰ বাবে দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। এই শাস্তিৰ পিছত ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ লগতে তেওঁৰ সদস্যপদ বাতিল কৰা হৈছে। তেতিয়াৰ পৰাই সকলো কংগ্ৰেছ নেতাই বিজেপিৰ বিৰুদ্ধে এক শক্তিশালী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে৷

কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে দলটোৱে আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত ৰাহুল গান্ধীৰ আইনী দলে পৰ্যাপ্ত তৎপৰতা প্ৰদৰ্শন নকৰাৰ অভিযোগ উত্থাপন কৰিছিল বিজেপিয়ে। প্ৰশ্ন উত্থাপন হৈছিল যে কংগ্ৰেছ নেতা পৱন খেদাক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও ৰাহুল গান্ধীক দোষী সাব্যস্ত হোৱাৰ পিছত কিন্তু সেই তৎপৰতা দেখা পোৱা যোৱা নাই। এই সন্দৰ্ভত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কৈছিল যে আইনী দলটোৱে ইয়াৰ ওপৰত কাম কৰি আছে। তেওঁ কৈছিল যে,"ক’ত কেতিয়া আবেদন কৰিব লাগে আমি জানো কাৰণ আমাৰ হাতত ৩০ দিন আছে।"

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ কোলাৰত মন্তব্য কৰিছিল যে ‘সকলো চোৰৰ উপাধি মোদী’। ইয়াৰ পাছত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। তেওঁৰ বিৰুদ্ধে সমগ্ৰ মোডী সমাজৰ আৱেগক আঘাত আৰু কলংকিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ বিপৰীতে এতিয়া আদালতে ৰাহুল গান্ধীক এই সন্দৰ্ভত দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement