--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পশ্চিমীয়া দেশসমূহৰ প্ৰতি প্ৰদান কৰিছে সতৰ্কবাণী৷ ২৫ ছেপ্টেম্বৰত মস্কোৰ ক্ৰেমলিনত অনুষ্ঠিত এক সুৰক্ষা পৰিষদৰ বৈঠকত ঘোষণা কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নতুন নিউক্লিয়াৰ নীতি। এই নীতি সম্পৰ্কে উল্লেখ কয় যে, ‘কোনো পাৰমাণৱিক শক্তিৰ সমৰ্থিত পাৰমাণৱিক শক্তি নথকা ৰাষ্ট্ৰৰ দ্বাৰা ৰাছিয়াৰ ওপৰত যিকোনো আক্ৰমণক ৰাছিয়াৰ ওপৰত যৌথ আক্ৰমণ হিচাপে গণ্য কৰা হ’ব।’

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুনৰ উল্লেখ কৰে যে, ‘যদি কোনো আক্ৰমণে ৰাছিয়াৰ সাৰ্বভৌমত্বক সংকটত পেলায় তেতিয়া ৰাছিয়াই নিউক্লিয়াৰ ক্ষেপনাস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে৷’ এই নতুন আনৱিক নীতি অনুসৰি পশ্চিমৰ দেশসমূহক সতৰ্ক কৰি দিছে, ইউক্ৰেইনক দীঘলীয়া সময় ধৰি অস্ত্ৰ যোগান ধৰাৰ ফলত ৰাছিয়া আৰু নেটো গোষ্ঠীৰ মাজত যুদ্ধৰ পৰিস্থিতি সৃষ্টি হ’ব। 

ইয়াৰ প্ৰত্যুত্তৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মুখ্য কৰ্মচাৰী এণ্ড্ৰি য়েৰমাকে কয় যে, ‘পাৰমাণৱিক ব্লেকমেইলৰ বাহিৰে ৰাছিয়াৰ হাতত বিশ্বক ভীতিগ্ৰস্ত কৰিব পৰা কোনো আহিলা নাই। এই ভয় দেখুৱাই ৰাছিয়া সফল নহ’ব।’ জেলেনস্কিয়েও আমেৰিকাৰ পৰা আনৱিক শক্তিৰ  অনুমোদন বিচৰাৰ ইচ্ছা প্ৰকাশ কৰিছে যাতে ইউৰোপীয় মিত্ৰ দেশসমূহে ৰাছিয়াৰ ভূখণ্ডৰ গভীৰতাত আক্ৰমণ কৰিবলৈ দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে বাইডেন প্ৰশাসনে স্পষ্ট কৰি দিছে যে ৰাছিয়াৰ ভিতৰত কিয়ভৰ আমেৰিকাৰ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ অনুমতি নাই।   

উল্লেখযোগ্য যে ভ্লাদিমিৰ পুটিনৰ নতুন নিউক্লিয়াৰ নীতিয়ে ৰাছিয়াৰ সামৰিক কৌশলত এক গুৰুত্বপূর্ণ পৰিৱৰ্তন সূচনা কৰিছে,ই বিশ্ব সুৰক্ষাৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। ৰাছিয়া পশ্চিমৰ দেশসমূহক সতৰ্ক কৰি দিব বিছাৰিছে যে, ইউক্ৰেইনক সমৰ্থন কৰাৰ ফলত কি বিপদ হ’ব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক