--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পশ্চিমীয়া দেশসমূহৰ প্ৰতি প্ৰদান কৰিছে সতৰ্কবাণী৷ ২৫ ছেপ্টেম্বৰত মস্কোৰ ক্ৰেমলিনত অনুষ্ঠিত এক সুৰক্ষা পৰিষদৰ বৈঠকত ঘোষণা কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নতুন নিউক্লিয়াৰ নীতি। এই নীতি সম্পৰ্কে উল্লেখ কয় যে, ‘কোনো পাৰমাণৱিক শক্তিৰ সমৰ্থিত পাৰমাণৱিক শক্তি নথকা ৰাষ্ট্ৰৰ দ্বাৰা ৰাছিয়াৰ ওপৰত যিকোনো আক্ৰমণক ৰাছিয়াৰ ওপৰত যৌথ আক্ৰমণ হিচাপে গণ্য কৰা হ’ব।’

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুনৰ উল্লেখ কৰে যে, ‘যদি কোনো আক্ৰমণে ৰাছিয়াৰ সাৰ্বভৌমত্বক সংকটত পেলায় তেতিয়া ৰাছিয়াই নিউক্লিয়াৰ ক্ষেপনাস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে৷’ এই নতুন আনৱিক নীতি অনুসৰি পশ্চিমৰ দেশসমূহক সতৰ্ক কৰি দিছে, ইউক্ৰেইনক দীঘলীয়া সময় ধৰি অস্ত্ৰ যোগান ধৰাৰ ফলত ৰাছিয়া আৰু নেটো গোষ্ঠীৰ মাজত যুদ্ধৰ পৰিস্থিতি সৃষ্টি হ’ব। 

ইয়াৰ প্ৰত্যুত্তৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মুখ্য কৰ্মচাৰী এণ্ড্ৰি য়েৰমাকে কয় যে, ‘পাৰমাণৱিক ব্লেকমেইলৰ বাহিৰে ৰাছিয়াৰ হাতত বিশ্বক ভীতিগ্ৰস্ত কৰিব পৰা কোনো আহিলা নাই। এই ভয় দেখুৱাই ৰাছিয়া সফল নহ’ব।’ জেলেনস্কিয়েও আমেৰিকাৰ পৰা আনৱিক শক্তিৰ  অনুমোদন বিচৰাৰ ইচ্ছা প্ৰকাশ কৰিছে যাতে ইউৰোপীয় মিত্ৰ দেশসমূহে ৰাছিয়াৰ ভূখণ্ডৰ গভীৰতাত আক্ৰমণ কৰিবলৈ দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে বাইডেন প্ৰশাসনে স্পষ্ট কৰি দিছে যে ৰাছিয়াৰ ভিতৰত কিয়ভৰ আমেৰিকাৰ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ অনুমতি নাই।   

উল্লেখযোগ্য যে ভ্লাদিমিৰ পুটিনৰ নতুন নিউক্লিয়াৰ নীতিয়ে ৰাছিয়াৰ সামৰিক কৌশলত এক গুৰুত্বপূর্ণ পৰিৱৰ্তন সূচনা কৰিছে,ই বিশ্ব সুৰক্ষাৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। ৰাছিয়া পশ্চিমৰ দেশসমূহক সতৰ্ক কৰি দিব বিছাৰিছে যে, ইউক্ৰেইনক সমৰ্থন কৰাৰ ফলত কি বিপদ হ’ব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ