--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক'ভিড আৰু অমিক্ৰণৰ সংক্ৰমণৰ সময়তে স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এক সুখবৰ৷ ক'ভিডৰ জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰিবলৈ দুটা Corbevax, Covovax প্ৰতিষেধকৰ লগতে মুকলি কৰা হৈছে Molnupiravir নামৰ এবিধ ঔষধো৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ক'ভিডৰ সৈতে যুঁজ দিবলৈ তিনিটা প্ৰতিষেধকসহ এই টেবলেট এতিয়া দেশত সুলভ হৈছে৷ এদিনতে তিনিওটা প্ৰতিষেধক জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰাৰ অনুমতি লাভ কৰাৰ পাছতে দেশৰ স্বাস্থ্যখণ্ডলৈ এতিয়া আশাৰ বতৰা আহিছে৷

ইফালে, দেশত ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস হ’লেও ই সম্পূৰ্ণৰূপে স্তব্ধ হ’বলা বহু বাকী আছে। ভাৰতত নতুনকৈ ৬,৩৫৮জনৰ দেহত ক’ভিড সংক্ৰমণ ধৰা পৰিছে৷ দেশত এতিয়াও ৭৫,৪৫৬জন ক'ভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে৷ আনহাতে, যোৱা ২৪ ঘন্টাৰ ভিতৰত মৃত্যু হৈছে ২৯৩জন ক'ভিড ৰোগীৰ৷

আনহাতে, অসমত ক'ভিড সংক্ৰমণৰ হাৰ নিম্নগামী হৈছে আৰু সুস্থতাৰ হাৰ বৃদ্ধি পাইছে৷ সোমবাৰৰ দিনটোত ৰাজ্যত ক'ভিডত ২জন লোকে প্ৰাণ হেৰুৱাইছে। বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১০৩গৰাকী লোক। সোমবাৰৰ দিনটোত ৩৩,১২৯ টা ক'ভিড পৰীক্ষা সম্পন্ন কৰা হয়। কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ৫১ গৰাকী লোক। ক'ভিড সংক্ৰমণৰ হাৰ হৈছে ০.৩১ শতাংশ আৰু সুস্থতাৰ হাৰ হৈছে ৯৮.৬৭ শতাংশ।

ইফালে ক’ভিডত আক্ৰান্ত হৈছে দেশৰ আন এগৰাকী তাৰকা। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আক্ৰান্ত হৈছে ক'ভিড ১৯ত৷ সোমবাৰে পুৱাই কৰা পৰীক্ষাত তেওঁ পজিটিভ চিনাক্ত হয়। তেওঁ বৰ্তমান দক্ষিণ কলকাতাৰ এখন ব্যক্তিগত হাস্পতালত নিভৃতবাসত আছে। অৱশ্যে গাংগুলীৰ পত্নী ডোনা আৰু তেওঁৰ কন্যা ছানাৰ ক'ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ আহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক