--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক'ভিড আৰু অমিক্ৰণৰ সংক্ৰমণৰ সময়তে স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এক সুখবৰ৷ ক'ভিডৰ জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰিবলৈ দুটা Corbevax, Covovax প্ৰতিষেধকৰ লগতে মুকলি কৰা হৈছে Molnupiravir নামৰ এবিধ ঔষধো৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ক'ভিডৰ সৈতে যুঁজ দিবলৈ তিনিটা প্ৰতিষেধকসহ এই টেবলেট এতিয়া দেশত সুলভ হৈছে৷ এদিনতে তিনিওটা প্ৰতিষেধক জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰাৰ অনুমতি লাভ কৰাৰ পাছতে দেশৰ স্বাস্থ্যখণ্ডলৈ এতিয়া আশাৰ বতৰা আহিছে৷

ইফালে, দেশত ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস হ’লেও ই সম্পূৰ্ণৰূপে স্তব্ধ হ’বলা বহু বাকী আছে। ভাৰতত নতুনকৈ ৬,৩৫৮জনৰ দেহত ক’ভিড সংক্ৰমণ ধৰা পৰিছে৷ দেশত এতিয়াও ৭৫,৪৫৬জন ক'ভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে৷ আনহাতে, যোৱা ২৪ ঘন্টাৰ ভিতৰত মৃত্যু হৈছে ২৯৩জন ক'ভিড ৰোগীৰ৷

আনহাতে, অসমত ক'ভিড সংক্ৰমণৰ হাৰ নিম্নগামী হৈছে আৰু সুস্থতাৰ হাৰ বৃদ্ধি পাইছে৷ সোমবাৰৰ দিনটোত ৰাজ্যত ক'ভিডত ২জন লোকে প্ৰাণ হেৰুৱাইছে। বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১০৩গৰাকী লোক। সোমবাৰৰ দিনটোত ৩৩,১২৯ টা ক'ভিড পৰীক্ষা সম্পন্ন কৰা হয়। কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ৫১ গৰাকী লোক। ক'ভিড সংক্ৰমণৰ হাৰ হৈছে ০.৩১ শতাংশ আৰু সুস্থতাৰ হাৰ হৈছে ৯৮.৬৭ শতাংশ।

ইফালে ক’ভিডত আক্ৰান্ত হৈছে দেশৰ আন এগৰাকী তাৰকা। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আক্ৰান্ত হৈছে ক'ভিড ১৯ত৷ সোমবাৰে পুৱাই কৰা পৰীক্ষাত তেওঁ পজিটিভ চিনাক্ত হয়। তেওঁ বৰ্তমান দক্ষিণ কলকাতাৰ এখন ব্যক্তিগত হাস্পতালত নিভৃতবাসত আছে। অৱশ্যে গাংগুলীৰ পত্নী ডোনা আৰু তেওঁৰ কন্যা ছানাৰ ক'ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ আহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি