--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ভাৰতবৰ্ষত নিষিদ্ধ ঘোষণা কৰা হ’ল নিৰ্বাচনী বণ্ড৷শেহতীয়াকৈ তথ্য জনাৰ অধিকাৰ আইনৰ দ্বাৰা লাভ কৰা তথ্য অনুসৰি ২০২৩ বৰ্ষৰ ২৯ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত জাৰি কৰা ৮৩৫০টা নিৰ্বাচনী বণ্ডৰ প্ৰতিটোৰ মুদ্ৰা মূল্য ১ কোটি টকা বুলি জানিব পৰা গৈছে। এই উত্তৰ চৰকাৰে RTI যোগে  ইতিমধ্যে প্ৰদান কৰিছে। এই সন্দৰ্ভত নৌসেনাৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াই আৰটিআই আবেদন দাখিল কৰিছিল। 

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি, নিৰ্বাচনী বণ্ড সন্দৰ্ভত আৰটিআই দাখিল কৰিছিল অৱসৰপ্ৰাপ্ত সেনা বিষয়া লোকেশ কে বাট্ৰাই। যাৰ উত্তৰত বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে কয় যে, 'নিৰ্বাচনী বণ্ডৰ কমিছন আৰু ছপা কৰাৰ বাবে চৰকাৰে ১৩.৯৪ কোটি টকা ব্যয় কৰিছে।আনহাতে এছবিআই-এ এই নিৰ্বাচনী বণ্ড নিৰ্মাণৰ অধীনত বিক্ৰীৰ বাবে জি এছ টিৰ সৈতে ১২.০৪ কোটি টকা আদায় কৰিছে। লগতে আঁচনিৰ অধীনত ধন দান কৰাসকলৰ পৰা আৰু ৰাজনৈতিক দলৰ পৰাও কোনো ধৰণৰ কৰ সংগ্ৰহ কৰা হোৱা নাই।’

প্ৰতিবেদন অনুসৰি, ২০১৮ চনত এই নিৰ্বাচনী বণ্ড আৰম্ভ হোৱাৰ পাছৰে পৰা চৰকাৰে ৩৫,৬৬০ কোটি টকাৰ ৩৩ হাজাৰ বণ্ড ছপা কৰিছে। য’ত প্ৰতিটো বণ্ডৰ মুদ্ৰা মূল্য ১ কোটি টকা। ইয়াৰ লগতে ১০ লাখ টকাৰ মুদ্ৰা মূল্যৰ ২৬,৬০০ বণ্ডো ছপা কৰা হৈছিল।

ইয়াৰ পূৰ্বে ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠে নিৰ্বাচনী বণ্ডৰ ওপৰত ৰায়দান দি অবৈধ বুলি ঘোষণা কৰে। 

উল্লেখ্য যে নিৰ্বাচন আয়োগে শীঘ্ৰে ২০২৩-২৪ বৰ্ষৰ ৰাজনৈতিক দলসমূহৰ প্ৰতিবেদন প্ৰকাশ কৰিবলৈ ওলাইছে। ২০১৮ চনৰ মাৰ্চৰ পৰা ২০২৪ চনৰ জানুৱাৰীলৈকে নিৰ্বাচনী বণ্ড বিক্ৰীৰ পৰা ১৬,৫১৮ কোটি টকাৰ ধন সংগ্ৰহ কৰা হৈছে। এই পুঁজিৰ আধাতকৈ অধিক অংশ বিজেপিয়ে লাভ কৰিছে। দলটোৱে নিৰ্বাচন আয়োগক জনাইছিল যে ২০১৭ চনৰ পৰা ২০২৩ চনৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ পৰা ৬,৫৬৫ কোটি টকা সংগ্ৰহ কৰিছিল। আনহাতে কংগ্ৰেছ দ্বিতীয় স্থানত আছিল। কংগ্ৰেছে লাভ কৰিছিল ১,১২৩ কোটি টকাৰ পুঁজি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু