--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ভাৰতবৰ্ষত নিষিদ্ধ ঘোষণা কৰা হ’ল নিৰ্বাচনী বণ্ড৷শেহতীয়াকৈ তথ্য জনাৰ অধিকাৰ আইনৰ দ্বাৰা লাভ কৰা তথ্য অনুসৰি ২০২৩ বৰ্ষৰ ২৯ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত জাৰি কৰা ৮৩৫০টা নিৰ্বাচনী বণ্ডৰ প্ৰতিটোৰ মুদ্ৰা মূল্য ১ কোটি টকা বুলি জানিব পৰা গৈছে। এই উত্তৰ চৰকাৰে RTI যোগে  ইতিমধ্যে প্ৰদান কৰিছে। এই সন্দৰ্ভত নৌসেনাৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াই আৰটিআই আবেদন দাখিল কৰিছিল। 

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি, নিৰ্বাচনী বণ্ড সন্দৰ্ভত আৰটিআই দাখিল কৰিছিল অৱসৰপ্ৰাপ্ত সেনা বিষয়া লোকেশ কে বাট্ৰাই। যাৰ উত্তৰত বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে কয় যে, 'নিৰ্বাচনী বণ্ডৰ কমিছন আৰু ছপা কৰাৰ বাবে চৰকাৰে ১৩.৯৪ কোটি টকা ব্যয় কৰিছে।আনহাতে এছবিআই-এ এই নিৰ্বাচনী বণ্ড নিৰ্মাণৰ অধীনত বিক্ৰীৰ বাবে জি এছ টিৰ সৈতে ১২.০৪ কোটি টকা আদায় কৰিছে। লগতে আঁচনিৰ অধীনত ধন দান কৰাসকলৰ পৰা আৰু ৰাজনৈতিক দলৰ পৰাও কোনো ধৰণৰ কৰ সংগ্ৰহ কৰা হোৱা নাই।’

প্ৰতিবেদন অনুসৰি, ২০১৮ চনত এই নিৰ্বাচনী বণ্ড আৰম্ভ হোৱাৰ পাছৰে পৰা চৰকাৰে ৩৫,৬৬০ কোটি টকাৰ ৩৩ হাজাৰ বণ্ড ছপা কৰিছে। য’ত প্ৰতিটো বণ্ডৰ মুদ্ৰা মূল্য ১ কোটি টকা। ইয়াৰ লগতে ১০ লাখ টকাৰ মুদ্ৰা মূল্যৰ ২৬,৬০০ বণ্ডো ছপা কৰা হৈছিল।

ইয়াৰ পূৰ্বে ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠে নিৰ্বাচনী বণ্ডৰ ওপৰত ৰায়দান দি অবৈধ বুলি ঘোষণা কৰে। 

উল্লেখ্য যে নিৰ্বাচন আয়োগে শীঘ্ৰে ২০২৩-২৪ বৰ্ষৰ ৰাজনৈতিক দলসমূহৰ প্ৰতিবেদন প্ৰকাশ কৰিবলৈ ওলাইছে। ২০১৮ চনৰ মাৰ্চৰ পৰা ২০২৪ চনৰ জানুৱাৰীলৈকে নিৰ্বাচনী বণ্ড বিক্ৰীৰ পৰা ১৬,৫১৮ কোটি টকাৰ ধন সংগ্ৰহ কৰা হৈছে। এই পুঁজিৰ আধাতকৈ অধিক অংশ বিজেপিয়ে লাভ কৰিছে। দলটোৱে নিৰ্বাচন আয়োগক জনাইছিল যে ২০১৭ চনৰ পৰা ২০২৩ চনৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ পৰা ৬,৫৬৫ কোটি টকা সংগ্ৰহ কৰিছিল। আনহাতে কংগ্ৰেছ দ্বিতীয় স্থানত আছিল। কংগ্ৰেছে লাভ কৰিছিল ১,১২৩ কোটি টকাৰ পুঁজি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী