--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰুদ্দেশ হোৱা ছাত্ৰ এজনৰ মৃতদেহ উদ্ধাৰ কৰিছে নয়ডা আৰক্ষীয়ে৷ নয়ডা আৰক্ষীয়ে এক চাঞ্চল্যকৰ অপৰাধ উন্মোচন কৰিছে৷ 

চাৰিজন যুৱকে পাৰ্টিতে হোৱা কাজিয়াৰ পিছত বন্ধুক হত্যা কৰি মৃতদেহ পথাৰত পুতি থৈছিল। ব্যৱসায়ীৰ পুত্ৰ তথা নয়ডাস্থিত বিশ্ববিদ্যালয়ৰ ছাত্ৰ যশ মিত্তল সোমবাৰৰ পৰা নিজৰ হোষ্টেলৰ পৰা নিৰুদ্দেশ হৈ আছিল। পুত্ৰৰ মুক্তিৰ বিনিময়ত ৬ কোটি টকা দাবী কৰি মুক্তিপণ বাৰ্তা আহিবলৈ আৰম্ভ কৰাৰ পাছতে তেওঁৰ পিতৃ দীপক মিত্তলে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে কেম্পাছৰ চিচিটিভি ফুটেজ স্কেন কৰাৰ সময়ত সোমবাৰে যশে ফোনত কথা পাতি থকা অৱস্থাত বিশ্ববিদ্যালয় এৰি যোৱা দেখিছিল। তেওঁৰ ফোনটোৰ কল ৰেকৰ্ডত ৰচিত নামৰ বন্ধু এজনৰ লগত কথা পতাৰ তথ্য লাভ কৰে আৰক্ষীয়ে। ৰচিতক সোধা-পোছা কৰাত আৰক্ষীয়ে জানিব পাৰিলে যে যশে প্ৰায়ে ৰচিত, শিৱম, সুশান্ত আৰু শুভমৰ সৈতে আড্ডা মাৰে।

২৬ ফেব্ৰুৱাৰীত তেওঁলোকে যশক উত্তৰ প্ৰদেশৰ আমৰোহাৰ (প্ৰায় ১০০ কিলোমিটাৰ দূৰৈৰ) গজৰৌলাৰ এখন পথাৰলৈ মাতিছিল পাৰ্টিৰ বাবে। পাৰ্টিৰ সময়ত তেওঁলোকৰ মাজত কাজিয়া আৰম্ভ হৈছিল। তেওঁলোকে যশক হত্যা কৰি মৃতদেহটো পুতি থৈছিল। ৰচিতে স্থান চিনাক্ত কৰাৰ পিছত মৃতদেহটো উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে দাদ্ৰীত আন অভিযুক্তক বিচাৰি উলিয়ায়। অভিযুক্তই পলাবলৈ চেষ্টা কৰিছিল যদিও এনকাউণ্টাৰ কৰি আৰক্ষীয়ে ধৰে। আৰক্ষীয়ে কয় যে, "আমি অঞ্চলটো ঘেৰাও কৰি তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছো। আৰু এজন অভিযুক্ত শুভম পলাতক হৈ আছে। আমি তেওঁক অতি সোনকালে ধৰিম।"

যুৱকজনৰ মৃতদেহ খান্দি উলিওৱাৰ পিছত তেওঁৰ পিতৃ-মাতৃ শোকত ভাগি পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু