--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰুদ্দেশ হোৱা ছাত্ৰ এজনৰ মৃতদেহ উদ্ধাৰ কৰিছে নয়ডা আৰক্ষীয়ে৷ নয়ডা আৰক্ষীয়ে এক চাঞ্চল্যকৰ অপৰাধ উন্মোচন কৰিছে৷ 

চাৰিজন যুৱকে পাৰ্টিতে হোৱা কাজিয়াৰ পিছত বন্ধুক হত্যা কৰি মৃতদেহ পথাৰত পুতি থৈছিল। ব্যৱসায়ীৰ পুত্ৰ তথা নয়ডাস্থিত বিশ্ববিদ্যালয়ৰ ছাত্ৰ যশ মিত্তল সোমবাৰৰ পৰা নিজৰ হোষ্টেলৰ পৰা নিৰুদ্দেশ হৈ আছিল। পুত্ৰৰ মুক্তিৰ বিনিময়ত ৬ কোটি টকা দাবী কৰি মুক্তিপণ বাৰ্তা আহিবলৈ আৰম্ভ কৰাৰ পাছতে তেওঁৰ পিতৃ দীপক মিত্তলে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে কেম্পাছৰ চিচিটিভি ফুটেজ স্কেন কৰাৰ সময়ত সোমবাৰে যশে ফোনত কথা পাতি থকা অৱস্থাত বিশ্ববিদ্যালয় এৰি যোৱা দেখিছিল। তেওঁৰ ফোনটোৰ কল ৰেকৰ্ডত ৰচিত নামৰ বন্ধু এজনৰ লগত কথা পতাৰ তথ্য লাভ কৰে আৰক্ষীয়ে। ৰচিতক সোধা-পোছা কৰাত আৰক্ষীয়ে জানিব পাৰিলে যে যশে প্ৰায়ে ৰচিত, শিৱম, সুশান্ত আৰু শুভমৰ সৈতে আড্ডা মাৰে।

২৬ ফেব্ৰুৱাৰীত তেওঁলোকে যশক উত্তৰ প্ৰদেশৰ আমৰোহাৰ (প্ৰায় ১০০ কিলোমিটাৰ দূৰৈৰ) গজৰৌলাৰ এখন পথাৰলৈ মাতিছিল পাৰ্টিৰ বাবে। পাৰ্টিৰ সময়ত তেওঁলোকৰ মাজত কাজিয়া আৰম্ভ হৈছিল। তেওঁলোকে যশক হত্যা কৰি মৃতদেহটো পুতি থৈছিল। ৰচিতে স্থান চিনাক্ত কৰাৰ পিছত মৃতদেহটো উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে দাদ্ৰীত আন অভিযুক্তক বিচাৰি উলিয়ায়। অভিযুক্তই পলাবলৈ চেষ্টা কৰিছিল যদিও এনকাউণ্টাৰ কৰি আৰক্ষীয়ে ধৰে। আৰক্ষীয়ে কয় যে, "আমি অঞ্চলটো ঘেৰাও কৰি তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছো। আৰু এজন অভিযুক্ত শুভম পলাতক হৈ আছে। আমি তেওঁক অতি সোনকালে ধৰিম।"

যুৱকজনৰ মৃতদেহ খান্দি উলিওৱাৰ পিছত তেওঁৰ পিতৃ-মাতৃ শোকত ভাগি পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী